Monday, April 29, 2024
Homeবাতৰিচৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মহানগৰীত গণ সাংস্কৃতিক প্ৰতিবাদ–সমদল

চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মহানগৰীত গণ সাংস্কৃতিক প্ৰতিবাদ–সমদল

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ৰাজ্যৰ বিজেপি চৰকাৰৰ হঠাকাৰী সিন্ধান্তত সৰ্বসাধাৰণ অসন্তুস্ত। জাতি–মাটি–ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দি শাসন ভাৰ হাতত লৈছিল উক্ত চৰকাৰখনে। এতিয়া এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হৈছে ৰাজ্যৰ বিদ্বৎ সমাজে। যোৱা ১২ আগষ্ট তাৰিখত ৰাজ্যখনৰ শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, সাংস্কৃতিক কৰ্মীৰ উদ্যোগত ‘দেশ আৰু জনগণৰ বাবে সাংস্কৃতিক সমাৱেশ আৰু সমদল’ শীৰ্ষক এক গণ সাংস্কৃতিক প্ৰতিবাদ কাৰ্যসুচী পালন কৰে। প্ৰতিকুল বতৰক নেওচা দি শ শ লোক একত্ৰিত হ’ল দিঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত। বৰষুণৰ মাজেৰেই প্ৰতিবাদীসকলে লক্ষীধৰ বৰাক্ষেত্ৰৰ পৰা সমদল কৰে আৰু নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ চৰকাৰৰ প্ৰতি এক সকীয়নি দিয়ে।

বিশিষ্ট বুদ্ধিজীৱী ড হীৰেন গোঁহায়ে কয় যে– পৰিৱৰ্তন আনিম বুলি শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰখনে এতিয়া ৰাজ্যখনৰ জনসাধাৰণক ভীষণ ভাৱে বিশ্বাসঘাতকতা কৰিছে। অতি পৰিকল্পিতভাৱে আৰু কৌশলেৰে আক্ৰমণ কৰি গণতন্ত্ৰক নস্যাৎ কৰাৰ চেষ্টা কৰিছে। কিন্তু এই দুৰ্দিনত জনসাধাৰণ একত্ৰিত হৈ এই অপচেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এতিয়া ঐক্যবদ্ধ আন্দোলনত জনতা উৎসাহিত হৈ পৰিছে। চৰকাৰে দানৱীয় দমন নীতি আৰু বিভাজন নীতিৰে দেশ শাসন কৰি থকা বুলি দুৰ্ঘোৰ সমালোচনা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। এই প্ৰতিবাদ সুস্থ গণতন্ত্ৰ আৰু মুক্ত স্বাধীনতা বিচাৰি কৰা প্ৰতিবাদ। এই প্ৰতিবাদৰ উদ্দেশ্য কোনো ৰাজনৈতিক নহয় বুলিও স্পষ্টভাৱে প্ৰকাশ কৰে। নাগৰিকে বন্দে মাতৰম বুলি নাগালে দেশপ্ৰেম জাগ্ৰত নহয় নেকি? এটা সংগঠনৰ নীতি–নিৰ্দেশনাৰে পৰিচালিত হৈ চৰকাৰখনে গণতান্ত্ৰিক নীতি আঁতৰাই ৰখা বুলিও তীব্ৰ সমালোচনা কৰে।

আনফালে অধিবক্তা তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ হাজৰিকাই এনেদৰে কয়– চৰকাৰে কৰি থকা বেয়া কামবোৰৰ পৰা এক অশুভ শক্তিৰ সৃষ্টি হৈছে সেয়ে জনসাধাৰণৰ সন্মুখত ভয়ংকৰ দিন সমাগত। এই অশুভ শক্তিৰ সৃষ্টিকাৰীসকলক ধিক্কাৰ দিয়াৰ লগতে ধাক্কাও দিব লাগিব।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে প্ৰকাশ কৰা মতে–সম্প্ৰতি ধৰ্ম আশ্ৰিত ৰাজনীতিয়ে দেশখনক ভয়ংকৰ বিপদে গ্ৰাস কৰিব। ‘গো’ ৰক্ষাৰ নামত ধৰ্মীয় আৰু সামাজিক শোষণ চলাৰ লগতে দেশত সংখ্যালঘু জনসাধাৰণৰ ওপৰত চলিছে নিৰ্যাতন। এনেবোৰ ঘটনা বন্ধ কৰিবলৈ আহ্বান জনায়।

চৰকাৰে ধৰ্মক লৈ যি ৰাজনীতি কৰি আছে সেইটো কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। দেশত এক বিভাজনমুখী মনোভাৱে প্ৰৰোচিত কৰি আছে। ধৰ্মৰ ভিত্তিত দেশখন ভাগ কৰিব বিচাৰি বাক্‌ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰা বুলি আক্ষেপ প্ৰকাশ কৰে। অসমক এক পৰীক্ষাগাৰলৈ পৰিণত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে দুয়োজনে এই পৰীক্ষাগাৰৰ প্ৰতিনিধি বুলিও উল্লেখ কৰে। আজিৰ তাৰিখত হীৰেন গোঁহাই এটা অনুষ্ঠান বুলি কোৱাৰ বাবে মোক বাওঁপন্থী বুলি আখ্যা দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে প্ৰকাশ কৰে– আজিলৈ ধৰ্মই কোনো জাতি বা সমাজক ন্যায় প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ধৰ্মৰ আধাৰত পৰিচালিত হোৱা ৰাজনীতিয়েও কোনোদিনে ন্যায় দিব নোৱাৰে।

অনুষ্ঠানত উদয়াদিত্য ভৰালী, অৱনী বৰঠাকুৰ, অনিমা গুহ, নিৰুপমা বৰগোহাঞি, জ্যোতিপ্ৰসাদ শইকীয়া আদি বিশিষ্ট্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কবিতা পাঠ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা ড অনুৰাধা দত্ত আৰু কবি নীলমণি ফুকন, হৰেকৃষ্ঞ ডেকা, অনুপজ্যোতি চৌধুৰীয়ে। শিল্পী সুদক্ষিণা শৰ্মা, লোকনাথ গোস্বামী আৰু ঋষিৰাজ শৰ্মাই গীত পৰিবেশন কৰে।  

 

শিৰোনামৰ ছবিঃ ইষ্টৰ্ণ ফ’টো ছাৰ্ভিচ

Photo Courtesy: Eastern Photo Service 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward