Tuesday, April 23, 2024
HomeARTICLEকালিপূজা, দীপাৱলী উৎসৱৰ আনন্দ অব্যাহত থাকক

কালিপূজা, দীপাৱলী উৎসৱৰ আনন্দ অব্যাহত থাকক

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক –

এজন ব্যক্তিয়ে ৰসিকতাৰে কৈছিল– জুৱা মানে হ’ল এক নম্বৰ চুৱা, এই চুৱাৰপৰা শুচি হ’বলৈ উধাৰ–পৰাচিত হ’ব পৰা কোনো ব্যৱস্থা নাই। আৰু কৈছিল– জুৱা মানে যোৱা, অৰ্থাৎ জুৱাত সদায় যায়, কেতিয়াও নাহে। সন্মুখত পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ পৰ্ব চলি আছে। কালিপুজা আৰু দীপাৱলী উপলক্ষে মানুহে জুৱা খেলে। এই জুৱাত অংশ লোৱা খেলুৱৈসকলে কয় এয়া হেনো দেৱালী উপলক্ষে খেলিছে। যদিও এই জুৱাত সৰ্বস্ব হেৰুওৱা লোকৰ সংখ্যাই অধিক। মাটি–বাৰী, সোণা–গহণা চাইকেল–বাইক আদি সম্পতি বন্ধক দি হ’লেও জুৱা খেলিছে। এই যে জুৱাৰ নামত বহু পৰিমাণ ধনৰ ধৰুৱা হ’ল সেই ধাৰৰপৰা গোটেই বছৰতো মুক্ত হ’ব নোৱাৰা লোক এইখন সমাজত অগণন আছে। অৱশ্যে দুই–এজনে কোটিপটি হোৱাৰো নজিৰ আছে। সামগ্ৰিকভাৱে জুৱাত জিকা লোকতকৈ হৰা লোকৰ সংখ্যাই অধিক।

কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানা আৰু বিজয় নগৰ নিৰীক্ষণ চকীৰ অঞ্চলবোৰত অইন বছৰত যি হাৰত মুকলি জুৱা খেল পাতিছিল এইবাৰ সেই দৃশ্য দেখিবলৈ পোৱা নাই। অৱশ্যে, বিভিন্ন অঞ্চলত দুই–এখন এনে জুৱা চলাৰ অভিযোগ নথকা নহয়। এনেবোৰ জুৱাখেলত অপ্ৰীতিকৰ ঘটনাও দুই–এটা ঘটিছে। তেনে ঘটনাত জড়িত থকাৰ সন্দেহত সোধ–পোছৰ বাবে আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন স্থানৰপৰা ৭ জন লোকক আটক কৰিছে।

দেৱালী উপলক্ষে এইবাৰ আৰক্ষী প্ৰশাসন কঠোৰ হোৱা দেখা গৈছে। বিশেষকৈ মুকলি জুৱা খেলৰ ক্ষেত্ৰত। সেয়ে বাটে–ঘাটে মুকলি জুৱা খেলৰ পয়োভৰ এইবাৰ নাই। বিগত বছৰবোৰত ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল– মুকলিকৈ পতা জুৱা খেলত হেনো স্থানীয় পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ সহযোগ আছিল। কিন্তু তাৰ বিপৰীত ছবি এইবাৰ দেখা গৈছে। এইবাৰৰ জুৱা খেলত স্থানীয় পুলিচ প্ৰশাসনে সহযোগ কৰা নাই। কিন্তু সহযোগ বিচাৰি আয়োজক কমিটিয়েহে স্থানীয় পুলিচৰ ওচৰ চাপিছে। এই অভিযোগ ৰাইজৰ মাজত প্ৰচাৰ হৈছে। ৰাইজৰ মাজত প্ৰচাৰিত অভিযোগৰ সঁচা–মিছাৰ ভিত্তি কিমান সেয়া পুলিচ প্ৰশাসন আৰু আয়োজক কমিটিয়েহে জানিব।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet     

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward