Friday, March 29, 2024
Homeবাতৰিবিভাগীয় কৰ্তৃপক্ষৰ বন্ধ ঘোষণাঃ পৰ্যটকে দৰ্শন কৰিব নোৱাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু...

বিভাগীয় কৰ্তৃপক্ষৰ বন্ধ ঘোষণাঃ পৰ্যটকে দৰ্শন কৰিব নোৱাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য–

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যত যোৱা ১৬ মে’ৰ পৰা দেশী–বিদেশী সকলো পৰ্যটকৰ বাবে দৰ্শন বন্ধ ঘোষণা কৰিছে বন বিভাগে। প্ৰতি বৰ্ষৰ ১৬ মে’ত প্ৰৱেশ বন্ধ আৰু ১ অক্টোবৰত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়। পুনৰ মুকলি নকৰা পৰ্যন্ত কোনো দৰ্শকে প্ৰৱেশ কৰিব নোৱাৰিব।

উল্লেখনীয় যে বিগত ১ অক্টোবৰৰ পৰা আৰম্ভ কৰি চলিত বৰ্ষৰ ১৫ মে’লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৭ হাজাৰ ৮৪২ গৰাকী বিদেশী পৰ্যটকে দৰ্শন কৰে। লগতে ১ লাখ ৭০ হাজাৰ ৭৮ গৰাকী দেশীয় পৰ্যটকে দৰ্শন কৰে। বিগত বৰ্ষত ১ লাখ ৭৭ হাজাৰ ৯২০ গৰাকী দেশী–বিদেশী পৰ্যটকে উদ্যানখন দৰ্শন কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক এছ এন সিঙে কয়– বৰ্দ্ধিত পৰ্যটকৰ আগমণে ৰাজহৰ পৰিমাণো বৃদ্ধি কৰিছে। বৰ্ষটোত ৫ কোটি ৩৯ লাখ ৩ হাজাৰ ৯৫৭ টকা ৰাজহ সংগ্ৰহ কৰা বুলি ব্যক্ত কৰে। পৰ্যটকৰ পৰা সংগৃহীত ৰাজহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ঠিক তেনেদৰে পবিতৰা অভয়াৰণ্যত ২০১৬–১৭ বৰ্ষত ৪২৩ গৰাকী বিদেশী ২১,৮৯৫ গৰাকী দেশীয় আৰু ৮৭৫ গৰাকী শিক্ষাৰ্থীয়ে দৰ্শন কৰে। বৰ্ষটোত পৰ্যটকৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ৪০, ০২,২৭৫ টকা।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward