Tuesday, April 16, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চলৰ মহিলাৰ জীৱিকা নিৰ্বাহৰ আঁচনিলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সমৰ্থন

উত্তৰ–পূৰ্বাঞ্চলৰ মহিলাৰ জীৱিকা নিৰ্বাহৰ আঁচনিলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সমৰ্থন

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

উত্তৰ–পূৰ্বাঞ্চলৰ মহিলাসকলক আগুৱাই নিবলৈ আগ্ৰহী ৰাষ্ট্ৰীয় মহিলা আয়োগ। শিক্ষিত আৰু জীৱন–জীৱিকাৰ বাবে উপযুক্ত ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া প্ৰশিক্ষণ সম্পৰ্কীয় আঁচনিসমূহত এতিয়াৰ পৰা আয়োগে সমৰ্থন আগবঢ়াই যাব।

চহৰৰ পাৰ্শ্বৱৰ্তী আৰু গ্ৰাম্য অঞ্চলৰ মহিলা এগৰাকীয়ে আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ শিক্ষাৰ মান উন্নত কৰাৰ লগতে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থাও কৰিব পাৰি। এই সম্পৰ্কত যোৱা ৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নৱ নিৰ্বাচিত সদস্য ছ’চ’ শ্বাইজাই ড’নাৰ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী ড জিতেন্দ্ৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকতে মহিলাৰ বিকাশৰ বাবে মন্ত্ৰ্যালয়ে ইতিমধ্যে গ্ৰহণ কৰা আঁচনি সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত সমল আৰু সমৰ্থন আগবঢ়াই যোৱাৰ কথা ব্যক্ত কৰে আয়োগৰ সদস্য গৰাকীয়ে।

ড’নাৰ মন্ত্ৰ্যালয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা সূত্ৰমতে, উত্তৰ–পূৰ্বাঞ্চলৰ ছাত্ৰীসকলৰ বাবে বেংগালুৰু বিশ্ববিদ্যালয় চৌহদত এটা সূকীয়া ছাত্ৰীনিৱাস নিৰ্মাণ কৰিছে। ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ছাত্ৰীনিৱাসটোৰ সমগ্ৰ পুঁজি উত্তৰ–পূব পৰিষদ (এন ই চি) আৰু ড’নাৰ মন্ত্ৰ্যালয়ে বহন কৰিছে। তেনেদৰে  দুশ আসন সন্নিবিষ্ট ছাত্ৰীনিৱাস এটা অতিসোনকালে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদতো নিৰ্মাণ কৰিব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward