Friday, March 29, 2024
Homeবাতৰিআই বি এছ ডি’ৰ অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোটৰ আধাৰশিলা স্থাপন

আই বি এছ ডি’ৰ অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোটৰ আধাৰশিলা স্থাপন

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ, ২০১৮  

চি এন ডেক্স

মেঘালয়ত অৰ্কিড (কপৌফুল) সংৰক্ষণ আৰু উৎপাদনত গুৰুত্ব আৰোপ কৰিছে জৈৱ সম্পদ আৰু ধাৰণক্ষম বিকাশ প্ৰতিষ্ঠানটোৱে (The Institute of Bioresources and Sustainable Development চমুকৈ আই বি এছ ডি)। ৰাজধানী চহৰ শ্বিলঙত অৰ্কিডেৰিয়াম (অৰ্কিড খেতিৰ বাবে সংৰক্ষিত ক্ষেত্ৰ) আৰু অৰ্কিড উৎপাদন গোট এটি অতিশীঘ্ৰে নিৰ্মাণ কৰি উলিওৱাৰ কথা প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে। সেই উপলক্ষে যোৱা ৫ ডিচেম্বৰত উক্তক্ষেত্ৰৰ আধাৰশিলা মুকলি কৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই।

আধাৰশিলা অনুষ্ঠানৰ ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– ‘মেক ইন মেঘালয়’ অভিযান আঁচনিৰ অধীনত জৈৱ সম্পদ আৰু ধাৰণক্ষম বিকাশ প্ৰতিষ্ঠানে গ্ৰহণ কৰা পদক্ষেপ ৰাজ্যখনৰ বাবে অতি গুৰুত্বপূৰ্ণ মাইলৰ খুটি স্বৰূপ। হ’লেণ্ড বিশ্বৰ ভিতৰত সৰ্বাধিক অৰ্কিড উৎপাদনকাৰী দেশ, তাৰ পিচৰ স্থান অধিকাৰ কৰিছে থাইলেণ্ডে। তদুপৰি জাপান হ’ল বিশ্বৰ সৰ্বাধিক অৰ্কিড আমদানী কৰা দেশ বুলি তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে।

আই বি এছ ডি’ৰ সঞ্চালক অধ্যাপক দিনবন্ধু চাহুৱে উত্তৰ–পূৰ্বাঞ্চলত ৮৫০ বিধতকৈ অধিক প্ৰজাতিৰ অৰ্কিড উপলব্ধ যদিও উন্নত প্ৰযুক্তিসম্পন্ন অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট নথকা বুলি আদৰণি ভাষণত প্ৰকাশ কৰে। তেখতে প্ৰকাশ কৰে যে মেঘালয়ৰ বিভিন্ন প্ৰান্তত অৰ্কিড উৎপাদন গোট স্থাপন কৰি ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতী, পুৰুষ–মহিলা কৃষকসকল উপকৃত হ’ব পৰাকৈ অৰ্কিড উৎপাদন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। অকল মেঘালয় নহয় উত্তৰ–পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অৰ্কিড ভিত্তিক বায়–এণ্ট্ৰেপ্ৰিনিউৰশ্বিপ গঠন কৰা হ’ব। মেঘালয়ৰ জনসাধাৰণ লাভবান হ’ব পৰাকৈ আৰম্ভ কৰা কাম–কাজত সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতি এক আহ্বান জনায়।

অনুষ্ঠানত নগৰ পৰিক্ৰমা মন্ত্ৰী হেমলেটছন ড’লিঙে তেখেতে প্ৰতিনিধিত্ব কৰা বিধান সভা সমষ্টিত উক্ত প্ৰকল্পটো নিৰ্মাণৰ পদক্ষেপ লোৱাত আই বি এছ ডি’ক আন্তৰিক অভিনন্দন জনায়। প্ৰকল্পটো স্থাপনে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য আৰু সেউজ অৰ্থনীতি সবল কৰি তুলিব বুলি তেখেতে উল্লেখ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward