Wednesday, May 8, 2024
Homeবাতৰিবিশ্ব পৰিৱেশ দিৱস আৰু বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘোষণা

বিশ্ব পৰিৱেশ দিৱস আৰু বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘোষণা

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

মহাপুৰুষ শংকৰদেৱে ‘এক বৃক্ষ দশ পুত্ৰ সম’ অৰ্থাৎ এডাল গছ দহজন পুত্ৰৰ সমান বুলি ৫০০ বছৰ পূৰ্বেই কৈ গৈছিল। আজিও এইষাৰ কথাৰ মূল্য পূৰামাত্ৰাই অটুট আছে। ৫ জুনত সমগ্ৰ বিশ্বত পালিত হৈছে বিশ্ব পৰিৱেশ দিৱস। এই দিৱস অসমৰ বিভিন্ন ঠাইত আয়োজন কৰাৰ লগতে বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি ৰাজস্থানৰ পিপলানট্ৰি নামৰ গাঁৱ এখনৰ কথা। গাঁৱখনৰ কোনোৰ ঘৰত কন্যা সন্তান জন্ম হ’লে একোডালকৈ গছ ৰোপন কৰে। গাঁৱখনত এই নিয়ম প্ৰচলন হৈ আহিছে আজি বহু বছৰৰ পৰা। গাঁৱবাসীৰ এই নিয়মে সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে।

ইপিনে বিশ্ব পৰিৱেশ দিৱসৰ স’তে সংগতি ৰাখি অসমৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে দুটাকৈ প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰে। তিনিচুকীয়া জিলাৰ ডিগবৈত বন বিভাগৰ দ্বাৰা আয়োজিত পৰিবেশ দিৱসৰ এক সভাত এই কথা ঘোষণা কৰে। জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ ডিগবৈৰ বাপাপুং পানবাৰীত এটা আৰু আনটো মানাহ ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰিব।

উক্ত সভাত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনেও উপস্থিত থাকে। বিধায়কগৰাকীৰ উপস্থিতিত কালত বনমন্ত্ৰীয়ে কৰা এই ঘোষণাক শুভেচ্ছা জনাই তেখেত কয়– বনমন্ত্ৰীৰ ঘোষিত এই প্ৰকল্প আপাৰ দিহিঙত স্থাপন হ’লে সংৰক্ষিত বনাঞ্চলখনৰ জৈৱ–বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপৰূপে বিবেচিত হ’ব। উক্ত অঞ্চলটোৰ ৰাইজ আৰু আসাম প্ৰেছ কৰেচপণ্ডেনছ্ ইউনিয়ন (আপকু)ৰ মাৰ্ঘেৰিতা সমিতিয়ে বনমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাইছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward