Saturday, April 20, 2024
Homeবাতৰিআন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ এগৰাকীক পঢ়াবলৈ মাতৃয়ে বিক্ৰী কৰিছে শাক–পাচলি

আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ এগৰাকীক পঢ়াবলৈ মাতৃয়ে বিক্ৰী কৰিছে শাক–পাচলি

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান যমুনা বড়ো। পিতৃহীন ছোৱালীজনীৰ একমাত্ৰ সাৰথী তাইৰ মাক নোমলি বড়ো। পৰিয়ালটোৰ আয় বুলিবলৈ ৰে’ল ষ্টেচনত বিক্ৰী কৰা শাক–পাচলিৰ এখন সৰু দোকান। এবেলা খালে এবেলাৰ চিন্তা এই পৰিয়াল এটাৰ ১৯ বছৰীয়া তৃতীয় কন্যা সন্তান যমুনা বড়ো। বৰ্তমান শোণিতপুৰ জিলাৰ বেলশিৰি অঞ্চলৰ ৰে’লৱে ষ্টেচনৰ গাতে অস্থায়ীভাৱে সজা এটি উৰখা পঁজাত বাস কৰে মাতৃসহ যমুনা বড়ো।

সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলত দেশক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা যমুনা বড়োই ১০ বছৰ বয়সতে স্থানীয় জনস্মীথ নাৰ্জাৰীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। সেই বয়সতে ঢেকীয়াজুলিত অনুষ্ঠিত হোৱা উশ্বু চেম্পিয়নশ্বীপত যোগাদান কৰি সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। পিচত ওদালগুৰিত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ উশ্বু খেল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈৰ যোগ্যতা অৰ্জন কৰিছিল। সেই খেলখনত ছাই কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাত পৰৱৰ্তী সময়ত যমুনাই ছাই কেন্দ্ৰতে বক্সিং প্ৰশিক্ষণৰ সুবিধা লাভ কৰে।

২০১০ চনত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বীপ অনুষ্ঠিত হৈছিল তামিলনাডুৰ ইৰ’ডত। যমুনাই সেইখন চেম্পিয়নশ্বীপত ৪২ কেজি শাখাত সোণৰ পদক লাভ কৰে। ইণ্ডিয়ান বক্সিং ফেডাৰেচনে কলকাতাত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় বক্সিং খেলখনত অসমক প্ৰতিনিধিত্ব কৰাৰ লগতে ৫২–৫৪ কেজি শাখাত সোণৰ পদক লাভ কৰে। ফেডাৰেচনে চেন্নাইত আয়োজন কৰা ২য় ছাব–জুনিয়ৰ মহিলা বক্সিং চেম্পিয়নশ্বীপৰ ৫২–৫৪ কেজি শাখাত লাভ কৰে সোণৰ পদক।

২০১৩ চনত ছাৰ্বিয়াত অনুষ্ঠিত মহিলা বক্সিং খেলত অংশ গ্ৰহণ কৰি পৰা যমুনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হয়। সেই বৰ্ষতে বুলগেৰিয়াত অনুষ্ঠিত ছাব জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বীপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো পদক লাভৰ পৰা বঞ্চিত হয়। ৰাছিয়াত অনুষ্ঠিত যুৱ ছকোৱালি বক্সিং প্ৰতযোগিতাত ৬০ কেজি শাখাত ব্ৰঞ্জৰ পদক আৰু মানপত্ৰ লাভ কৰাৰ উপৰি দেশক প্ৰতিনিধিত্ব কৰে।

২০১৫ চনত চুবুৰীয়া ৰাষ্ট্ৰ চীনত অনুষ্ঠিত বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বীপত দেশক প্ৰতিনিধিত্বৰে ৫৭ কেজি শাখাৰ ব্ৰঞ্জৰ পদক আজুৰি আনে।

এতিয়া যমুনা বড়োৰ সন্মুখত প্ৰধান লক্ষ্য হ’ল ২০২০ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক খেল। এই অলিম্পিকত যোগদান কৰি সোণৰ পদক জিকাৰ সপোন পুহি ৰখাই নহয় দৃঢ় সংকল্পও গ্ৰহণ কৰিছে। কিন্তু পদে পদে বাধাৰ সৃষ্টি কৰিছে ঘৰৰ আৰ্থিক দাৰিদ্ৰতাই। শাক–পাঁচলি বিক্ৰেতা মাকৰ অনুভৱ হয় জীয়েকৰ প্ৰতিভাৰ উত্তৰণৰ সময়ত কৰবাত থমকি ৰ’ব লাগিব নেকি?

আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাবান এই খেলুৱৈগৰাকীক আজিলৈ ৰাজ্যৰ কোনো দল–সংগঠন অথবা ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে আৰ্থিকভাৱে সহায় আগবঢ়োৱা নাই। ৰাজ্য চৰকাৰ কিম্বা দল–সংগঠনে আৰ্থিকভাৱে সহায় আগবঢ়াওক যাতে খেলুৱৈগৰাকীৰ প্ৰতিভা বিকাশত কোনো য’তি নপৰে, এই দাবী অঞ্চলটোৰ ৰাইজৰ।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward