Wednesday, April 24, 2024
HomeNEWSবৰপেটাত উচ্ছেদঃ চৰ–চাপৰি সাহিত্য পৰিষদৰ গভীৰ উদ্বেগ প্ৰকাশ

বৰপেটাত উচ্ছেদঃ চৰ–চাপৰি সাহিত্য পৰিষদৰ গভীৰ উদ্বেগ প্ৰকাশ

প্ৰকাশিত তাৰিখঃ ২৭ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্য চৰকাৰে অমানৱীয়ভাবে দৰিদ্ৰ খেতিয়কসকলক কৰা উচ্ছেদ কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে। বৰ্তমান উচ্ছেদিত পৰিয়াল সমূহে হাড় কঁপোৱা শীতত মুকলি আকাশৰ তলত জীৱন–যাপন কৰিবলগীয়া হৈছে। পৰিষদৰ সভাপতি ড হাফিজ আহমেদ আৰু প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে এক প্ৰেছ বিজ্ঞাপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সত্ৰকনৰাত ৪৫টা দৰিদ্ৰ খেতিয়ক পৰিয়ালক উচ্ছেদ কৰি থকা হৈছে। অকল বৰপেটাতে নহয়, অলপতে নগাঁও জিলাৰ বটদ্ৰৱাতো বহুকেইটা পৰিয়ালক উচ্ছেদ কৰিছিল। পুনসংস্থাপনৰ ব্যৱস্থা নকৰি এই পৰিয়াল সকলক উচ্ছেদ কৰা কাৰ্য অকল অমানৱীয়ই নহয়, ই সংবিধান বিৰোধীও।

উল্লেখযোগ্য যে, সত্ৰকনৰাৰ উচ্ছেদিতসকল বাঘবৰ সমষ্টিৰে লোক। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তেওঁলোকৰ মাটি-ভেটি খহাই নিয়াৰ পিছত উপায়ন্তৰ হৈ তেওঁলোকে পূৰ্বে চৰকাৰী মাটি আবন্টন পোৱা লোকৰ পৰা মাটি কিনি লৈ প্ৰায় কুৰি বছৰ ধৰি তাত বসবাস কৰি আছিল। এইসকল লোকক ভূমি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আছিল। কিন্তু চৰকাৰে সেই দায়িত্ব পালন কৰাৰ পৰিবৰ্তে তেওঁলোকে নিজে যোগাৰ কৰি লোৱা ভূমিৰ পৰাও উচ্ছেদ হ’বলগীয়া হ’ল।

গৰাখহনীয়া অসমৰ এক জ্বলন্ত সমস্যা। অসমৰ ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগে ১৯৫৪ চনৰ পৰা ১৯৬৯ চনলৈ চলোৱা সমীক্ষাৰ পৰা এই কথা জনা যায় যে, অসমত প্ৰতি বছৰে গড়ে ২৫৩খন গাঁও আৰু প্ৰায় ৮০৯১ হেক্টৰ মাটি গৰাখহনীয়াৰ কবলত পৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিধানসভাত দাঙি ধৰা এক তথ্যমতে ১৯৫৪ চনৰ পৰা ২০০৭ চনলৈকে গৰাখহনীয়াৰ কবলত পৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪,২৫,৯৩২৩ হেক্টৰ ভূমি নিশ্চিহ্ন হৈছে। ৰাজ্যৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰি এনে বৃহৎ পৰিমাণৰ ভূমি নিশ্চিহ্ন হোৱাৰ ফলত গৃহহীন হৈছে আঠ লক্ষাধিকলোক। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় আঠ শতাংশ ভূমি গৰাখহনীয়াই খহাই নিছে। যাৰ ফলত ভূমিহীন হৈছে- ৰাজ্যখনৰ প্ৰায় কুৰি লাখ লোক। ইয়াৰে ১৩–১৪ লাখ লোক চৰ-চাপৰিবাসী। এই লোকসকলৰ পাঁচ শতাংশকো চৰকাৰে পুনসংস্থাপিত কৰা নাই। সেয়া পূৰ্বৰ কংগ্ৰছী চৰকাৰেই হওঁক বা বৰ্তমানৰ বিজেপি চৰকাৰেই হওঁক। সত্ৰকনৰাৰ আজিৰ এই উচ্ছেদিত গৰাখহনীয়া পীড়িত লোকসকলকো কোনো চৰকাৰেই পুনসংস্থাপিত কৰা নাছিল। উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি বাঘবৰ সমষ্টিৰ ৬৫খন গাঁও সম্পূৰ্ণ নিশ্চিহ্ন হৈছে, কেতবোৰ গাঁও আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই ৬৫খন গাঁৱৰ লক্ষাধিক গৰাখহনীয়াগ্ৰস্থলোকৰ এক শতাংশকো কিন্তু পুনসংস্থাপিত কৰা হোৱা নাই।

উচ্ছেদৰ পূৰ্বে লোকসকলক পুনসংস্থাপিত কৰাৰ বাবে গণতান্ত্ৰিকভাবে দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। প্ৰশাসনে প্ৰতিবাদী বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি বৰপেটা থানাত আবদ্ধ কৰি ৰাখে আৰু পিছত মুকলি কৰি দিয়ে। যিসময়ত এনে অমানৱীয় উচ্ছেদৰ বিপক্ষে আমাৰ জনপ্ৰতিনিধি সকলে মাত মাতিবৰ সাহসেই নাপায়, সেইসময়ত তেওঁ প্ৰতিবাদ কৰি তেওঁৰ দায়বদ্ধতা তথা সাহসিকতাৰ পৰিচয় দিছে। ইয়াৰ বাবে পৰিষদে তেওঁৰ শলাগ লৈছে।

সত্ৰকনৰাৰ উচ্ছেদিত ভূমিহীন লোকসকলক এমাহৰ ভিতৰতে পুনসংস্থাপিত কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ পৰিষদে দাবী জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward