Friday, March 29, 2024
HomeNEWSনতুন ইতিহাসৰ কঠিয়া

নতুন ইতিহাসৰ কঠিয়া

প্ৰকাশিত তাৰিখঃ ১২ ডিচেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

এক ঐতিহাসিক ক্ষণত উপনীত হৈছেহি অসমৰ লগতে সমগ্ৰ বিশ্ব। বিশ্বায়ন যুগৰ পৃথিৱীত অকলে ঘটনাবোৰ নঘটে বা ইয়াৰ কাৰণো স্থানীয় হ’ব নোৱাৰে। ১৭ শতিকাৰ এজন অসমীয়া বীৰক একৈশ শতিকাত চিনাকী কৰি দিবলগীয়া হোৱাৰ কাৰণ লাচিত বৰফুকনৰ নাম আৰু কাহিনী নিজ দেশৰ বাহিৰলৈ যোৱা নাই। ইংলেণ্ডৰ ল’ৰ্ড নেলচন, ল’ৰ্ড ৱেলিংটন, ইটালীৰ মৌজিনি, কেভৌৰ আৰু গেৰিবল্ডি, ৰাজপপুতনাৰ ৰাণাপ্ৰতাপ, মাৰাঠাৰ শিৱাজী আদি যেনেদৰে বিশ্ববৰেণ্য সেইদৰে লাচিত এতিয়াও দেশৰ সীমাৰ ভিতৰতে। সেয়ে আজি অনুভৱ কৰো যে লাচিত– আলোড়ন সময়োপযোগী।

১৯৩০ চনত জাঁজী হাইস্কুল প্ৰাঙ্গনত ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সতীৰ্থসকলে ৰাইজৰ উদ্যোগত কুৰি শতিকাৰ লাচিত মেলা পাতি যি বীৰপূজাৰ উদাহৰণ দি থৈ গ’ল তাৰেই ফলশ্ৰুতি একৈশ শতিকাৰ লাচিত উৎসৱ (২৪ নৱেম্বৰ, ২০২২)।

১৭ শতিকাৰ যুদ্ধখন আছিল মোগলৰ বিৰুদ্ধে ষষ্ঠদশ যুদ্ধ। কিন্তু চাওফা গদাধৰৰ দিনৰ ১৬৮২ চনৰ সপ্তদশ যুদ্ধখনেহে গুৱাহাটীক স্থায়ীভাৱে মোগলমুক্ত কৰিলে। চাওফা প্ৰতাপ সিংহৰ দিনত বিভিন্ন পদৰ পৰা পদোন্নতি পায় শুকতি মোমাই হ’লগৈ ১ম বৰবৰুৱা– অসমৰ। তেওঁৰ দিনতে চাওল্যুঙ চ্যুকাফাই এৰি যোৱা চাৰিটা শতিকাৰ পিচত অসমৰ অৰ্থনৈতিক জাগৰণৰ পদক্ষেপ লোৱা হৈছিল।

১৬৩৯ চনত অসমৰ সেনাপতি মোমাই তামুলী বৰবৰুৱা। সন্ধি হৈছিল বিপক্ষৰ সেনাপতি আল্লাহ–ইয়াৰ–খানৰ লগত। সেইমতে গুৱাহাটীৰ পৰা আৰম্ভ কৰি নামনি অসম মোগলৰ হাতত। সীমা হ’ল উত্তৰে বৰনদী, দক্ষিণে অসুৰৰ আলি।

প্ৰতাপ সিংহৰ পিছত পাটত জয়ধ্বজ সিংহ। এওঁৰ দিনত মানাহ পাৰ হৈ ঢাকাৰ ওচৰলৈকে গাঁও–ভূই লুৰি নষ্ট কৰে আমাৰ সৈন্যই। তাৰেই পৰিণতিত সম্ৰাট ঔৰংজেৱৰ দিনত মীৰজুমলাই ১৬৬২ চনত অসম প্ৰৱেশ কৰে। অবাধ গতিৰে গড়গাঁও দখল কৰে ১৬৬২ চনৰ ১৬ মাৰ্চ তাৰিখে।

১৬৬৩ চনত তিপামৰ ঘিলাঝাৰী ঘাটত সন্ধি হয়গৈ। জানুৱাৰী মাহত এই সন্ধি–পত্ৰত চহী হয়। যাৰ কথা সকলো দেশপ্ৰেমী অসমীয়াই জানে। বাৰ হেজাৰ অসমীয়া প্ৰজা বন্দী। লগত নিজ ইচ্ছাৰে কেইবাজনো ডাঙৰীয়া মীৰজুমলাৰ লগত গুচি গ’ল। ৰমণী আইদেউ আৰু তিপমীয়া আইদেউ অহমৰ উপঢৌকন হিচাপে।

