Thursday, April 25, 2024
Homeবাতৰিইউনিকোডত অসমীয়া লিপি অন্তৰ্ভূক্তিৰ বাবে পদক্ষেপ গ্ৰহণ

ইউনিকোডত অসমীয়া লিপি অন্তৰ্ভূক্তিৰ বাবে পদক্ষেপ গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ১৮ জুন’ ২০১৮

চি এন ডেক্স

ইউনিকোডত অসমীয়া লিপিক সুকীয়া স্বীকৃতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইউনিকোডত অসমীয়া লিপিৰ সুকীয়া স্থান সন্দৰ্ভত বহু বছৰ ধৰি দিল্লীত মৰণপণ যুঁজ এখন আৰম্ভ হৈ আছিল। যিসময়ত ৰাজ্যখনত জাতি আৰু ভাষাৰ অস্তিত্বৰ হ’কে সংগ্ৰাম কৰিব লগা হৈছে সেইসময়তে অসমীয়া লিপি প্ৰযুক্তি খণ্ডত সুকীয়া স্থান অধিকাৰৰ বাবেও পুনৰ এখন যুঁজ কৰি থাকিব লগা হৈছে।

অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰ লিপি সুকীয়া সুকীয়া তাক উল্লেখ কৰাৰ প্ৰয়োজন নাই। দুয়োটা ভাষাৰ লিপিৰ মাজত বহুবোৰ পাৰ্থক্য থকাৰ পিচতো ইউনিকোডত অসমীয়া লিপিক কিয় বাংলা লিপিৰ সৈতে একাকাৰ কৰি ৰাখিছে সেয়াহে আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। অসমীয়া বিদ্বেষী এচাম লোকৰ বাবে অসমীয়া লিপি আজিও বাংলা লিপি হৈয়েই চলি থাকিল।   

অসমীয়া লিপিক ইউনিকোডত সুকীয়া অন্তৰ্ভূক্তিৰ বাবে ৰাজ্যৰ ভাষাপ্ৰাণ ব্যক্তিসকলে দীৰ্ঘদিনৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। অসমীয়া ভাষাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাত ইউনিকোডত অসমীয়া ভাষাই সুকীয়া স্থান লাভ কৰিব পৰা নাই।

অলপতে ভাৰতীয় মানক সংস্থাৰ এখন বৈঠক দিল্লীত অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকখনত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অধ্যাপক দিলীপ কলিতা, শিখৰ শৰ্মা, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব পাৰ্থ মজুমদাৰ আৰু এমট্ৰন’ৰ সঞ্চালক এম কে যাদৱে অংশগ্ৰহণ কৰে। উক্ত বৈঠকত অংশগ্ৰহণকাৰী দলটোৱে অসমীয়া ভাষাৰ ইতিহাস, কলা–সংস্কৃতিৰ বিষয়ে বিস্তৃত প্ৰতিবেদন এখন দাখিল কৰি ইউনিকোডত অসমীয়া লিপিক স্বীকৃতি দিবলৈ দাবী জনায়।

ইউনিকোডৰ আন্তঃৰাষ্ট্ৰীয় ৱৰ্কিং কমিটীৰ বৈঠক এখন অহা ১৮ ৰ পৰা ২২ জুনলৈ লণ্ডনত অনুস্থিত হ’ব। উক্ত বৈঠকত ইউনিকোডত অসমীয়া লিপিৰ সুকীয়া স্থান সম্পৰ্কত আলোচনা চলিব আৰু অন্তৰ্ভূক্তি কৰা নকৰা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward