Friday, March 29, 2024
Homeবাতৰিচৌদিশৰ বানপানীয়ে ৰাজ্যত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে

চৌদিশৰ বানপানীয়ে ৰাজ্যত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বান বিধ্বস্ত অসম। ৰাজ্যৰ চৌপাশত এতিয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ প্ৰতিখন সৰু–বৰ নৈ–উপনৈ ফেনে ফোটোকাৰে ওফন্দিছে। ৰাজ্যৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ আৰু বৰাকত বহু স্থানত বিপদ সীমাৰ ওপৰেৰে পানী বৈ আছে।

ৰাজ্যখনৰ ২৪খন জিলাত আঢ়ৈ হাজাৰতকৈও অধিক গাঁও প্লাৱিত হোৱাৰ ফলত ১৭ লক্ষাধিক লোক আক্ৰান্ত হৈছে। লাখ লাখ বিঘা কৃষি ভূমি বানত উছন হ’ল। কালান্তুক বানে ৪৫জন লোকৰ প্ৰাণ কাঢ়ি নিছে। এইয়া চৰকাৰী হিচাপ যদিও বেচৰকাৰী হিচাপমতে ইয়াৰ সংখ্যা অধিক হ’ব।

ৰাজ্যৰ বানাক্ৰান্ত সকলে সঠিক পৰিমাণৰ উদ্ধাৰ–সাহাৰ্য লাভ কৰা নাই চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱাইছে। বান কৱলিত মৰিগাঁও, বৰপেটা, ধুবুৰী, দক্ষিণ শালমাৰা, ধেমাজি, লখিমপুৰ, মাজুলী এই জিলাকেইখনত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছে। এতিয়ালৈ চৰকাৰে ১২৩টা আশ্ৰয় শিৱিৰ আৰু ১৭১ টা সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে বিভিন্ন জিলাত। যদিও উক্ত শিৱিৰত ১৭ লাখ বানাক্ৰান্তৰ বিপৰীতে ৩১ হাজাৰজনকহে আশ্ৰয় দিবলৈ সমৰ্থ হৈছে।

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুঁজি মোকোলাই দিয়া বুলি ঘোষণা কৰিছে। এই পুঁজি ৰাজ্যৰ প্রতিখন জিলাৰ উপায়ুক্তক দিয়া বুলি ঘোষণা কৰিছে যদিও কাৰ্যত ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে। বানাক্ৰান্তই সাহাৰ্য অবিহনে থাকিব লগা হোৱাত শিৱিৰে শিৱিৰে ভোকৰ জ্বালাত শিশু–বৃদ্ধৰ ক্ৰন্দনৰ ৰোল উঠা দৃশ্যও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আনহাতে বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ বানাক্ৰান্তক সহায় কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে বান সাহাৰ্য মুকলি কৰি দিয়া বুলি প্ৰকাশ কৰে। লগতে স্বাস্থ্য আৰু পশু চিকিৎসা বিভাগসমূহকো সাজু কৰি ৰখা বুলি উল্লেখ কৰে। বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰয়োজনীয় ধন মজুত আছে বুলিও কয়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward