Friday, April 19, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চলৰ সাত ৰাজ্যৰ ঐক্যবদ্ধ আন্দোলনৰ পোষকতা

উত্তৰ–পূৰ্বাঞ্চলৰ সাত ৰাজ্যৰ ঐক্যবদ্ধ আন্দোলনৰ পোষকতা

প্ৰকাশিত তাৰিখঃ ২৮ জানুৱাৰী, ২০১৯

 

চি এন ডেক্স

জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬, বিৰোধিতা আৰু বাতিলৰ দাবীত এতিয়াৰ পৰা উত্তৰ–পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যই ঐক্যবদ্ধভাৱে প্ৰতিবাদ চলাই যাব। এই সন্দৰ্ভত যোৱা ২৫ জানুৱাৰী শুকুৰবাৰে অগপ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত এটা সঁজাতি দলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ তুৰাস্থিত বাসভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বিধেয়কখনে অসম তথা উত্তৰ–পূৰ্বাঞ্চললৈ কঢ়িয়াব পৰা সংকটৰ ফলত খিলঞ্জীয়া জাতি–জনগোষ্ঠীয়ে সন্মূখীন হ’ব পৰা বিপদৰ পৰা ৰক্ষা পাবলৈ বহুকেইটা বিষয়ত এক ঐক্যমতত উপনীত হয়।

উল্লেখনীয়, অগপ দল শাসকীয় চৰকাৰৰ অংশীদাৰ ত্যাগ কৰাৰ বিপৰীতে মেঘালয়ৰ চৰকাৰ এইপৰ্যন্ত বিজেপি সমৰ্থিত  চৰকাৰৰ অংশীদাৰ হৈয়েই আছে। বিজেপিৰ অংশীদাৰ হোৱাৰ পিচতো মুখ্যমন্ত্ৰী কনৰাড চাংমাই গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব বিধেয়কখন বিৰোধেৰে তীব্ৰ প্ৰতিবাদ জনাইছিল। বিশেষকৈ জাতিৰ সংকটৰ সময়ত অগপ দলে লোৱা এনে স্থিতিক মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অভিনন্দন জনায়। লগতে বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল একত্ৰিত হোৱাৰ সময় বুলি দোহাৰে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সতে বৈঠকৰ সময়ত সভাপতি অতুল বৰাই এইদৰে প্ৰকাশ কৰে– এই বিধেয়কখন গৃহীত হোৱাৰ পিচত খিলঞ্জীয়াৰ সংকট নামি অহাই নহয় ঐতিহাসিক অসম চুক্তিকো উলংঘা কৰিব। বিধেয়কখন আইনলৈ ৰূপান্তৰ হোৱাৰ পিচত ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হ’ব। উত্তৰ–পূৰ্বাঞ্চলৰ দল–সংগঠন আৰু জনসাধাৰণৰ আবেগ অনুভূতিক গুৰুত্বহীন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰৰ এনে বৈষম্যমূলক নীতিৰ বিৰোধীতা কৰি তাক প্ৰতিহত কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক নেতৃত্ব ল’বলৈ আহ্বান জনায়। ভৱিষ্যতে বিধেয়ক বিৰোধী সংগ্ৰামখনে নতুন গতি লাভ কৰাৰ লগতে কেন্দ্ৰৰ বিৰুদ্ধে শক্তিশালী জনমত গঠনৰ এক ইংগিত দিয়ে।  

উক্ত বৈঠকত অগপ দলৰ সভাপতি সহিতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাকমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰদীপ হাজৰিকাইয়ো উপস্থিত আছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward