Thursday, April 25, 2024
Homeবাতৰিইক’ ছেনছিটিভ জ’ন ঘোষণাত ক্ষুব্ধ হৈ পৰিছে তাৰ বাসিন্দসকল

ইক’ ছেনছিটিভ জ’ন ঘোষণাত ক্ষুব্ধ হৈ পৰিছে তাৰ বাসিন্দসকল

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসম চৰকাৰে গুৱাহাটীৰ পাৰ্শ্বৱতী এলেকা বীৰকুছি, নাৰেংগী, পানীখাইতি, চন্দ্ৰপুৰ আৰু সোণাপুৰকে আদি কৰি প্ৰায় ৪০–৫০ খন জনজাতি অধ্যূসিত গাঁৱক সামৰি ইক’ ছেনছিটিভ জ’ন ঘোষণা কৰাত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ষোভত ফাটি পৰিছে এলেকাটোত বহু বছৰ জুৰি বসবাস কৰি থকা পৰিয়ালসকল।

উল্লেখযোগ্য যে ২০১৬ চনৰ ১৮ মাৰ্চত অসম চৰকাৰে আমচাং অভয়াৰণ্যৰ চৌদিশৰ ১৭০ মিটাৰৰ পাৰ ৮.১ বৰ্গ কিলোমিটাৰ এলেকাজুৰি ইক’ ছেনছিটিভ জ’ন হিচাপে অধিসূচনা জাৰী কৰিছিল। চৰকাৰে সেই অধিসূচনা মূলতঃ কাৰ্যত ৰূপায়ণ কৰিলে।

এই বাতৰি বহু পলম কৈ লাভ কৰিলেও এলেকাধীন গাঁৱকেইখনৰ জনসাধাৰণে হাত সাৱতি বহি থকাৰ পৰিৱৰ্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ ভাবুকি দিছে। তাৰ অন্যতম কাৰ্যসূচী হিচাপে যোৱা ২৭ জুলাইত গুৱাহাটীত প্ৰেছ ক্লাৱত ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমে এখন সংবাদ মেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত চন্দ্ৰপুৰ আঞ্চলিক ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি বাবুল ইংতি আৰু সম্পাদক ঘনশ্যাম শইকীয়াই চৰকাৰৰ এই জনবিৰোধী কাৰ্যক এক গভীৰ ষড়যন্ত্ৰ বুলি তীব্ৰ সমালোচনা কৰে। লগতে সংগঠনটোৰ আহ্বানত এলেকাধীন গাঁৱসমূহৰ সকলো দল–সংগঠনে একগোট হৈ ৩১ জুলাইত দীঘলীপুখুৰীপাৰত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।

যুগ যুগ ধৰি বসবাস কৰি থকা জনজাতীয় ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াত ব্যৰ্থ চৰকাৰে ইক’ চেনছিটিভ জ’ন মুকলি কৰি অঞ্চলটোত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত সহাৱস্থান নহয় সংঘাত বৃদ্ধি কৰাৰ হে পথ মুকলি কৰিলে। অভয়াৰণ্যখনক সুৰক্ষা দিব নোৱাৰা চৰকাৰে জনজাতীয় লোকসকলৰ সাতামপুৰুষীয়া ভূমিৰ অধিকাৰ কাঢ়ি লোৱাৰ এক ফন্দিহে পাতিছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward