Monday, April 29, 2024
Homeবাতৰিভাগীৰথী নাট্য যাত্ৰাদলৰ এই বৰ্ষৰ নাট্যসম্ভাৰ

ভাগীৰথী নাট্য যাত্ৰাদলৰ এই বৰ্ষৰ নাট্যসম্ভাৰ

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

মুকুল কলিতা –

আপোচ বিহীনভাৱে বিগত তিনিটা বৰ্ষত ৰুচিসম্পন্ন নাটৰ প্ৰযোজনাৰে অসমৰ যাত্ৰাজগতৰ অবিসম্বাদী যাত্ৰাদলত পৰিণত হোৱা ভাগীৰথী যাত্ৰা দলে ব্যতিক্ৰমহীন ভাৱে এই বেলিও ২০১৭–১৮ চনৰ ভাবে এক ভব্য আয়োজন কৰিছে। ভাগীৰথী যাত্ৰা দলৰ অনন্য বৈশিষ্ট্য হ’ল বলিষ্ঠ, কলাসূলভ, জাক জমকতাপূৰ্ণ, নিৰ্ভীক আৰু তিনিখন মঞ্চত কলা–পোহৰ–সংগীত–সাজ–সজ্জাৰে পূৰ্ণ মৌলিক নাট।

২০১৭–১৮ বৰ্ষত চতুৰ্থ বৰ্ষৰ বাবে আয়োজন ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা এইবেলিৰ নাট্য আয়োজনো ইয়াৰ ব্যতিক্ৰম নহয়। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো ভাগীৰথীৰ প্ৰধান নাট হ’ব যশস্বী নাট্যকাৰ ভৱেশ দাসৰ বন–কন্যা। তথাকথিত ফৰ্মূলামাৰ্কা, অন্য নাটকক দৃষ্টিকটুভাৱে কপি কৰি প্ৰদৰ্শন কৰা বাণিজ্যিক নাট সমূহৰ বিপৰীতে শ্ৰীভৱেশ দাসৰ ৰচনা আৰু পৰিচালনাৰে সাজু হৈ উঠা ‘বন–কন্যা’ এক বৃহৎ অনন্য আৰু মৌলিক প্ৰযোজনাৰে দৰ্শকক এক সুন্দৰ নাট উপহাৰ দিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ভাগীৰথী ইতিমধ্যে প্ৰচাৰ হোৱা বেনাৰে যাত্ৰা নাটপ্ৰেমী দৰ্শক ৰাইজৰ মনত পুলকিত কৰি তুলিবলৈ সক্ষম হৈছে।

 

শিৰোনামৰ ছবিঃ মুকুল কলিতা

Photo Courtesy: Mukul Kalita

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward