Saturday, April 20, 2024
Homeবাতৰিএডভাণ্টেজ আসামঃ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকল্পৰ কাম–কাজ আৰম্ভ

এডভাণ্টেজ আসামঃ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকল্পৰ কাম–কাজ আৰম্ভ

প্ৰকাশিত তাৰিখঃ ১৮ জুন’ ২০১৮  

চি এন ডেক্স

এডভাণ্টেজ আসাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ পিচত ৰাজ্যত উদ্যোগ আৰু বাণিজ্য খণ্ডত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণৰ কাম–কাজ আৰম্ভ হৈছে। কৃষি, পৰ্যটন আৰু স্বাস্থ্য আদি বিভিন্ন বিভাগৰ অধীনত ৩,৭৮২ কোটি টকা বিনিয়োগ হোৱাত সেইসমূহ প্ৰকল্পৰ কাম আৰম্ভ হৈছে।  

এডভাণ্টেজ আসাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ কাম–কাজ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কমিটীৰ এক বৈঠক অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত। যোৱা ১১ মে’ সোমবাৰে অনুষ্ঠিত বৈঠকত নিজ নিজ খণ্ডত হোৱা বিনিয়োগৰ তথ্যসমূহ মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰদান কৰে।

এডভাণ্টেজ আসাম সন্মিলনযোগে ইতিমধ্যে ২৬৪খন বুজাবুজি চুক্তি সম্পাদন হয়। ৰাজ্য চৰকাৰে এই চুক্তিৰ দ্বাৰা ৭৮,২০৮ কোটি টকা আৰু বিনিয়োগ প্ৰতিশ্ৰুতিৰ দ্বাৰা ১৯,৯৫০ কোটি টকা মুঠ ১লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ বিভিন্ন ঔদ্যোগিক সংস্থাৰ পৰা লাভ কৰা বুলি এক সূত্ৰত প্ৰকাশ।

বিশ্ব বিনিয়োগ সন্মিলনৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে যে, বিনিয়োগৰ উদ্দেশ্যে অহা উদ্যোগ প্ৰতিষ্ঠাসমূহক উদ্যোগ স্থাপনত সৰ্বতোপ্ৰকাৰে সুবিধা প্ৰদান কৰিব লাগিব। কোনো উদ্যোগপতিয়ে অসুবিধা অনুভৱ কৰিব নোৱাৰে তাৰ বাবে কৰ্ম সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগকে নিৰ্দেশ দিয়ে। উদ্যোগ স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমি অসুবিধা নহ’বলৈ উদ্যোগ আৰু ৰাজহ বিভাগক দ্বৈতভাৱে কাম কৰাৰ নিৰ্দেশ দিয়ে। ইণ্ডাষ্ট্রিয়েল কৰিড’ৰ আৰু ষ্টেট কেপিটেল ৰিজন’ত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভূমিৰ বাবে স্থানীয় ৰাইজক আস্থাত লৈহে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তেনেক্ষেত্ৰত যুৱ প্ৰজন্মৰ প্ৰতিনিধি, কৃষক, দল–সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যোগ বিভাগলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰকাশ যে, নতুনকৈ স্থাপন হ’বলগীয়া উদ্যোগসমূহত ৰাজ্যখনৰ যুৱক–যুৱতীৰ নিয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰ বাবে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। স্থাপন কৰা কোনো উদ্যোগে যাতে পৰিবেশ প্ৰদূষিত কৰিব নোৱাৰে তাৰ কাৰক সমূহ চিনাক্ত কৰি আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

পৰ্যালোচনা বৈঠকত উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰৰ লগতে অন্যান্য বিভাগৰ উচ্চপদস্থ বিষয়া–কৰ্মচাৰীসকল উপস্থিত আছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward