Friday, March 29, 2024
Homeবাতৰিচি আই আই’ৰ উদ্যোগত গুৱাহাটীত উত্তৰ–পূব চাহ সন্মিলন

চি আই আই’ৰ উদ্যোগত গুৱাহাটীত উত্তৰ–পূব চাহ সন্মিলন

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

বৰ্তমান চাহ খেতিয়কসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উদ্যোগটোৰ বিকাশৰ বাবে চি আই আই (কনফেডাৰেচন অৱ ইণ্ডিয়া ইণ্ডাষ্ট্ৰীজ), ভাৰতীয় চাহ পৰিষদ আৰু অসম চৰকাৰৰ চাহ সঞ্চালকালয়ে এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে। এই মন্তব্য ৱাঘ বক্‌ৰী টি গ্ৰুপৰ অধ্যক্ষ পীয়ুষ দেশায়ৰ।

এই সন্দৰ্ভত ২৩ আগষ্টত উত্তৰ–পূবৰ দুৱাৰমুখ গুৱাহাটীৰ হোটেল তাজ ভিৱাণ্টাজত অনুষ্ঠিত হৈ যায় এক সন্মিলন। চি আই আই (কনফেডাৰেচন অৱ ইণ্ডিয়া ইণ্ডাষ্ট্ৰীজ), ভাৰতীয় চাহ পৰিষদ আৰু অসম চৰকাৰৰ চাহ সঞ্চালকায়ৰ সহযোগত এই সন্মিলন অনুষ্ঠিত হয়। বিভিন্ন সমস্যাৰ গৰাহত পৰি বহু চাহ বাগিচা বন্ধ হৈ গৈছে আৰু কিছু সংখ্যক বন্ধৰ দিশে গতি কৰিছে। ফলত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে। এই সমস্যাৰ পৰা উদ্ধাৰৰ পথ নিৰ্ধাৰণ কৰাই এই সন্মিলনৰ মুল উদ্দেশ্য।

এই সন্মিলনত চাহ খেতিয়ক, প্ৰস্তুতকাৰক, ক্ৰেতা–বিক্ৰেতা আৰু অন্যান্য চাহ উদ্যোগীয়ে অংশগ্ৰহণ কৰে। সন্মিলনত অংশ গ্ৰহণ কৰি অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমৰ চাহ উদ্যোগীসকললৈ এক বিশেষ মঞ্চ প্ৰদান কৰা বুলি মত প্ৰকাশ কৰে। অধিক লাভৱান হোৱাৰ স্বাৰ্থত মন্ত্ৰী পাটোৱাৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত আত্মসহায়ক গোট স্থাপন কৰিবলৈ অনুৰোধ জনায়।

শিৰোনামৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিছ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward