Friday, April 19, 2024
Homeবাতৰিখাছি পাহাৰলৈ ৰে’ল সম্প্ৰসাৰণে হিংসাত্মক ৰূপ ল’ব পাৰে নেকি?

খাছি পাহাৰলৈ ৰে’ল সম্প্ৰসাৰণে হিংসাত্মক ৰূপ ল’ব পাৰে নেকি?

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ভাৰতীয় ৰে’লৰ মানচিত্ৰত খাছি পাহাৰৰ বৰ্ণিহাটলৈকে অন্তৰ্ভূক্তিৰ সময়ছোৱাতে খাছি ছাত্ৰ সন্থা হঠাৎ প্ৰতিবাদত সৰৱ হৈ উঠা দেখা গৈছে। ছাত্ৰ সংগঠনটোৰ সদস্যসকলে যিকোনো প্ৰকাৰে খাছি পাহাৰলৈ ৰে’লপথ সম্প্ৰসাৰণ বন্ধ কৰাৰ বাবে ঠায়ে ঠায়ে হিংসাত্মক ৰূপ লোৱা দেখা গৈছে।

উল্লেখযোগ্য যে যোৱা ২৯ মে’ শনিবাৰে অচিনাক্ত কোনো দুষ্কৃতিকাৰীয়ে পে’ট্ৰল বোমা নিক্ষেপ কৰে শ্বিলঙৰ লাবানত থকা সমাজ কল্যাণ বিভাগৰ কাৰ্যলয় চৌহদলৈ। তেনেদৰে ৰিন্‌জা থানাৰ নিচেই ওচৰত এখন বাহনক উদ্দেশ্য কৰিও পেট্ৰল বোমা নিক্ষেপ কৰে।

উক্ত দিনটোতে নংপোৰ সমীপৱৰ্তী ৰংঘানা গাঁৱৰ কাষত থকা এন এফ ৰে’লৱেৰ এটা শিৱিৰত ছাত্ৰ সংগঠনটোৰ সমৰ্থকে অগ্নি সংযোগ কৰাৰ ফলত সাতখন ডাম্পাৰ, এটা ভাইব্ৰেটৰ মেচিন, চাৰিটা আৰ্থমুভাৰ লগতে কেইবাকোটি টকা মূল্যৰ যন্ত্ৰপাতি নষ্ট হয়। ৰি–ভয় জিলাৰ আৰক্ষী অধীক্ষক ৰমেশ সিঙৰ সৈতে উক্ত সমৰ্থকৰ দলটোৱে বাদানুবাদত লিপ্ত হয়। শেষত সমৰ্থকৰ দলটোক নংপো আৰক্ষী থানালৈ অনা হয় যদিও উক্ত কাৰ্যৰ সমৰ্থনত থানা চৌহদতে ধৰ্ণা দিয়াত উপায়হীন আৰক্ষীয়ে লাঠি চালনা কৰে।

মেঘালয়ৰ খাছি পাহাৰলৈ ৰে’লপথ সম্প্ৰসাৰণত খাছি ছাত্ৰ সন্থাই বিৰোধিতা কৰি আহিলেও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল। যোৱা ২৯ মে’ত প্ৰতিবাদৰ নামত ছাত্ৰ সংগঠনটোৱে ৰি–ভয় জিলাত ৰে’ল বিভাগৰ বৃহৎ পৰিমাণৰ সম্পত্তিৰ ওপৰত যি ধ্বংসাত্মক কায্য সংঘটিত কৰিলে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি এচামে অনুমান কৰিছে। ৰে’লপথ নিৰ্মাণৰ ফলত খাছি পাহাৰত অনা–খাছিৰ অনুপ্ৰৱেশ বৃদ্ধি আৰু খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকাত ৰাজ্যখনৰ সাধাৰণ নাগৰিক শংকিত হৈ পৰিছে। সেয়ে ৰে’লপথ সম্প্ৰসাৰণৰ বিৰোধিতাৰে খাছি ছাত্ৰ সন্থাই খিলঞ্জীয়াক ঐক্যবদ্ধ কৰাৰ অভিযান আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ। গতিকে আগন্তুক নিৰ্বাচনত ৰে’লপথ নিৰ্মাণৰ বিষয়টো এক নিৰ্বাচনী ইছ্যু হ’বও পাৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward