Saturday, April 20, 2024
Homeপ্ৰবন্ধআন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ থলুৱা আলংকাৰিক মাছৰ ব্যৱসায়িক সমাদৰ

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ থলুৱা আলংকাৰিক মাছৰ ব্যৱসায়িক সমাদৰ

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

অসমৰ থলুৱা আলংকাৰিক মাছ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক ক্ষেত্ৰত এক বৃহৎ স্থান দখলৰ সম্ভাৱনা আছে। চন্দা, বিছা, খলিহনা, তুৰা, ককিলা, চেং, গৰৈ, পুঠি, মোৱা, দৰিকণা এই মাছবোৰ এটা সময়ত অসমৰ খাল-বিল, নদী সমূহত উভৈনদী আছিল যদিও সম্প্ৰতি ই বিলুপ্তিৰ পথত। যিবোৰ মাছৰ সৌন্দৰ্যত মানুহ বিমোহিত হয় সেই মাছবোৰেই এতিয়া আমাৰ মাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰিছে। অসমবাসীৰ বাবে এয়া দুঃখবৰ। অসমৰ থলুৱা বজাৰত অতি কম দামত পোৱা মাছবোৰ কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দাম অধিক। ক্ৰমাৎ হে’ৰাই যাব ধৰা এই মাছবোৰক বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে ব্যৱসায়িকভাৱে অধিক উৎপাদন কৰিব পাৰিলে অসমৰ নিৱনুৱা সমস্যা কিছু পৰিমাণে সমাধান হ’ব। অসমৰ আগ্ৰহী নিৱনুৱাসকলে আত্মসংস্থাপনৰ বাবে এই ব্যৱাসয়ত মনোনিবেশ কৰিব পাৰে।

আলংকাৰিক মাছ একুৱেৰিয়ামত সজাই থৈ তাৰ সৌন্দৰ্য উপভোগ কৰা হয়। এই মাছ সৌন্দৰ্য বৰ্ধন লগতে ধৰ্মীয় বিধি ৰক্ষাৰ বাবেও ৰখা হয়। আলংকাৰিক মাছৰ এক নান্দনিক গতি আছে। সেই গতিয়ে মানুহৰ ভাৰাক্ৰান্ত মন–প্ৰাণ প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তুলিব পাৰে। উক্ত কাৰণতে এই মাছৰ চাহিদা আৰু জনপ্ৰিয়তা জগতজুৰি খ্যাত। প্ৰচুৰ সম্ভৱনাপূৰ্ণ এই মাছবিধৰ ব্যৱসায়িক ভিত্তিত পালন আৰু এই ব্যৱসায়টোৰ প্ৰতি মানুহবোৰক আগ্ৰহী কৰি তোলাৰ উদ্যোগ অসম চৰকাৰেই দেখোন গ্ৰহণ কৰিব পাৰে।

সাধাৰণতে শাৰীৰিক গঠন প্ৰক্ৰিয়া, গাৰ বৰণ, দেহৰ চাল–চলন, খাদ্যাভাস আৰু দূৰ্লভতাৰ ওপৰত ভিত্তি কৰিহে আলংকাৰিক মাছ হিচাপে স্বীকৃতি দিব পৰা যায় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। অসমত প্ৰায় ১৫০–২০০ বিধমান আলংকাৰিক মাছ পোৱা যায়। তাৰ ভিতৰত চন্দা, বিছা, খলিহনা, তুৰা, ক’কিলা, চেং, গৰৈ, পুঠি, মোৱা, দৰিকণা আদিয়েই প্ৰধান। অসমৰ থলুৱা মাছ বিদেশৰ বজাৰত আলংকাৰিক হিচাহে যথেষ্ট সমাদৰ আছে।

অসমত যি মাছৰ কিলোই প্ৰতি ৫০–৬০ টকা সেই মাছ আন্তঃৰাষ্ট্ৰীয় বজাৰত হ’ব কমেও ১৫–২০ হাজাৰ টকা। এচাম আন্তঃৰাজ্যিক চোৰাং বেপাৰীয়ে অসমীয়া মানুহৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি মুনাফা অৰ্জন কৰি আছে। অতি কম দামত ক্ৰয় কৰি সেইবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চহাৰত বিক্ৰী কৰি আছে। এই কথা সময়ে সময়ে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ থাকে। এই সুযোগ পশ্চিম বংগ, তামিলনাডু, কেৰেলাই গ্ৰহণ কৰি থকা বুলি সততে উল্লেখ কৰিব পাৰি। আশ্চাৰ্যকৰ বিষয় যে, আন্তঃৰ্জাতিক পৰ্যায়ৰ ছিংগাপুৰত অৱস্থিত বিশ্বৰ মূল বজাৰখনলৈ কিন্তু সিংহভাগ আলংকাৰিক মাছ ৰপ্তানি হয় অসমৰ পৰাহে। সেয়ে অসমত আলংকাৰিক মাছৰ ব্যৱসায়িক সম্ভাৱনীয়তা প্ৰচুৰ বুলিব পাৰি। অৰ্থাৎ বিশ্বৰ মূল বজাৰত আলংকাৰিক মাছ ৰপ্তানিৰ সুযোগ অসমেও গ্ৰহণ কৰিব পাৰে।

ব্যৱসায়িক ভিত্তিত আলংকাৰিক মাছৰ খেতি আৰম্ভ কৰিব খুজিলে ইচ্ছুক ব্যক্তিসকলে Marine Products Export Development Authority (MPEDA), National Bank for Agriculture and Rural Development (NABARD), North Eastern Development Financial Institutions (NEDFi)আদি প্ৰতিষ্ঠান সমূহৰ সৈত যোগাযোগ কৰিব পাৰে। এই বিত্তীয় প্ৰতিষ্ঠানসমূহে আগ্ৰহী ব্যক্তিসকলক কাৰিকৰী দিশৰ বিভিন্ন প্ৰশিক্ষণ আৰু আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward