Friday, April 19, 2024
Homeবাতৰিউত্তৰ – পূৰ্বাঞ্চলৰ বজাৰত সহজে উপলব্ধ হ’ব ক’ক’ৱা পুলিঃ বিক্ৰীৰ বাবে সাজু...

উত্তৰ – পূৰ্বাঞ্চলৰ বজাৰত সহজে উপলব্ধ হ’ব ক’ক’ৱা পুলিঃ বিক্ৰীৰ বাবে সাজু কৰি তুলিছে ৰংজুলিৰ এহাল দম্পতীয়ে

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

চকলেট কথা কোনেনো নাজানে। বজাৰত চকলেটৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নামী–দামী কোম্পানী বিলাকে এই ব্যৱসায় আৰম্ভ কৰিছে। কিন্তু চকলেট তৈয়াৰ কৰাৰ মুল উপকৰণ ক’ক’ৱা নামৰ এবিধ গছৰ গুটিৰ পৰাহে সংগ্ৰহ কৰা হয়।

চেনাইশ্ৰী বসুমতাৰী আৰু কাননশ্ৰী বসুমতাৰী নামৰ এহাল উদ্যোগী দম্পতীয়ে সম্প্ৰতি স্থাপন কৰিছে এখন ক’ক’ৱা পুলিৰ নাৰ্ছাৰী। গোৱালপাৰা জিলাৰ ৰংজুলিৰ পৰা ৬কিলোমিটাৰ দূৰত্বৰ গাঁও ভালুকজুলিত স্থাপন কৰা নাৰ্ছাৰীখনৰ পৰা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলত পুলি যোগানৰ সিদ্ধান্ত লৈছে দম্পতীহালে।

ক’ক’ৱা নাৰ্ছাৰী স্থাপন সন্দৰ্ভত চেনাইশ্ৰী বসুমতাৰীয়ে কয়– এই ক’ক’ৱা গছবিধৰ ব’টানিকেল নাম থিয়ব্ৰমা ক’ক’ৱা এল (Theobroma cacao L)। ভাৰতবৰ্ষৰ তামিলনাডু, কেৰালা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যত পোৱা যায় এই গছবিধ। ২০১০ চনত বঙাইগাঁও জিলাৰ উপায়ুক্ত শান্তনু গোটমাৰে এনৰেগা আঁচনিৰ জৰিয়তে জিলাখনৰ কিছুসংখ্য খেতিয়কক এই ক’ক’ৱা গছৰ বীজ যোগান ধৰি নাৰ্ছাৰী স্থাপন কৰাত উদ্‌গনী যোগাইছিল। কিন্তু সেই সময়ত কৃষি বিষয়াসকলৰ এই খেতিৰ ওপৰত জ্ঞান নথকাত খেতিবিধে প্ৰসাৰ লাভ কৰিব নোৱাৰিলে। যত্নৰ অভাৱ ঘটা দুই–এডাল গছৰ পৰা গুটি সংগ্ৰহ কৰি তেওঁলোকে নিজ গাঁৱত নাৰ্ছাৰী স্থাপন কৰে য’ত চাৰি মহীয়া এঘাৰ হাজাৰ ক’ক’ৱা পুলি উপলব্ধ।  

২০১৫ চনৰ চেপ্টেম্বৰ মাহত চেনাইশ্ৰী বসুমতাৰীয়ে কেন্দ্ৰীয় উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাঁহিকুছিত ক’ক’ৱা খেতি সন্দৰ্ভত প্ৰশিক্ষণ এক প্ৰশিক্ষণ গ্ৰহণ কৰে। কেৰালা আৰু অন্ধ্ৰপ্ৰদেশতো এক উচ্চ মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

উল্লেখ্য যে চ’চিয়েল মিডিয়াত চেনাইশ্ৰীৰ ক’ক’ৱাৰ নাৰ্ছাৰীৰ সবিশেষ জনাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পুলি কিনিবলৈ উৎসুক হৈ তেখেতৰ সৈতে যোগাযোগ কৰে। যদিও চেনাইশ্ৰী দম্পতীয়ে স্থাপন কৰা ক’ক’ৱা নাৰ্ছাৰীখন যোৱা ২৫ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে ৰাইজৰ নামত উচৰ্গা কৰে। শুভাৰম্ভ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা, কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী, ক’লা ধানৰ আৱিষ্কাৰক ৰূপে খ্যাতি লাভ কৰা খেতিয়ক উপেন্দ্ৰ ৰাভা, দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ থুলেশ্বৰ কছাৰীকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। উপস্থিত ব্যক্তিসকলে বসুমতাৰী দম্পতীক একেমুখে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ পদক্ষেপে অঞ্চলটোত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰা অভ্যাগতসকলক নিজে প্ৰস্তুত কৰা সুস্বাদু–তথা সুগন্ধিযুক্ত চকলেটেৰে আপ্যায়ন কৰা পৰিলক্ষিত হয়।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward