Saturday, April 20, 2024
Homeবাতৰিউন্নত প্ৰযুক্তিৰে ভাৰত–বাংলাদেশ সীমান্তৰ উন্মুক্ত নদী এলেকা ছীল কৰিব

উন্নত প্ৰযুক্তিৰে ভাৰত–বাংলাদেশ সীমান্তৰ উন্মুক্ত নদী এলেকা ছীল কৰিব

প্ৰকাশিত তাৰিখঃ ৩ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

ডিচেম্বৰ মাহতে অত্যাধুনিক প্ৰযুক্তিৰে ভাৰত–বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উন্মুক্ত এলেকা ছীল কৰিব। শক্তিশালী কেমেৰা, স্বয়ংক্ৰিয় চেন্সৰ প্ৰয়োগেৰে ছীল কৰিব এই সীমান্ত এলেকা য’ত মানুহ, জীৱ–জন্তু প্ৰৱেশ কৰিব খুজিলেই বাজি উঠিব এলাৰ্ম। কেন্দ্ৰীয় চৰকাৰে এই আঁচনি যদি সঠিকভাৱে ৰূপায়ণ কৰি নিৰাপত্তা সুদৃঢ় কৰে তেনেহ’লে আগন্তুক নৱবৰ্ষত অসমবাসীৰ বাবে এয়া এক সুখৰ খবৰ বুলিয়েই ক’ব লাগিব।   

এই মন্তব্য অলপতে নতুন দিল্লীত বি এছ এফৰ সঞ্চালক প্ৰধান ৰজনী কান্ত মিশ্ৰই এক সংবাদমেলত প্ৰকাশ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰামতে– চি আই বি এছ এম (Comprehensive Integrated Border Management System) আঁচনিৰ অধীনত ৰাষ্ট্ৰ দুয়োখনৰ ব্ৰহ্মপুত্ৰ নদীৰ ধুবুৰী অঞ্চলত ৬০ কিল’মিটাৰ এলেকা ছীল কৰাৰ কাম আৰম্ভ কৰিছে। ভাৰত–পাকিস্তান সীমান্তৰ ৫.৫ কিল’মিটাৰ এলেকা এই আঁচনিৰ অধীনত ইতিমধ্যে সমাপ্ত কৰা বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে।

তেখেতে পুনৰ উল্লেখ কৰে যে, ভাৰত–বাংলাদেশ সীমান্ত এলেকা অপৰাধীৰ ভূ–স্বৰ্গলৈ পৰিণত হৈ পৰিছে। উক্ত সীমান্তৰে অনুপ্ৰৱেশ চলি থকাৰ লগতে সমান্তৰালভাৱে চোৰাং ব্যৱসায়ো চলি আছে। চলিত বৰ্ষত সীমান্ত সুৰক্ষা বাহিনীয়ে ১,৩১৫ কোটি টকাৰ ৩০,৫১৬ কিল’গ্ৰাম নিচাযুক্ত সামগ্ৰী আৰু ৮.৩৭ কোটি টকা মূল্যৰ সোণ জব্দ কৰিছে।

উল্লেখযোগ্য যে, ভাৰত–বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য ৪,০৯৬ কিল’মিটাৰৰ ভিতৰত ৭৭০ কিল’মিটাৰ নদী এলেকা। দুয়ো দেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্যৰ ৩০২৬ কিল’মিটাৰ এলেকাত কাঁইটীয়া তাঁৰৰ বেৰ সম্পন্ন কৰাৰ বিপৰীতে ১.০৭০ কিল’মিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ আছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward