Friday, April 19, 2024
Homeবাতৰিশৈক্ষিক ন্যায়াধিকৰণ গঠন কৰিব ৰাজ্য চৰকাৰে

শৈক্ষিক ন্যায়াধিকৰণ গঠন কৰিব ৰাজ্য চৰকাৰে

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ৰাজ্য চৰকাৰে গঠন কৰিব শৈক্ষিক ন্যায়াধিকৰণ। তদুপৰি পৰীক্ষাত উত্তীৰ্ণ–অনুতীৰ্ণৰ ব্যৱস্থাটো পুনৰ ঘুৰাই আনিছে শিক্ষা ব্যৱস্থাত। এতিয়াৰ পৰা কোনো শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ তাৰ ওপৰ শ্ৰেণীত নাম ভৰ্তি কৰিব নোৱাৰিব। এই বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

৭ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ। উক্ত সভাত ৬২৫ জন প্ৰধান শিক্ষক আৰু ১৪৭জন সহকাৰী প্ৰধান শিক্ষক নিযুক্তি প্ৰদান কৰে। তেখেতে কয়– ২০১১ চনত প্ৰধান শিক্ষক নিযুক্তিৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচত ২০১২ চনত বিষয়টো ন্যায়ালয়ৰ মজিয়ালৈ যোৱাত নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈছিল। প্ৰধান শিক্ষক অবিহনে বহু বিদ্যালয় চলি থকাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বাবে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি দোহাৰে।

শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰ কয়– হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ–ছাত্ৰী উত্তীৰ্ণ নোহোৱা বিদ্যালয়ৰ প্ৰধান জন কিয় জবাবদিহি নহ’ব ? প্ৰধান শিক্ষকজনক মাতি আনি কথা সোধাত একাংশ বুদ্ধিজীৱীয়ে সমালোচনা কৰিলেও পুনৰ মাতিব তেনে বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক। ইয়াৰ পৰিত্ৰাণ পাবলৈ ৰিজাল্ট ভাল কৰিব লাগিব, নহ’লে দুই–এষাৰ কথা শুনিবলৈ মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। প্ৰায় ৪০০ শিক্ষকে দৈনিক উচ্চ ন্যায়ালয়ত ঘুৰাৰ লগতে বিদ্যালয়–মহাবিদ্যালয়ৰ বহু শিক্ষকে উচ্চ শিক্ষা, মাধ্যমিক শিক্ষা সঞ্চালকায়, বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কায্যালয় সমূহত ঘুৰি থাকে। কিন্তু তেওঁলোকে নৈমিত্তিক ছুটি লৈ আহে নেকি? শিক্ষকসকলে বিদ্যালয় সমূহৰ পাঠদানত ক্ষতি নোহোৱাকৈ শিক্ষা সঞ্চালয়কালয়ৰ কাম–কাজ কৰিবৰ বাবে শনি আৰু ৰবিবাৰে খোলা কথাও চিন্তা চৰ্চা কৰা হৈছে বুলি দোহাৰে।

বিদ্যালয়–মহাবিদ্যালয়ৰ কোনো শিক্ষকে কৰ্তব্যত গাফিলতি কৰিব নোৱাৰাকৈ অহা বৰ্ষত শৈক্ষিক ন্যায়াধিকৰণ গঠন কৰা হ’ব। নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত পাঠ্যক্ৰম সমাপ্ত কৰিবলৈ ব্যৰ্থ হোৱা শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ–ছাত্ৰসকলে উক্ত ন্যায়ালয়ত গোচৰ তৰি ক্ষতিপূৰণ আদায় কৰিব পাৰিব। ভাৰতীয় সংস্কৃতিত গুৰু আসন সকলো সময়তে উৰ্ধত সেয়ে শিক্ষাগুৰুসকলৰ সাজ–পোছাক সদায় মাৰ্জিত হ’ব লাগে বুলি শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward