Thursday, April 25, 2024
HomePHOTOGRAPHYকামৰূপ জিলা ক্ৰীড়া সন্থাৰ আন্তঃজিলা ক্ৰীড়ানুষ্ঠান

কামৰূপ জিলা ক্ৰীড়া সন্থাৰ আন্তঃজিলা ক্ৰীড়ানুষ্ঠান

প্ৰকাশিত তাৰিখঃ ২৬ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলা ক্ৰীড়া সন্থাই আমৰাঙ্গা বৰিহাট ক্ৰীড়া সন্থাৰ সহযোগত আন্তঃজিলা ক্লাৱ এথলেটিকচ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২৫ আৰু ২৬ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আমৰাঙ্গা বৰিহাট মিনি ষ্টেডিয়ামত এই ক্ৰীড়া প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়।

উল্লেখ্য যে, উক্ত প্ৰতিযোগিতাত ক্ৰমে– ১৪, ১৬, ১৮ আৰু ২০ বছৰ অনুৰ্ধৰ পুৰুষ–মহিলা খেলুৱৈসকলে অংশ গ্ৰহণ কৰে। দুদিনীয়া প্ৰতিযোগিতাখনত জিলাৰখনৰ শুৱালকুছি ক্ৰীড়া সন্থা, দক্ষিণ কামৰূপ ক্ৰীড়া সংঘ, পছৰীয়া য়ুথ এথলেটিকচ ক্লাৱ, এথলেটিকচ ক্লাৱ বৰিহাট, হাজী আঞ্চলিক স্পৰ্ট একাডেমী, ছয়গাঁও ক্ৰীড়া সন্থা আৰু আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে।

বিভিন্ন সংগঠন, বিদ্যালয়ৰ পৰা অংশ গ্ৰহণ কৰা খেলুৱৈ সকলে ২০০ মিটাৰ, ৮০০ মিটাৰ, ৫০০০ মিটাৰ, ১০০০০ মিটাৰ দৌৰ, ছটপুট, লং জাম্প, ডিচকাচ থ্ৰ’ আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি উৎকৃষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward