Wednesday, September 18, 2024
HomeARTICLEকলহী, বাথা নদীৰ বালিক লৈ গঢ়ি উঠা গ্ৰাম্য অৰ্থনীতিৰ ভেটিত আঘাত

কলহী, বাথা নদীৰ বালিক লৈ গঢ়ি উঠা গ্ৰাম্য অৰ্থনীতিৰ ভেটিত আঘাত

প্ৰকাশিত তাৰিখঃ ২০ ছেপ্টেম্বৰ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা–

দক্ষিণ কামৰূপৰ কুলশী এক জৈৱ–বৈচিত্ৰ্যৰে ভৰ–পূৰ অৰণ্য অঞ্চল। কুলশীৰ মাজেৰেই প্ৰৱাহমান কলহী নৈ। কলহীক স্থানীয় লোকসকলে আগেয়ে হেনো নীলা নদী বুলিছিল। গভীৰ নৈখনৰ পানী নীলা দেখা গৈছিল বাবেই চাগে নামটো দিছিল নীলা নদী। মেঘালয়ৰ পাহাৰৰপৰা বৈ অহা বিভিন্ন পানীৰ স্ৰোতৰ সন্মিলিত শক্তিয়েই হৈছে কলহী। কলহী মিলিছেগৈ ব্ৰহ্মপুত্ৰত। কেইবাটাও দশকজুৰি কলহীৰ বুকুৰ বালিৰ দ্বাৰাই স্থানীয় লোকে গঢ়ি তুলিছে গ্ৰাম্য অৰ্থনীতি। অৱশ্যে বাৰিষা কালত এই অঞ্চলত ব্যাপক বৰষুণ হয় আৰু কলহৰ কাণেদি পানী ঢালি দিয়াৰ দৰে বাৰিষা নৈখনেৰে পানী বৈ বাবেই নৈখনৰ নাম কলহী হয়। এই কথা ৰাজ্য চৰকাৰৰ প্ৰশাসনিক বিষয়া দিনমণি দাসেও বিভিন্ন সময়ত উল্লেখ কৰিছে। নদীখনৰ বালি উঠাই অঞ্চলটোৰ বহু দূখীয়া পৰিয়ালে পেট প্ৰৱৰ্তাই আছে। ইপিনে, চৰকাৰেও কম–বেছি পৰিমাণে বালিৰপৰা নিয়মীয়াকৈ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। একেদৰে, নদীখনত পোৱা বিভিন্ন প্ৰজাতিৰ মাছৰো এক সুকীয়া নাম আছে। নদীখনত প্ৰায় পঞ্চাশ বিধৰো অধিক মাছ পোৱা যায়। পিছে, জীৱন–জীৱিকাৰ প্ৰধান স্থলী কলহী নদীৰ বুকু আজি–কালি শুকাবলৈ আৰম্ভ কৰিছে। নদীখনৰ জলস্তৰৰ গভীৰতা বাৰিষা সাতৰপৰা পোন্ধৰ ফুটপৰ্যন্ত থাকে যদিও কিন্তু এই মুহূৰ্তত নদীখনৰ জলস্তৰৰ গভীৰতা মাত্ৰ তিনি ফুটমানহে হ’ব। এইবাৰ মে’ মাহৰ শেষলৈকে নদীখনৰ বুকু শুকান হৈয়েই আছিল। আজি পাঁচ বছৰমান হ’ল নদীখনৰ বুকু এনেদৰে শুকাবলৈ আৰম্ভ কৰা। এবছৰ মূল কলহীখন শুকালে তাৰ পাছৰ বছৰ কুলশী–কুকুৰমাৰা নদীখন শুকায়। যোৱা বছৰ হেনো মূল কলহী নদীখন শুকাইছিল। এইবাৰ কুলশী–কুকুৰমাৰা নদীখন শুকাইছে যদিও মূল কলহী নদীখনত কম পৰিমাণে পানী বৈয়েই আছিল। এনে পৰিস্থিতিত নদীখনৰ শুকান বুকু জীপাল কৰি তুলিবলৈ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰপৰা বন বিষয়া দ্বীবন ডেকাই অহৰহ চেষ্টা চলাইছে। সাপ্তাহিক বজাৰৰ কাষৰ দলংখনৰ আগত প্ৰায় দুশ মিটাৰ দূৰত্ব খাল খান্দি পানী বোৱাই আনিবলৈ চেষ্টা কৰিছে। এই কামত স্থানীয় ৰাইজেও পূৰ্ণ সহযোগ আগবঢ়োৱা বুলি বন বিষয়াগৰালকীয়ে প্ৰকাশ কৰিছে।

আনহাতে, পশ্চিম গুৱাহাটীৰ বাখালাপাৰা–জিমিৰি গাঁও–কুণ্ডিল নগৰ হৈ লোহাৰঘাট অঞ্চলৰ মাজেৰে বৈ যোৱা অন্য এখন নদী বাথাই। অঞ্চলটোত বাথাই নদী ‘বাথা’ নামেৰে জনাজাত। এই নদীখনৰো উৎপত্তিস্থল মেঘালয়। প্ৰায় ৫৫কিলোমিটাৰ দৈৰ্ঘ্যৰ বাথা নদী বিভিন্ন গাঁও, কৃষিভূমি অতিক্ৰম কৰি কুকুৰমাৰাত কুলশী নদীৰ সৈতে মিলিত হৈছে।

কলহীৰ দৰে বাথা নদীও অঞ্চলটোৰ প্ৰায় পঞ্চাশ হেজাৰ কৃষিজীৱি পৰিয়ালক জীৱন–জীৱিকা প্ৰদান কৰি আহিছে। অতীতত বয়োবৃদ্ধ লোকসকলে এষাৰ বচন মাতিছিল– ‘বাথাৰ পাৰত মাটি যাৰ– মটমটীয়া সোণগুটিৰ ভঁৰাল তাৰ।’ কৃষকসকলৰ ঘৰত সোণগুটিৰ ভঁৰাল থকাৰ লগতে অৰ্থনৈতিক অৱস্থাটোও স্বচ্ছল আছিল। সেয়ে তেনেবোৰ পৰিয়ালৰ ল’ৰা–ছোৱালীৰ মাজত বৈবাহিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰতো বাথা পাৰৰ খেতিবাতিৰ প্ৰসংগই প্ৰাধান্যতা লাভ কৰিছিল। ল’ৰাই বাথাৰ পাৰত খেতিবাতি কৰে অথবা ছোৱালীৰ দেউতাকৰ বাথাৰ পাৰত খেতিবাতি আছে। এই প্ৰসংগ আলোচনা কৰি পৰিয়ালসমূহে গৌৰৱ অনুভৱ কৰিছিল। অতি দূৰ্ভাগ্যৰ কথা সেই বাথা নদীৰো আজি গতিপথৰ চৰিত্ৰ সলনি হ’বলৈ ধৰিছে।   

প্ৰায় ২০১৫ চনৰ কথা। লোহাৰঘাট অঞ্চলৰে এজন যুৱক প্ৰদীপ ৰাভা। শ শ লোকে স্থানীয় বাথা নদীত বালি উঠাই জীৱিকা নিৰ্বাহ কৰাৰ দৰে প্ৰদীপ ৰাভায়ো বালি উঠোৱা কাম কৰিছিল। অন্য দিনৰ দৰে এদিন বালি উঠাবলৈ প্ৰদীপে নৈখনত নামিছিলহে মাত্ৰ। নমাৰ সয়ত একাঁঠু পানী থকা ঠাইখিনিত থিয় হৈ বালিৰ বিচাৰ–খোঁচাৰ কৰি থকা সময়তে হঠাৎ প্ৰদীপ ডিঙিলৈকে ডুব যায়। তাৰপাছত সমগ্ৰ মানুহজন বালিত ডুব গৈছিল। এনেদৰে জীৱন্তে সমাধিস্থ হৈ প্ৰদীপে তিলতিলকৈ মৃত্যুক সাৱতি লৈছিল। এনে ধৰণৰ অঘটনবোৰৰ মূল কাৰণটোনো কি। ইয়াৰ বাবে বালি ব্যৱসায়ীসকলে নদীখনৰপৰা জধে–মধে বালি উঠোৱা কাৰ্যকে ৰাইজে দোষাৰোপ কৰে। আজিৰপৰা বিশ বছৰ আগেয়ে কলহী আৰু বাথা নদীত বালি তুলিবলৈ বেলচা, কোৰ, বাল্টি, হাত নাওঁ, বাঁহৰ চাক, কলগছৰ ভূৰ আদি সঁজুলি ব্যৱহাৰ কৰিছিল। এই নাও–ভূৰৰ সহায়তে নদীৰপৰা বালি তুলি পাৰত মজুত কৰিছিল। সেই পদ্ধতিৰে এদিনত চাৰিজন মানুহে কোনোমতে এক ট্ৰাক বালি তুলি দিনটোৰ হাজিৰা উলিয়াইছিল। আজি কেইবছৰমানৰপৰা নদী দুখনত বেলচাৰে বালি উঠোৱাৰ পৰিৱৰ্তে পানীতোলা মেচিনকে বিশেষ পদ্ধতি প্ৰয়োগ কৰি বালি উঠোৱা কাৰ্যত ব্যৱহাৰ কৰিবলৈ লৈছে। এতিয়া মেচিনৰ সহায়ত আঢ়ৈ ঘণ্টাৰ ভিতৰত এক ট্ৰাক বালি উঠাব পৰা হ’ল। ইয়াৰ লগে লগে নদী দুখনত বালি তুলিয়েই জীৱন–নিৰ্বাহ কৰা বহু দুখীয়া পৰিয়ালৰ বেলচা–বাল্টি, হাত নাওঁ–কলগছৰ ভূৰ, বাঁহৰ চাক এইবোৰ সঁজুলি অতীত হৈ পৰিল। মেচিন ব্যৱহাৰৰ প্ৰভাৱত বালি উঠাই পেট প্ৰৱৰ্তাই থকা সাধাৰণ পৰিয়ালসমূহৰ জীৱিকা একপ্ৰকাৰ বন্ধ হৈ পৰিল। মানে– উৎকৃষ্ট বালি থকা স্থানবোৰ মেচিনে দখল কৰাৰ লগেলগে সাধাৰণ শ্ৰমিকখিনিৰো প্ৰয়োজন নোহোৱা হ’ল। সাধাৰণ শ্ৰমিক চামৰ জীৱন–জীৱিকালৈ সংকট নামি অহাৰ সময়ত মুষ্টিমেয় এচামৰ হাতত বৃহৎ পৰিমাণৰ ধন জমা হ’ল। 

উল্লেখ্য যে, মেচিনৰ তীব্ৰ গতিয়ে বালিৰ স্তৰ বহু দূৰলৈ ফোঁপোলা কৰি পেলায়। অ–বিজ্ঞানসন্মতভাৱে বালি খননৰ কু–প্ৰভাৱৰ ফলত নদী দুখনৰ পাৰ ভয়ানকভাৱে খহিবলৈ আৰম্ভ কৰিছে। নদী দুখন ঠায়ে ঠায়ে বহল হোৱাৰ বিপৰীতে ঠায়ে ঠায়ে ঠেক হৈ পৰিছে। নদীৰ গতিপথ সলনি হোৱাত পাৰ খহি বহু ঠাইত বালিয়ে খেতিপথাৰ পুতি পেলাইছে। তদুপৰি নৈ দুখনৰ জলস্তৰ হ্ৰাস পোৱা বাবে কৃষিভূমিৰ আৰ্দ্ৰতাও কমি গৈছে। তাৰ ফলত পথাৰসমূহৰ খেতি–বাতিও ভাল নোহোৱা হ’ল। এই অভিযোগ অঞ্চলটোৰ লোকৰ। কেন্দ্ৰীয় চৰকাৰৰ আইন মতে বালি ক্ষুদ্ৰ খনিজ সম্পদ। উক্ত আইন মতে– বৈধ অনুজ্ঞাপত্ৰ অবিহনে বালি খনন কাৰ্য বে–আইনী। এই মুহুৰ্তত– কলহী আৰু বাথা নদীত বৈধ বালি মহল কেইটা আছে, সেয়া জানিবপৰা নাযায়। বিভিন্ন লোকে কোৱা মতে– বৈধতকৈ অবৈধ বালি মহলৰ সংখ্যা অধিক। হ’বও পাৰে। আজিৰপৰা দুবছৰ আগেয়ে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এই অবৈধ বালি মহলৰ বিৰুদ্ধে এক অভিযান চলিছিল। এই অভিযান কালতে অবৈধ বালিৰ মহলসমূহ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল যদিহে এমাহৰ ভিতৰত বৈধ নথি–পত্ৰ যুগুত কৰি লোৱা নহয়। মুখ্য কাৰ্যবাহী গৰাকীৰ এই অভিযানৰ ফলত কিমানটা অবৈধ বালি মহলৰ নথি–পত্ৰ বৈধকৰণৰ ব্যৱস্থা কৰা হ’ল এইমুহুৰ্তত সঠিক তথ্য জনা নাযায়।

আজি কেইবছৰমান আগৰ কথা। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক এগৰাকীয়ে ব্যক্ত কৰিছিল– বাথা নদীত অবৈধ বালি তোলা মেচিন জব্দ কৰি কৰি তেওঁলোক হেনো ভাগৰি পৰিছে। আজি এঠাইত চাৰিটা মেচিন জব্দ কৰিলে কালি আন এঠাইত ছয়টা ব্যৱহাৰ কৰে। যিহেতু মেচিনবোৰ চাৰি–পাঁচ হেজাৰ টকাত কিনিবলৈ পোৱা যায়, সেয়ে বন বিভাগে মেচিনসমূহ জব্দ কৰিলেও পুনৰ কিনি আনিবলৈ বেপাৰীসকলে বিশেষ চিন্তা নকৰে। কিয়নো– এক ট্ৰাক বালি বেচিলেই এটা মেচিন কিনিব পৰাকৈ লাভৰ ধন আহে। গতিকে বন বিভাগে অবৈধ বালি তোলা মেচিন জব্দ কৰিলেও বেপাৰীয়ে পুনৰ কিনি লয়। অঞ্চলটোত চলিথকা অবৈধ কাঠফলা কলৰ ক্ষেত্ৰতো একেই অৱস্থা। মেচিনেৰে অ–বিজ্ঞানসন্মতভাৱে বালি উঠোৱা কাৰ্যৰ প্ৰতিবাদত অঞ্চল বিশেষে প্ৰায়েই ৰাইজ ওলাই আহে। ৰাইজৰ প্ৰতিবাদত বেপাৰীসকলে বহু ঠাইত মেচিনেৰে বালি উঠোৱা কাৰ্য বন্ধ কৰিব লগাও হৈছে। ৰাইজৰ প্ৰতিবাদত অঞ্চলটোৰ দুই–এঠাইত মেচিনেৰে বালি উঠোৱা বন্ধ হৈছে সঁচা, কিন্তু বৃহৎ অঞ্চলত এনে অবৈধ কাৰ্য অব্যাহত থকা বুলিও ৰাইজে অভিযোগ কৰি আহিছে। ইতিমধ্যে, বিগত দিনত কৰি যোৱা এনে কাম–কাজৰ কু–ফল বৰ্তমান ৰাইজে ভোগ কৰিবলৈ আৰম্ভ কৰিছে।

এনে কাৰ্যৰ ফলত যদি নদী দুখনৰ গতিপথ সলনি হয়, তেনেহ’লে সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ পৰিব কৃষিজীৱিসকল। সেয়ে নহয়, চৰকাৰেও বালিৰপৰা উচিত হাৰত ৰাজহ নাপাব আৰু ব্যৱসায়ীসকলো ক্ষতিগ্ৰস্ত হ’ব। ইপিনে– ভাতৰ সংকট হ’ব বালি তোলা শ্ৰমিকসকলৰো। বৰ্তমান বালি ব্যৱসায় অবৈধভাৱে চলি থকাৰ ফলত লাভ হৈছে কাৰ? চৰকাৰৰ নে ৰাইজৰ, নে অন্য কোনোবাৰ। বৰঞ্চ ইয়াৰ বাবে কৃষিজীৱি ৰাইজ বেছিকৈ ক্ষতিগ্ৰস্ত হ’বলগা হৈছে আৰু চৰকাৰেও উচিত ৰাজহ লাভৰ পৰা বঞ্চিত হৈছে। তেনেহ’লে লাভ হৈছে কাৰ! হয়, লাভ হৈছে এচামৰ, যিয়ে– প্ৰকৃতি ধ্বংস কৰি ধনী হ’ব খোজে। লাভ হৈছে সেইচামলোকৰ, যিয়ে– প্ৰকৃতি ধ্বংসৰে ধনী হোৱা প্ৰতিযোগিতাত দৌৰাৰ বাবে কুণ্ঠাবোধ নকৰি হেতা–ওপৰা কৰে। প্ৰায় পোন্ধৰ শতাংশ তেনেলোকৰ ভোগ লালসাৰ বাবে পঁচাশী শতাংশলোকে সংকটৰ সন্মুখীন হোৱা কাৰ্য নিশ্চয়কৈ সমৰ্থনযোগ্য হ’ব নোৱাৰে। যিসমূহ অবৈধ কাৰকৰ ফলত নদী দুখনৰ গতিপথৰ চৰিত্ৰ সলনি হ’বলৈ আৰম্ভ কৰিছে, সেই কাৰকসমূহ চৰকাৰে চিনাক্ত কৰি তৎকালে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে।

শিৰোনামৰ ফটোঃ মাটিৰাম ৰাভা

Title Pix: Mati Ram Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward