Friday, March 29, 2024
HomeUncategorizedসাদিন কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক দিগন্ত শৰ্মাদেৱলৈ গ্ৰাম্য সাংবাদিকতা বঁটা

সাদিন কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক দিগন্ত শৰ্মাদেৱলৈ গ্ৰাম্য সাংবাদিকতা বঁটা

প্ৰকাশিত তাৰিখঃ ১৪ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ সোণতলীৰ সুলেখক, সাংবাদিক, সমাজসেৱক, নৱজ্যোতি ক’লেজৰ এসময়ৰ অধ্যাপক তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মৰহুম মোবাৰক হোছেইনৰ স্মৃতিত তেওঁৰ পুত্ৰ, লেখক, কবি তথা অনুবাদক শ্বেলিম এম, হোছেইনে এইবৰ্ষৰ পৰা ‘ৰুৰেল জাৰ্নালিজম এৱাৰ্ড’চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ জৰিয়তে প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে। চৰ-চাপৰি সাহিত্য পৰিষদে এইবাৰ এই বঁটা সৰ্বদা সত্যান্বেষণত ব্ৰতী, সাদিন কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক শ্ৰীদিগন্ত শৰ্মাদেৱলৈ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। এই বঁটাত নগদ ধন দহ হেজাৰ ধনৰ লগতে মানপত্ৰ আদিও থাকিব। চৰ-চাপৰি সাহিত্য পৰিষদৰ মন্দিয়া অধিবেশনত প্ৰাক্তন সম্পাদক গৰাকীলৈ এই বঁটা প্ৰদান কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward