প্ৰকাশিত তাৰিখঃ ৮ এপ্ৰিল, ২০২৪
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী প্ৰকৃতিৰ সেউজীয়া আৱৰণে ঢাকি ৰখা এখন গাঁও ছাটাৰগাঁও। ছাটাৰগাঁও অসম–মেঘালয় সংযোগী আজাৰা–ৰাণী–মাইৰাং (এন ই চি) পথৰ সজ্জ্বনপাৰা বজাৰৰপৰা ৭ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ১২ কিলোমিটাৰ দূৰৈত অৱস্থিত। ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজত অৱস্থিত গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশে সকলোকে মুগ্ধ কৰে।
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাভা জনগোষ্ঠী বসতিপ্ৰধান ছাটাৰগাঁওখন প্ৰায় দুশ বছৰ আগতে গঠন হৈছিল। বৰ্তমান ৬০টা পৰিয়াল থকা গাঁওখন পশ্চিম গুৱাহাটী সমষ্টিৰ অধীন। আনহাতে, গাঁওখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰো এলেকাধীন। গাঁওখনৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান ছাটাৰগাঁও প্ৰাথমিক বিদ্যালয় ১৯৫৯ চনত স্থাপন কৰা হৈছিল। ছাত্ৰ–ছাত্ৰীসকলে প্ৰাথমিক শিক্ষা গাঁওখনৰ বিদ্যালয়তে সমাপ্ত কৰি ৮ কিলোমিটাৰ দূৰৈৰ উপৰদানী হাইস্কুলত পঢ়াশুনা কৰিবলগীয়া হয়। হাইস্কুলীয়া শিক্ষা সমাপ্তিৰ পিছত আজাৰা, ধাৰাপুৰ, মিৰ্জা, পাণ্ডু আদিত কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলগা হয়।
ছাটাৰগাঁৱৰ ৭ কিলোমিটাৰ দূৰৈৰ সজ্জ্বনপাৰাত আছে এখন উপ–স্বাস্থ্যকেন্দ্ৰ। কেন্দ্ৰটোত চিকিৎসাৰ উন্নত ব্যৱস্থা নথকা বাবে আৰু ৫ কিলোমিটাৰ অতিক্ৰম কৰি ৰাণীৰ ৩০খন বিচনাযুক্ত সামূহিক চিকিৎসালয়লৈ আহিব লাগে।
ছাটাৰগাওবাসীয়ে এতিয়াও নিজৰা, কেঁচা কুঁৱাৰ পৰা খোৱা পানী সংগ্ৰহ কৰে। গাঁওখনত জল জীৱন মিচনৰ এটা কে্দ্ৰ স্থাপন হৈছে, যদিও এইপৰ্যন্ত ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠা নাই।
আজি বহু বছৰ আগতে সজ্জ্বনপাৰাৰ পৰা ছাটাৰগাঁৱলৈ বিজুলী সংযোগৰ ব্যৱস্থা লৈছিল। ঘন জংঘলৰ মাজেৰে বিদ্যুৎ বিভাগে ৭ কিলোমিটাৰ দৈৰ্ঘ এলেকাত পকী খুঁটা পুতি তাঁৰ সংযোগ সম্পূৰ্ণ কৰি তুলিছিল। কিন্তু সমগ্ৰ এলেকাটো বনৰীয়া হাতীৰ বসতিস্থল হোৱা বাবে বিদ্যুতৰ খুঁটা সমূহ হাতীয়ে ভাঙি–ছিঙি লণ্ড–ভণ্ড কৰিছিল। এনে কাণ্ডত বনৰীয়া হাতীৰ বিপদ ঘটাৰ সম্ভাৱনাই অধিক। সেয়ে সকলো সম্পূৰ্ণ হৈ উঠাৰ পিছতো বিভাগে বিদ্যুৎ পৰিবহন সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলগীয়া হৈছে। তাৰ পৰিৱৰ্তে চৰকাৰী, বেচৰকাৰীভাৱে সৌৰশক্তি চালিত লাইট যোগান ধৰি গাঁওখনৰ বিদ্যুতৰ অভাৱ দূৰ কৰিছে।
ছাটাৰগাঁও নৱজ্যোতি সংঘৰ উপদেষ্টা অজয় ৰাভাই কৈছিল– আমাৰ গাঁওখন হাতীৰ বসতিস্থলৰ মাজত অৱস্থিত। আমাৰ গাঁৱৰ উপৰিপুৰুষসকলে বনৰীয়া হাতীৰ লগতেই সহাৱস্থান কৰি গৈছিল। আজিলৈকে আমিও সেই পথকে অনুসৰণ কৰি আহিছো। হয়তো আমাৰ পিছৰ প্ৰজন্ময়ো একেই পথকে অনুসৰণ কৰিব লাগিব। বছৰ বছৰ ধৰি আমাৰ খেতিপথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ চলাৰ ফলত ধানখেতি সম্পূৰ্ণৰূপে বাদ দিবলগীয়া হৈছে। অৱশ্যে, বনৰীয়া হাতীয়ে আমাৰ খেতিপথাৰ তহিলং কৰিলেও মানুহক অনিষ্ট কৰা নাছিল। কিন্তু ২০২৩ চনৰ ২৭ জুনত গাঁওখনৰ ৭০ বছৰীয়া মহিলা কাঞ্চন ৰাভাই দুৰ্ভাগ্যজনকভাৱে হাতীৰ গচকত মৃত্যুক সাৱতি ল’বলগীয়া হয়। ২০২৩ চনত এই গাঁওখনৰ যুৱক তপন ৰাভাই অগ্নি বীৰত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। তপনেই হ’ল গাঁওখনৰ চৰকাৰী চাকৰি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। সেয়ে তপনৰ পিতৃ খগেন ৰাভাই নহয় গাঁওখনৰ সকলোৱে যুৱকজনক লৈ গৌৰৱ অনুভৱ কৰে।
উল্লেখনীয় যে, এইমুহুৰ্তলৈকে ছাটাৰগাঁও এখন অপৰাধ মুক্ত গাঁও হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। মানে– অপৰাধী ধৰিবলৈ গাঁওখনত এবাৰো আৰক্ষীৰ প্ৰৱেশ ঘটা নাই। কিয়নো গাঁওখনত এতিয়ালৈকে হিংসাত্মক অথবা অপৰাধজনিত কোনো ঘটনাই ঘটা নাই। সেয়ে গাঁওখনৰ মানুহে থানা, ক’ৰ্ট–কাছাৰীতো ভৰি দি পোৱা নাই। বৰ্তমান যান্ত্ৰিকতাৰ দ্ৰুত উন্নয়নৰ দিনতো য’ত, ভোগবাদী লালসাই মানুহক মূল সূঁতিৰ পৰা নিলগাই লৈ গৈছে, তেনে সময়তো এখন গাঁৱৰ মানুহ যে কেনেকৈ হিংসাত্মক, অপৰাধজনিত ঘটনাৰপৰা দূৰৈত থাকিব পাৰে সেয়া আজিৰ তাৰিখত কল্পনা কৰাও কঠিন। সেইবাবেই ছাটাৰগাঁও আজিকালি পৰ্যটকসকলৰ অতিকৈ প্ৰিয় ঠাই হৈ পৰিছে।
গাঁওখনৰপৰা ২ কিলোমিটাৰ দূৰৈত মনোৰম প্ৰকৃতিৰ মাজত অকলশৰে বৈ আছে ‘থিয়পানী’ জলপ্ৰপাত। উক্ত জলপ্ৰপাত প্ৰাণভৰি চাবলৈ বহুলোকৰ প্ৰৱেশ ঘটে। অসম চৰকাৰে সজ্জ্বনপাৰা বজাৰৰপৰা গাঁওখনৰ মূৰলৈকে ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল পথটো পকীকৰণ কৰিছে। যদিও– গাঁওখনৰ মাজত চলাচল কৰা পথ, গাঁওখনৰ মাজৰে বৈ যোৱা পাহাৰীয়া নদীটোৰ ওপৰত কালভাৰ্ট নিৰ্মাণৰ কাম কৰিবলগীয়া আছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত গাঁওখনে সম্পূৰ্ণৰূপে বাদ দিবলগীয়া হোৱা ধানখেতিৰ বিকল্প ব্যৱস্থাৰ বিষয়েও চিন্তা কৰিবলগীয়া আছে। বৰ্তমান ৰাণী উন্নয়ন খণ্ড এলেকাত নতুনকৈ গঠন হোৱা ‘ৰাংচাৰী ফাৰ্মাৰচ প্ৰডিউচাৰ কোম্পানী লিমিটেড’ নামৰ কষক সংগঠনটোৱে ছাটাৰগাঁৱত ধানখেতিৰ বিকল্প কৃষি ব্যৱস্থা সন্দৰ্ভত চিন্তা–চৰ্চা কৰি আছে। অলপতে কোম্পানীটোৰ প্ৰতিনিধি দল এটাই গাঁওখন ভ্ৰমণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News