জয়ধ্বজ সিংহৰ দিনৰ এই চুক্তি চক্ৰধ্বজ সিংহই নেমানে। সেয়ে লাচিত ডেকাৰ ওপৰত অধিনায়কৰ দায়িত্ব। জয়ধ্বজ সিংহৰ দিনত অনেক ডা–ডাঙৰীয়া কৰ্তব্য বিমুখ। দেশ অপৰাধীৰে ভৰপূৰ। কিমানক শাস্তি দিব? গোটেই মূৰটোৱেই পকা চুলিৰে ভৰা। এনে এক ৰাজনৈতিক পৰিস্থিতি লৈ চক্ৰধ্বজ সিংহ পাটত। ১৬৬৩ চনৰ নৱেম্বৰ মাহত ৰজা জয়ধ্বজৰ মৃত্যু।

মৃত্যুৰ আগেয়ে স্বৰ্গদেউ জয়ধ্বজে বিষয়াসকলক কাষলৈ মাতি আনি ক’লে– ‘মোৰ গা বিধাৰন– ভালকে পোৱা নাই। এতেকে মই তোমালোক সকলোতে কৈছো, ভগাৰাজ্য যিধৰণে ৰক্ষা পৰিব তোমালোক সকলো যুক্তি হৈ একমতিয়ে প্ৰৱৰ্তি এজনাক আগত লৈ প্ৰতিপাল কৰিবা। আৰু বঙাল শত্ৰুৰ বুকুৰ শাল উদ্ধাৰ কৰিব পাৰিলে ভাল হয়’।

চক্ৰধ্বজ জয়ধ্বজৰ দদায়কৰ পুতেক। পাটত বহি তুৰন্তে যুদ্ধ কৰাৰ মন। কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ সতৰ্ক বাণী– যুদ্ধলৈ সঠিকভাৱে পদ্ধতিগতভাৱে আগবাঢ়িব লাগিব। সৈন্যক শিক্ষা দিয়াৰ পৰা আৰম্ভ কৰি যুদ্ধৰ অস্ত্ৰ– খাদ্য সমাগ্ৰীলৈ সকলোৰে সঠিক তদাৰক হ’ব লাগিব। ‘কিন্তু ৰাজ্যত চাউল কঠা নাই, বহা পাবনাটো ভালৰূপে নাই, এতেকে বঙালক কিৰূপে ধৰা যাব’?

এনেদৰে ১৬৬৭ চনৰ বাৰিষাৰ লগে লগে যুদ্ধৰ আয়োজন সমাপ্ত হ’ল। ১৬৬৩ চনৰ পৰা চাৰি বছৰ বৰসেনাপতি লাচিত। ১৬৬৭ চনৰ ২০ আগষ্ট বৃহস্পতিবাৰে অহম সৈন্য দুভাগ হৈ ব্ৰহ্মপুত্ৰইদি ভটিয়াবলৈ ধৰিলে। ডা–ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোৰে লক্ষ্য– ঘিলাঝাৰিঘাটৰ সন্ধি ভঙ্গ কৰিম, পশ্চিম খণ্ড মুক্ত কৰিম।

কিন্তু মীৰজুমলাৰ লগত সন্ধিখনৰ ফলত বাৰ হেজাৰ বন্দী আৰু নিজ ইচ্ছাত যোৱা ডা–ডাঙৰীয়াসকলক বিচাৰি পামনে? তেওঁলোক এতিয়া মোগলৰ প্ৰজা। আমাৰ বাহিনীৰ লাইধন খান, ইছমাইল ছিদ্দিকী বাঘ হাজৰিকাকে ধৰি একালৰ পাঠান–তুৰ্বক–মোগলৰ উত্তৰসুৰীসকল থকাৰ দৰে মোগল বাহিনীৰ তেওঁলোকো অংশীদাৰ নহয় জানো? তেনেহ’লে আমি সাধাৰণ প্ৰজাই কি কৰিম? কি কৰা উচিত?

আজি একৈশ শতিকাত অতীত ৰোমন্থন কিয় কৰিছো– কি সেই যুক্তি? অতীত ৰোমন্থন ভৱিষ্যতৰ পথৰ নিৰ্দেশনা পাবলৈ। বিশেষকৈ অতীতৰ মহান সত্যবোৰৰ আধাৰত নতুন পথ গঢ়িবলৈ। অতীতক চাব লাগিব আজিৰ গণযুগৰ দৃষ্টিৰে। ইতিহাসৰ চালিকা শক্তি জনগণক উদ্বুদ্ধ কৰিবলৈ আৰু জননেতা সকলৰ বাবে উপযুক্ত দৰ্শনৰ সন্ধান দিবলৈ। বিশেষকৈ আজিৰ মহাবিচ্যুতিৰ সময়ত– নৱজাগৰণৰ প্ৰস্তুতিৰ বাবে– নতুন শস্যৰ কঠিয়া পাৰিবলৈ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward