Friday, April 26, 2024
Homeবাতৰিৰাজ্যিক ক্রীড়া একাডেমী স্থাপন হ’ব গুৱাহাটীত

ৰাজ্যিক ক্রীড়া একাডেমী স্থাপন হ’ব গুৱাহাটীত

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

গুৱাহাটীক ক্ৰীড়াক্ষেত্ৰৰ অন্যৰূপে গঢ়ি তুলিব, এইটো ৰাজ্যবাসীৰ বাবে নিত্তান্তই সুখবৰ। দেশৰ ক্ৰীড়া ৰাজধানীৰূপে গঢ়ি তোলাৰ বাবে অনতিপলমে গুৱাহাটীত স্থাপন কৰিব ৰাজ্যিক ক্ৰীড়া একাডেমী। ২৪ জুলাইত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এখন সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। স্মৰ্তব্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা ৩০গৰাকী প্ৰতিভাধৰ ক্ৰীড়াবিদ আৰু ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাজ্যৰ ১৩গৰাকী প্রাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই সভা আয়োজন কৰিছিল।

উপস্থিত কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– প্লে’ ফিল্ড এছ’চিয়েশ্বন অব ইণ্ডিয়াৰ সহযোগত ৰাজ্য চৰকাৰে ৫০০খন খেলপথাৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰাম্যাঞ্চলৰ প্ৰতিভাবান খেলুৱৈসকলক চিনাক্ত কৰি ৰাজ্যিক ক্ৰীড়া একাডেমীত উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ক্রীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিয়ে ইউ পি এছ চি, এ পি এছ চি পৰীক্ষাৰ্থীৰ বাবে ক’চিঙৰ ব্যৱস্থা আবঢ়োৱাত মুখ্যমন্ত্রীগৰাকীয়ে ভূয়সী প্রশংসা কৰে।

আনহাতে, অনুষ্ঠানটোত উপস্থিত থাকি ৰাজ্যৰ শিক্ষা আৰু বিত্তমন্ত্রী ড হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে– ৰাজ্য চৰকাৰে ইউ পি এছ চি, এ পি এছ চি লগতে অন্যান্য প্রতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হ’বলৈ ইচ্ছা কৰা পৰিক্ষাৰ্থীসকলৰ বাবে ৫০খন কলেজত স্থায়ী ক’চিং চেণ্টাৰ আৰম্ভ কৰিব। চৰকাৰৰ আৰোহণ ফ্লেগশ্বিপ আঁচনিৰ অধীনত দিল্লীত কোনো অগ্রণী প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যত এটা আই এ এছ ক’চিং চেণ্টাৰ স্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে। ২১৪কোটি টকা খৰচ সাপেক্ষে এন ই চিৰ অধীনত কামৰূপ জিলাত আৰু এন এল চি পি আৰৰ অধীনত ডিব্ৰুগড় জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত স্থাপন কৰা হ’ব এখন ক্রীড়া প্রকল্প।

অনুষ্ঠানত ক্রীড়ামন্ত্রী নৱ কুমাৰ দ’লে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্রী, সচিব সঞ্জীৱ গোহাঁই, ক্রীড়া প্রাধিকৰণৰ উপাধ্যক্ষ কুইন ওজা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, তৈবুন নেছা, তোষেণ বৰা, জয়দ্বীপ দাস আৰু উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনাৰ্দন দেৱগোস্বামীকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট্য ব্যক্তি উপস্থিত থাকে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward