Monday, April 29, 2024
Homeবাতৰিঅসমৰ কৃষকলৈ সুদ বিহীন ঋণঃ ৰাজ্য চৰকাৰৰ ঘোষণা

অসমৰ কৃষকলৈ সুদ বিহীন ঋণঃ ৰাজ্য চৰকাৰৰ ঘোষণা

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

চৰাইদেউ জিলাৰ মাহমৰা কোঁৱৰ গাঁৱত যোৱা ২২ জুলাই তাৰিখত ‘শাওনৰ সাওৰি’ শীৰ্ষক এক কৃষি কাৰ্যসূচী আয়োজন কৰে। জিলা প্ৰশাসনে উদ্যোগ লোৱা উক্ত কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ তত্ত্বাবধানত এই কৃষি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এইটোৱেই হ’ল জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত অনুষ্ঠিত হোৱা ন’ ভূঁই ৰোৱা অনুষ্ঠান। য’ত এশখন গৰু–ম’হৰ হালেৰে হাজাৰ বিঘা প্ৰস্তুত কৰা মাটিত সহস্ৰাধিক ৰোৱনীয়ে কঠীয়া ৰোপণ কৰে বুলি এক সূত্ৰত প্ৰকাশ।

‘শাওনৰ সাওৰি’ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰে এখন ৰাজহুৱা সভাৰ। জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে আঁত ধৰা উক্ত সভাখনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়– অসমৰ ভৱিষ্যত সুৰক্ষিত হ’ব কৃষি পথাৰতহে। সেয়ে অসমৰ অৰ্থনীতিৰ বুনিয়াদ গঢ় দিব লাগিব কৃষি অৰ্থনীতিৰ জৰিয়তে। অসমৰ শক্তি যদি বিশ্বত প্ৰদৰ্শন কৰিবলগীয়া হয় তেনেহ’লে অসমৰ কেঁচা মাটিক বিজ্ঞান–প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি উৎপাদন বৃদ্ধিৰ দ্বাৰা অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব লাগিব। ৰাজ্যখনৰ প্ৰতিজন দৰিদ্ৰ কৃষকে কেচিচি ঋণ সহজে গ্ৰহণত সুনিশ্চিত কৰিবলৈ বেংক বিষয়া আৰু জিলা প্ৰশাসনৰ মুৰব্বীসকলক আহ্বান জনায়। ৰাজ্য চৰকাৰে কৃষকসকলক সুদবিহীন ঋণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য কৰে। চৰকাৰী শাসনযন্ত্ৰ দূৰ্নীতিমুক্ত হ’লেহে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ সঠিক ৰূপায়ন হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰতিখন গাঁৱৰ কৃষকক শক্তিশালী কৰিবলৈ ৩৩ হাজাৰ কোটিৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া আঁচনিখনৰ জৰিয়তে নিবনুৱা যুৱক–যুৱতীসকলে মৰ্যাদা সহকাৰে এক সন্মানজনক আত্মসংস্থাপনৰ পথ লাভ কৰিব।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে ৩১ গৰাকী ভূমিহীনক মাটিৰ পট্টা, ৩০গৰাকীক ভূমি আৱণ্টন পত্ৰ, ২৪০ জনক কে চি চি ঋণ, ১৮০৮ গৰাকী ধুমুহাত ক্ষতিগ্ৰস্তক আৰ্থিক সাহাৰ্য প্ৰদান, ১৫০গৰাকী হিতাধিকাৰীক ৰন্ধন গেছ, দুখন সাৰ বিতৰণ কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ আৰু এহাজাৰ চোম গছৰ পুলি বিতৰণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ।

উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জিলা প্রশাসনৰ বিভিন্ন বিভাগৰ বিষয়া–কৰ্মীসকলে অংগ্ৰহণ কৰে। অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে সমষ্টিটোৰ স্থানীয় বিধায়ক যোগেন মহনে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward