Friday, March 29, 2024
Homeবাতৰি৭৪তম্ মৃত্যু বাৰ্ষিকীত স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি

৭৪তম্ মৃত্যু বাৰ্ষিকীত স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ভাৰতৰ স্বাধীনতা যুঁজৰ অন্যতম অসমৰ বীৰ ছহিদ কুশল কোঁৱৰ। মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ কুশল কোঁৱৰে যোগদান কৰে দেশৰ স্বাধীনতা সংগ্ৰামত। কুশল কোৱৰৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ ৰে’লগাড়ী এখন সৰুপথাৰ ষ্টেছনত বগৰায়। ৰে’ল বগৰোৱাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে তেখেতক মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিছিল।

১৯৪৩ চনৰ ১৫ জুন তাৰিখত কুশল কোৱৰক ফাঁচীকাঠত ওলোমাই মৃত্যদণ্ড বিহে। ২০১৭ চনৰ ১৫ জুনত গুৱাহাটী মহানগৰীৰ নেহৰু পাৰ্কত থকা বীৰগৰাকীৰ প্ৰতিমূৰ্তিৰ তলত ৭৪তম্ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।

উক্ত মৃত্যুবাৰ্ষিকী অনুষ্ঠানত ছহিদগৰাকীৰ পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত আছিল। স্মৃতি ৰোমন্থনত তেখেতৰ এগৰাকী নাতিনীয়ে উল্লেখ কৰে– কুশল কোৱৰে নিজৰ প্ৰাণতকৈয়ো দেশক বেছি ভাল পাইছিল। তেওঁ আছিল মহাত্মা গান্ধীৰ আদৰ্শৰ ভক্ত। সামাজিক মূল্যবোধ থকা কিতাপ নাইবা ধৰ্মীয় গ্ৰন্থ পঢ়ি বৰ ভাল পাইছিল। কাৰাগাৰত থকা সময় ছোৱাতো কিতাপ পঢ়ি থকাৰ কথা আইতাৰ মুখত শুনিছিলো, এই কথা আজিও মনত পৰে।

ইপিনে মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত ব্যক্ত কৰে– ভাৰতৰ স্বাধীনতা যুঁজৰ অসমৰ বীৰ ছহিদগৰাকীলৈ জ্ঞাপন কৰিছো গভীৰ শ্ৰদ্ধাঞ্জলি। আমি যেতিয়া ভাৰতৰ বুকুত সততা আৰু নিষ্ঠাৰে অসমক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়াহে বীৰ ছহিদগৰাকীৰ ত্যাগৰ প্ৰকৃত মূল্যায়ন হ’ব।

শিল্পী অপুৰাজ বেজবৰুৱাই ছহিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি ব্লেডেৰে অংকণ কৰা চিত্ৰশিল্প এখন মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰ। শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত ৰাজ্যৰ মুখ্য সচিব ভি পি পিপাৰচেনিয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ ছহাই, পূৱ আৰু গুৱাহাটী সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে আদি কৰি উপস্থিত আছিল বহুকেইগৰাকী গণ্য মান্য ব্যক্তি।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward