Friday, March 29, 2024
Homeবাতৰিআঘাতপ্ৰাপ্ত হৰিণা উদ্ধাৰ মণিপুৰত

আঘাতপ্ৰাপ্ত হৰিণা উদ্ধাৰ মণিপুৰত

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

কইজাম ৰাণাকান্ত আৰু নংথমবাম ৰোহিত নামৰ দুজন সৰু ল’ৰাৰ বাবে প্ৰাণৰক্ষা পৰে এটি হৰিণাৰ। এই ল’ৰা দুজনৰ ঘৰ থউবাল জিলাৰ আৱাং লেইকাই নামৰ মণিপুৰৰ এখন ভিতৰুৱা গাঁৱত।

বাতৰিত প্ৰকাশ যে, আজি কিছুদিন আগতে গাঁওৰ উক্ত অঞ্চলৰ হাবিত প্ৰবেশ কৰে চিকাৰী কুকুৰ লগত লৈ বিশজনীয়া অস্ত্ৰধাৰী এটি চিকাৰীৰ দল। এই দলটোই হৰিণা এটি খেদি খেদি মাৰিব খোজে। হৰিণাটোই শৰীৰত বিভিন্ন আঘাত লৈ উক্ত ল’ৰা দুজনৰ ওচৰত উপস্থিত হয়। হৰিণাৰ পিচ লোৱা চিকাৰীৰ দলটোও পিচ মূহুৰ্ততে সেই ঠাইত উপস্থিত হয়। আৰু হৰিণাটো তেওঁলোকৰ হাতত গতাই দিবলৈ ল’ৰা দুজনক দাবী-ধমকী দিয়ে। কিন্তু সেই দাবী-ধমকীৰ প্ৰতি কেৰেপ নকৰি ল’ৰা দুজনে ওলোটাই ফেপেৰিহে পাতে।

ঠিক তেনে সময়তে ঘটনাস্থলীত আৰক্ষীৰ সৈতে পিপুল ফ’ৰ এনিমেলছৰ সদস্য উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিপুল ফ’ৰ এনিমেলছৰ সদস্যসকলে আঘাতপ্ৰাপ্ত হৰিণাটোক তৎকালে চিকিৎসাৰ ব্যৱস্থা কৰে।

হৰিণাটো সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে মণিপুৰ জুল’’জিকেল পাৰ্কৰ তত্ত্বাৱধানত ৰখা হয়। হৰিণাটো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিলে পুনৰ জংঘলত এৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে –পিপুল ফ’ৰ এনিমেল্ছ, মণিপুৰৰ পৰিচালন ন্যাসৰক্ষী এল বিশ্বজিৎ মেইটেই।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward