Friday, April 19, 2024
Homeবাতৰিঅৰুণাচলৰ ছীজ’ছাত নৰ্থ–ইষ্ট বাটাৰফ্লাই মীট–২০১৮

অৰুণাচলৰ ছীজ’ছাত নৰ্থ–ইষ্ট বাটাৰফ্লাই মীট–২০১৮

প্ৰকাশিত তাৰিখঃ ৮ অক্টোবৰ, ২০১৮

চি এন ডেক্স

ছীজ’ছা অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং জিলাত অৱস্থিত। ৰাজধানী চহৰ ইটানগৰৰ পৰা ১৩৪ কিলোমিটাৰ দূৰত অৱস্থিত  এই ছীজ’ছা এলেকাই হ’ল ১৮০ বিধ বিৰল প্ৰজাতিৰ পখিলাৰ আৱাসস্থল। যিখন অৰণ্য আৰহ’পালা অ’নিয়া (Arhopala Oenea), ক্ৰেটিয়াছ চাইৰিনা (Creteus Cyrina’), আৰু চেৰছ’ নেছিয়া ইণ্টাৰমিডিয়া (Chersonesia Intermedia)ৰ দৰে অতি গুৰুত্বপুৰ্ণ প্ৰজাতিৰ পখিলাৰ আবাসভূমি।

পখিলাৰ ওপৰত উদ্‌গণি যোগোৱাৰ উদ্দেশ্যে উত্তৰ–পূৰ্বাঞ্চলৰ পখিলা গোটে (The Butterflies of Northeast India Group) প্ৰতি বছৰে আয়োজন কৰি আহিছে এই পখিলা সন্মিলন। এইবাৰৰ ৫ম্‌ সংখ্যক ‘নৰ্থ–ইষ্ট বাটাৰফ্লাই মীট– ২০১৮’ সন্মিলনখন যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ ‘পাক্কে বন্যপ্ৰাণী অভয়াৰণ্য আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত (Pakke Wildlife Sanctuary & Tiger Reserve) অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবেশ আৰু বন বিভাগে নুমলিগড় ৰিফাইনেৰী লিমিটেড (NRL), ব’ম্বে নেচাৰেল হিষ্ট’ৰী ছ’চাইটী (BNHS) আৰণ্যক (Aaranyak), বাম’চ (BAMOS), ৱিকি বাটাৰফ্লাই লাভাৰ এণ্ড ফ্লুটাৰচ্‌ ৱেৱচাইট (WIKI Butterfly Lovers and Flutters Website) আৰু গুণুজিৰ’ৰ (NgunuZiro) সহযোগত এই পখিলা সন্মিলন আয়োজন কৰে।

‘নৰ্থ–ইষ্ট বাটাৰফ্লাই মীট’ হ’ল মত বিনিময়ৰ এখন উমৈহতীয়া মঞ্চ। এই মঞ্চৰ যোগেদি পখিলা আৰু বন্যপ্ৰাণী গৱেষকসকলে সততে বন বিভাগৰ কৰ্মীসকলৰ সৈতে মতবিনিময় কৰিব পাৰে। উক্ত সন্মিলনত অসম, মেঘালয়,পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আদি ৰাজ্য সমূহৰ পৰা বহুকেইগৰাকী পখিলাপ্ৰেমী আৰু বন্যপ্ৰাণী গৱেষকে অংশ গ্ৰহণ কৰে। 

ছিজ’ছাৰ অতিৰিক্ত উপায়ুক্ত টি আৰ টাপুৱে উদ্বোধন কৰা সন্মিলনখনত পাক্কে বন্যপ্ৰাণী অভয়াৰণ্য আৰু ব্যাঘ্ৰ প্ৰকল্পৰ মাণ্ডলিক বন বিষয়া টানা টাপি আৰু ঘোৰা আবে ছ’চাইটীৰ অধ্যক্ষ টাকাম নবামে অংশ গ্ৰহণ কৰে।

উদ্বোধনী সভাত অতিৰিক্ত উপায়ুক্ত টি আৰ টাপুৱে কয় যে, জৈৱ–বৈচিত্ৰৰ ক্ষেত্ৰত পাক্কেৰ স্থান অতি গুৰুত্বপূৰ্ণ। অঞ্চলটোৰ জৈৱিক উৎকৰ্ষ সাধনত পাক্কেই মুখ্য ভূমিকা পালন কৰি আহিছে। শিক্ষানুষ্ঠান, কাৰ্যালয় আৰু আবাসীসকলৰ ঘৰৰ সন্মুখত পখিলাৰ বাবে বৰ্ধিক সংখ্যক বাগিছা স্থাপন কৰি প্ৰকৃতি আৰু পৰিবেশৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰতো তেখেতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।        

মাণ্ডলিক বন বিষয়াগৰাকীয়ে সন্মিলনত অংশগ্ৰহণকাৰী সকলক অৰুণাচলৰ অন্যান্য অঞ্চল সমূহতো ভিন্ন প্ৰজাতিৰ পখিলাৰ আবাসভূমি থকাৰ কথা ব্যক্ত কৰে। তদুপৰি বিষয়াগৰাকীয়ে এই সভাতে ‘নৰ্থ–ইষ্ট বাটাৰফ্লাই মীট– ২০১৯’ শীৰ্ষক ৬ষ্ঠ খন সন্মিলন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত আয়োজন কৰাৰ কথাও ঘোষণা কৰে।

উল্লেখযোগ্য যে, ‘নৰ্থ–ইষ্ট বাটাৰফ্লাই মীটৰ প্ৰথম আৰু দ্বিতীয় সন্মিলন অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত, তৃতীয় সন্মিলন মেঘালয়ৰ গাৰো পাহাৰত আৰু ৪ৰ্থখন সন্মিলন ছিকিমত অনুষ্ঠিত হৈছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward