Friday, March 29, 2024
Homeবাতৰিধীৰেন ফুকন যিগৰাকী ব্যক্তি প্ৰাকৃতিক চাহেৰে চিনাকী

ধীৰেন ফুকন যিগৰাকী ব্যক্তি প্ৰাকৃতিক চাহেৰে চিনাকী

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ধীৰেন ফুকন, প্ৰাকৃতিক চাহেৰে চিনাকী এগৰাকী ব্যক্তি তথা চাহ খেতিয়ক। তেওঁৰ ঘৰ ডিব্ৰুগড় জিলাৰ ধোৱাপথাৰত। ঘৰুৱা বিভিন্ন ঘাত–প্ৰতিঘাতৰ বাবে হাইস্কুলৰ দেওনা গৰকিয়েই শিক্ষা জীৱন সমাপ্ত কৰিছিল। কোনো উচ্চ অভিলাস নথকা ফুকনে সাধাৰণভাৱে কৃষি–ব্যৱসায়কে জীৱিকা নিৰ্বাহৰ পথ হিচাপে বাছি ল’লে।

১৯৮৯ চনত ১৩ বিঘা মাটিকালিত তেওঁ ‘চেনেহী চাহ বাগিচা’ নামেৰে ক্ষুদ্ৰ চাহ বাগিচা এখন স্থাপন কৰিলে। বাগিচাখন স্থাপন কৰাৰ আগতে তেখেতে সৰু–সুৰা ব্যৱসায় কৰিছিল যদিও সেই ব্যৱসায়ত বৰ বেছি সফলতা লাভ কৰিব পৰা নাছিল। সেয়ে ক্ষুদ্ৰ চাহ বাগিচাখনকে আৰম্ভ কৰিলে। আজিৰ তাৰিখত যাৰ উপাৰ্জন বাৰ্ষিক ২০ লাখ টকা। অৱশ্যে এই বাগিচা স্থাপনৰ ক্ষেত্ৰত বহুকেইজন শুভাকাংশীয়ে তেখেতলৈ বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছিল।

সাধাৰণতে মানুহে কিবা এটা কাম আৰম্ভ কৰাৰ লগে লগে বিভিন্ন সমস্যাই গা–কৰি উঠে। ফুকেনেও বাগিচাখন স্থাপন কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। উন্নত জাতৰ চাহ গুটি নিৰ্বাচন, সংগ্ৰহ কৰা, নিৰ্বাচিত গুটিৰ নাৰ্ছাৰী স্থাপন, নাৰ্ছাৰীৰ পৰা পুলি সমূহ বাগিচাত ৰোপন, ৰৈ যোৱা পুলি সমূহ বিক্ৰীৰ ব্যৱস্থা কৰা ইত্যাদি। নিজৰ নেৰানেপেৰা প্ৰচেষ্টাত কমদিনৰ ভিতৰতে অতি সহজে কাম–কাজসমূহ নিজৰ আয়ত্বাধীন কৰিবলৈ সক্ষম হৈছিল। অতি কষ্টৰ মাজেৰে স্থাপন কৰা নিজ নাৰ্ছাৰীখনত উৎপাদিত উন্নতমানৰ পুলি অন্য খেতিয়ককো যোগান ধৰিবলৈ সক্ষম হৈছিল। লক্ষ্য আৰু উদ্দেশ্য সৎ হ’লে কোনো সমস্যাই মানুহৰ উন্নয়নত হেঙাৰ হ’ব নোৱাৰে। ফুকনৰ সন্মুখতো তেনে কোনো সমস্যাই হেঙাৰ ৰূপে থিয় হ’ব পৰা নাছিল। সফলতা লাভৰ উদ্যম থাকিলে সন্মুখত কোনো সমস্যাই গা–কৰি উঠিব নোৱাৰে। ফুকনে সকলো সমস্যাকে নেওঁচা দি এফালৰ পৰা ঠেলি নি একাষৰীয়া কৰি থৈ লক্ষ্যৰ দিশে আগবাঢ়ি গৈছিল।

তেখেত এজন ক্ষুদ্ৰ চাহখেতিয়ক হোৱাৰ সুবাদত ওচৰ চুবুৰীয়া চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতেও চিনা পৰিচয় ঘটিছিল। আৰু এদিন সৌভাগ্যক্ৰমে সুদূৰ কানাডাৰ Fertile Ground নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাৰ্যবাহী Peggy Carswelt ৰ সৈতেও পৰিচয় ঘটে। তেওঁলোকৰ পৰা লাভ কৰা বহুমুলীয়া অভিজ্ঞতাকে সাৰথি কৰি প্ৰাকৃতিক কৃষি প্ৰণালীৰ সৈতে সংযুক্ত হৈ পৰে আৰু বিভিন্ন প্ৰণালী উদ্ভাৱন কৰি সেইবোৰৰ কৃতকাৰ্যতা লাভ কৰে।

ফুকনে, চাহ গছত প্ৰয়োগ কৰা সাৰ–ঔষধ পাতিসমূহ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰিছিল। চাহ গছৰ পোক মৰা, ভেঁকুৰ নিৰাময় কৰা ঔষধ গৰুৰ মলমুত্ৰৰ পৰা আৰু মেটেকা, খেতিপথাৰৰ নৰা, কোমল ঘাঁহ বনৰ পৰা সাৰ প্ৰস্তুত কৰিছিল। অৱশ্যে অগৰা, বন মেদেলৱা আদি ঔষধি সম্পন্ন উদ্ভিদসমূহকো ঔষধ প্ৰস্তুতিত ব্যৱহাৰ কৰিছিল। প্ৰস্তুত কৰা সাৰ–ঔষধ পাতিবোৰ নিজা প্ৰণালীৰে চাহ গছবোৰত প্ৰয়োগ কৰি কৃষি পৰিচৰ্যা আৰম্ভ কৰিছিল। সেই পদ্ধতি প্ৰয়োগৰ ফলত নিজে বহুলাংশে উপকৃত হৈছিল। নিজে উপকৃত হোৱা বাবে অন্যান্য খেতিয়ক সকলকো সেই প্ৰণালীবোৰ প্ৰয়োগ কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়াইছিল।

উল্লেখযোগ্য যে, ফুকনে ২০০৮ চনত দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বাণিজ্য প্ৰদৰ্শণীত যোগদান কৰি বাণিজ্যিক সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতে নিজ হাতেৰে নিৰ্মাণ কৰা যন্ত্ৰৰ দ্বাৰা Green Tea, Black Tea, Orthodox Tea আদি চাহ প্ৰস্তুত কৰি উলিয়াইছে। তেওঁৰ বাগিচাত উৎপাদিত প্ৰাকৃতিক চাহপাতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে বিদেশতো সমাদৰ লাভ কৰিছে। এই প্ৰাকৃতিক চাহবিধ উত্তৰ–পূৰ্বাঞ্চলৰ লগতে কানাডা আৰু অষ্ট্ৰেলিয়ালৈকো ৰপ্তানি কৰিছে আৰু ইজিপ্ত, ইটালী, মেক্সিকোৰ পৰাও ৰপ্তানিৰ আমন্ত্ৰণ লাভ কৰিছে।

Chenehi Natural Tea Group গঠন কৰি অসমৰ বিভিন্ন প্ৰান্তত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰাকৃতিক চাহ উৎপাদন সম্পৰ্কে এলানি দীঘলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। যি প্ৰশিক্ষণৰ দ্বাৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল বহু উপকৃত হৈছে। উত্তৰ–পূৰ্বাঞ্চলত প্ৰাকৃতিক চাহৰ উৎপাদন আৰু প্ৰসাৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্যৰাখি Organic Tea Growers Association of North East India নামৰ সংগঠনটোৰ জন্ম দি তাৰ গুৰু দায়িত্বও বহন কৰিছে। ফুকনে এই কাৰ্যসূচীবোৰৰ সফল ৰূপায়ণৰ ধাৰাবাহিকতা ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward