Thursday, April 25, 2024
Homeবাতৰিসেউজকৰণত গুৰুত্ব আৰোপ গাৰোপাহাৰৰ খেতিয়কৰ

সেউজকৰণত গুৰুত্ব আৰোপ গাৰোপাহাৰৰ খেতিয়কৰ

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

উত্তৰ–পূৰ্বাঞ্চলৰ পাহাৰীয়া লোকসকলে পৰম্পৰাগতভাৱে ঝুম খেতি কৰি অহা পৰিলক্ষিত হয়। সময়ৰ সোঁতত পাহাৰীয়া বহুলোকে বতমান খেতি–বাতিৰ প্ৰণালী সলনি কৰাও দেখা গৈছে। তেনে এখন গাঁও আড’কগ্ৰে। মেঘালয় ৰাজ্যৰ উত্তৰ গাৰোপাহাৰ জিলাত অৱস্থিত এই গাঁৱখন। অসম–মেঘালয় সীমান্তৱৰ্তী তথা গোৱালপাৰা জিলাৰ গাতে লাগি থকা আড’কগ্ৰে আৰু ইয়াৰ আশে–পাশে থকা গাঁৱকেইখনৰ কৃষকসলে সম্প্ৰতি পৰম্পৰাগতভাৱে প্ৰচলিত ঝুম খেতি বাদ দি ক’ল আৰু অন্যান্য খেতি আৰম্ভ কৰা বুলি বুলি জানিব পৰা গৈছে।

এই গাঁৱখনৰ ৬০ বছৰীয়া কৃষক বেকিংছন চাংমাই প্ৰকাশ কৰিছে যে– ঝুম খেতিৰ বাবে বনাঞ্চল আৰু পৰিৱেশ দুয়োটাই বিনষ্ট হয়। সেয়ে তেওঁলোকে পৰিৱেশ অনুকুল খেতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। ঝুম খেতিৰ ফলত বহু সেউজীয়া বনাঞ্চল ধ্বংস হয় বুলি গাঁৱবাসীয়ে অনুভৱ কৰিব পৰাটো আজিৰ তাৰিখত অতি শুভ লক্ষণ।

মেঘালয়ৰ এক চৰকাৰী সূত্ৰত যোৱা ১৫ বছৰত ৰাজ্যখনৰ বনাঞ্চল ৬৯.০৬%ৰ পৰা ৬৩–০৬% লৈ হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে। সেয়ে গাঁৱবাসীসকলে ৰাজ্যখনৰ চৰকাৰী সংস্থাৰ সহযোগত এক বৃহৎ অঞ্চলত গছপুলি ৰোপণ কৰিছে বুলিও জানিব পৰা গৈছে।

কৃষকসকলে ৰোপন কৰা ক’ল খেতিৰ পৰা পৰিৱেশ সুৰক্ষিত হৈছে আৰু উৎপাদিত ফচলৰ পৰা লাভৰ মূখ দেখিছে। গাঁৱখনে উৎপাদন কৰা ক’ল সমূহ গাৰোপাহাৰৰ স্থানীয় বজাৰ আৰু গোৱালপাৰা জিলাৰ দৰংগিৰি বজাৰত বিক্ৰী কৰি কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward