Monday, April 29, 2024
Homeবাতৰিউদ্বিগ্নতা প্ৰকাশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰঃ ৰাজ্য চৰকাৰলৈ নিৰ্দেশ

উদ্বিগ্নতা প্ৰকাশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰঃ ৰাজ্য চৰকাৰলৈ নিৰ্দেশ

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

 

চানডুবি নিউজ ব্যুৰ’–

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাজেৰে অতিক্ৰম কৰা ৩৭নং ঘাইপথক লৈ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। এই ৰাষ্ট্ৰীয় পথেৰে যাতায়ত কৰা যান–বাহনৰ খুন্দাত উদ্যানৰ বন্যপ্রাণীৰ মৃত্যুৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

বিশেষকৈ বানপানীৰ সময়ত উদ্যানখনৰ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ দিয়াই নহয় তীব্ৰ ভৰ্ৎসনা কৰে বুলিও এক সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰহৈ যোৱা ঘাইপথছোৱাত পথ দূৰ্ঘটনাত দৈনিক কিমান বন্যপ্ৰাণীৰ মৃত্যু হৈছে বুলি প্ৰশ্ন কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মুখ্য ন্যায়াধীশ স্বতন্ত্রৰ কুমাৰ নেতৃত্বাধীন বিচাৰপীঠখনে। ট্ৰেফিক চেন্সৰ স্থাপনৰ পিচতো বন্যপ্রাণীক নিৰাপত্তা দিবলৈ কিয় ব্যৰ্থ, নে ট্ৰেফিক চেন্সৰ সমূহে কাম কৰা নাই সেই সকলোবোৰ কথা আদালতক জনোৱাৰ নিৰ্দেশ দিলে। লগতে উদ্যানৰ মাজেৰে যোৱা ঘাইপথছোৱাত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰো সবিশেষ জানিব খুজিছে আদালতখনে।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ১০ জুলাই তাৰিখলৈকে অধিক বোজাই কৰা আৰু তীব্ৰবেগী বাহনৰ ক্ষেত্ৰত ১০১০ খন চালান জাৰি কৰা বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক জনায়। স্বয়ংচালিত ট্ৰেফিক বেৰিয়াৰ স্থাপন কৰা ঘাইপথ ছোৱাত এতিয়ালৈকে কোনো বন্যপ্ৰাণীৰ মৃত্যু ঘটা নাই বুলিও আদালতখনক অবগত কৰে।

উদ্যানখনৰ সঞ্চালকে আদালতক জনোৱামতে– উদ্যানৰ মাজেৰে দ্ৰুত গতিত চলাচল কৰা বাহনসমূহক ধৰা পেলাবলৈ উক্ত পথছোৱাত ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকে তিনিখন ইণ্টাৰচেপ্টৰ বাহন।

কাজিৰঙাৰ স্থানীয় যুৱক ৰোহিত চৌধুৰীয়ে উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ঘাইপথটো সম্প্ৰসাৰণৰ বিৰোধিতা কৰি আৰু পথ দূৰ্ঘটনাত বন্যপ্ৰাণী মৃত্যু হোৱাটো বন্ধ কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত এখন আবেদন দাখিল কৰিছিল। চৌধুৰীৰ অধিবক্তাই উক্ত পথ ছোৱাত ১০ দিনৰ ভিতৰত ৯টা হিৰণৰ মৃত্যু হোৱা বুলি ন্যায়াধিকৰণক জনাইছে। ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱা বুলি জনোৱাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়।

আনহাতে আদালতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। পথছোৱাৰ কোন ঠাইত চেন্সৰ বেৰিয়াৰ সংযোগ কৰা হৈছে আৰু কোন ঠাইত কৰা হোৱা নাই সেইটোকো আদালতক জনাবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধিকৰণে পূৰ্বতে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিবেগত যোৱা বাহনক পাঁচ হাজাৰ টকা জৰিমনা বিহা নিয়ম আছিল।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward