Friday, March 29, 2024
Homeবাতৰিজননেতা ভীমবৰ দেউৰীৰ ১১৪ তম্ জন্ম বাৰ্ষিকী

জননেতা ভীমবৰ দেউৰীৰ ১১৪ তম্ জন্ম বাৰ্ষিকী

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

যোৱা ১৬ মে’ত জননেতা ভীমবৰ দেউৰীৰ ১১৪তম্ জন্ম বাৰ্ষিকী পালন কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত জনগোষ্ঠীয় লোককৃষ্টি সমাৰোহ, অসমৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান।

ড০ শীল চন্দ্ৰ দেউৰীয়ে স্মৃতি তৰ্পন কৰাৰ পিচতে আলোচনা সভাৰ সঞ্চালক ৰূপে বিশিষ্ট চিন্তাবিদ ইন্দিবৰ দেউৰীয়ে আৰু ড০ ষড়ানন দেউৰীয়ে পৰ্যবেক্ষকৰ আসন গ্ৰহণ কৰে। অনুপ দেউৰীয়ে আলোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা আবঢ়োৱাৰ পিচতে ‘ভীমবৰ দেউৰীৰ কৰ্মৰাজী, জীৱন দৰ্শন আৰু ইয়াৰ প্ৰাসংগিকতা’ শীৰ্ষক এক আলোচনা চক্ৰ আয়োজন কৰা হয়।

উক্ত আলোচনা চক্ৰত আলোচক হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, সাহিত্যিক ডা০ অনিল ভৰালী, জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ সভাপতি প্ৰফুল্ল হাফিলাই অংশ গ্ৰহণ কৰি জননেতাগৰাকীৰ জীৱন–দৰ্শন ভিত্তিক বহুমূলীয়া বক্তব্য দান কৰে। তদুপৰি জননেতা ভীমবৰ দেউৰীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ, অসমে সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ– জননেতা ভীমবৰ দেউৰীৰ নামত অসমৰ সৰু–বৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক–কলা–কৃষ্টি সংৰক্ষণ, বিকাশ, প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ বাবে গুৱাহাটীত জনগোষ্ঠীয় লোক–কলা–কৃষ্টিৰ বিকাশ আৰু গবেষণা কেন্দ্ৰ নিৰ্মাণ কৰা, অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ সামূহিক উন্নয়ন তথা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমূহ বেদখল মুক্ত কৰা, জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে অসমৰ ভূমিত প্ৰকৃত খিলঞ্জীয়াসকলৰ বাবে ভূমি আৰু ৰাজনৈতিক অধিকাৰ ১০০ শতাংশ নিশ্চিত কৰা, বিদ্যালয়ৰ পাঠ্যক্ৰম সমূহত ভীমবৰ দেউৰীৰ জীৱনী অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক দাবী জনোৱা। লগতে আগন্তুক গণতন্ত্ৰ দিৱসত জননেতা ভীমবৰ দেউৰীক ভাৰত ৰত্ন প্ৰদানৰ লগতে জননেতাগৰাকীৰ জীৱন ভিত্তিক তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward