Sunday, April 28, 2024
HomeARTICLEআমৰাঙ্গা জল জীৱন আঁচনিত নিম্নমানৰ নিৰ্মাণ কাৰ্য   

আমৰাঙ্গা জল জীৱন আঁচনিত নিম্নমানৰ নিৰ্মাণ কাৰ্য   

প্ৰকাশিত তাৰিখঃ ১ নবেম্বৰ, ২০২১

চি এন ডেস্ক –

ৰাইজৰ সুবিধাৰ কাৰণেই চৰকাৰী আঁচনি, কিন্তু আঁচনিসমূহ ৰূপায়নতহে খেলিমেলি। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিকল্পনামতে কামবোৰ হৈ নুঠে। অলপতে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আমৰাঙ্গা গাঁৱত তেনে এটা ঘটনাই ঘটি গ’ল।

সম্প্ৰতি ৰাজ্যখনত জল জীৱন আঁচনিৰ কামকাজ চলি আছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে ঘৰে ঘৰে নিৰ্মল পানী যোগানৰ ব্যৱস্থা হাতত লৈছে। গাঁওখনৰ ৰজাবহাত অৱস্থিত আমৰাঙ্গা পানী যোগান কেন্দ্ৰতো এই আঁচনিৰ কাম চলি আছে। কিন্তু নিৰ্মাণ কাৰ্যৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য চলাই থকা বুলি ৰাইজ অসন্তুষ্ট হৈ পৰিছে। নিৰ্মাণ কৰিবলৈ লোৱা সামগ্ৰীসমূহৰ শিল, ইটা, বালি, লোহা, পানী সৰবৰাহৰ পাইপ সকলোবোৰেই নিম্নমানৰ। আনকি পানী সংৰক্ষণ কৰিবলগীয়া টেংকিটোৰ গভীৰতাও পৰিকল্পনা অনুযায়ী কম হোৱা বুলিও অভিযোগ উঠিছে।

এনে নিম্নমানৰ সামগ্ৰীৰে কৰা নিৰ্মাণকাৰ্যত ক্ষোভ প্ৰকাশ কৰিছিল আমৰাঙ্গা গাও পঞ্চায়তৰ সভাপতি হেমন্ত কুমাৰ দাস, ৱাৰ্ড সদস নৃপেন কলিতা, যুৱ নেতা নিৱাৰণ দাস, দেবব্ৰত কলিতা আদি লোকসকলে। অকল ক্ষোভ প্ৰকাশ কৰাই নহয় একাংশলোকে গৈ এনে নিম্নমানৰ সামগ্ৰীৰে কৰা নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীও তুলিছিল। স্থানীয়লোকৰ এনে দাবীত আঁচনিখনৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ বাধ্য হৈছিল। কিন্তু কেইদিনমান পাছত একে পদ্ধতিৰে পুনৰ নিৰ্মাণ কাৰ্য চলিছিল। এতিয়া হেনো নিৰ্মাণ কাৰ্য প্ৰায় সমাপ্তিৰ দিশে।

আচলতে, আমৰাঙ্গা পানী যোগান আঁচনিখনত হাত বাগৰা পদ্ধতিৰে নিৰ্মাণকাৰ্য চলি আছিল। কিয়নো আঁচনিখনৰ নিৰ্মাণকাৰ্যৰ মূল দায়িত্ব লাভ কৰিছিল যতীন বৰুৱাই। কিন্তু বৰুৱাই কামটো নিজে নকৰি বক্কৰ আলী নামৰ এজন ব্যক্তিক দায়িত্ব অৰ্পন কৰে। সেই হিচাপত বক্কৰ আলী হ’ল কামটোৰ উপ ঠিকাদাৰ। কিন্তু বক্কৰ আলীয়ে আকৌ পূৰ্বৰ পানী যোগান আঁচনিখনৰ কৰ্মচাৰী ধৰণী শৰ্মাকে নিৰ্মাণ কাৰ্যৰ দায়িত্ব দিয়ে। সেই অনুসৰি ধৰণী শৰ্মাই পানী যোগান আঁচনিখনৰ সকলোবোৰ নিৰ্মাণ কাৰ্য চলাই আছে। নিৰ্মাণ কাৰ্যৰ দায়িত্ব লাভৰ সুবাদতে হেনো ধৰণী শৰ্মা এতিয়া উঠিও ৰজা আৰু বহিও ৰজা, য’ত নিজৰ মইমতালিৰে কেন্দ্ৰটোৰ চৌহদত থকা চেগুন গছ এজোপাও কাটি নিয়ে, এই অভিযোগ স্থানীয়লোকৰ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward