Friday, March 29, 2024
Homeবাতৰিঅ’টো চলাই জীৱিকা নিৰ্বাহ একালৰ স্বৰ্ণ জয়ী খেলুৱৈ

অ’টো চলাই জীৱিকা নিৰ্বাহ একালৰ স্বৰ্ণ জয়ী খেলুৱৈ

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কঞ্চাই বৰগয়াৰীৰ ঘৰ কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁৱত। অসমবাসীৰ মাজত নামটো তেনেই অচিনাকী যেন লাগিলেও কিছু বছৰ আগত তেওঁ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিল। ৰাষ্ট্ৰীয় সুনাম কঢ়িয়াই অনা খেলুৱৈ এগৰাকীৰ বৰ্তমান জীৱিকা অ’টো চালক।

উল্লেখযোগ্য যে ২০০৮ চনত কঞ্চাই বৰগয়াৰীয়ে আৰ্চাৰী খেলৰ পাতনি মেলে। ২০১১ চনত ঝাৰখণ্ডত অনুষ্ঠিত ৩৪তম্ নেচনেল গেমছত যোগদান কৰি তিনিটা সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। তদুপৰি মেঘালয়, মধ্যপ্ৰদেশ, গোৱা আদি দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাত অংশ গ্ৰহনেৰে ২২টা পদক বুটলি নিজ ৰাজ্যলৈ গৌৰৱ কঢ়িয়া আনিছিল। খেলুৱৈ গৰাকীক লৈ গৌৰৱ কৰিব পৰা সময়তে এটি দুঃসংবাদ নামি আহিছে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীসকলৰ ওচৰত। সম্প্ৰতি আৰ্থিক তাড়নাত পৰি খেলুৱৈগৰাকীয়ে ধনু এৰি অ’টো চলাব লগাত পৰিছে। অ’টো চলাই পোৱা সাধাৰণ উপাৰ্জনেৰে চলাব লগা হৈছে নিজ পৰিয়াল।

অসমত এতিয়া প্ৰতিভাধৰ সকল যেন এফালৰ পৰা মূল্যহীন হৈ পৰিব ধৰিছে। এজনৰ পিচত এজনৰ আৰথিক বিপৰ্যয় ঘটি আছে। সৌ সিদিনা চিৰাঙ জিলাৰ আৰ্চাৰী খেলুৱৈ বুলি বসুমতাৰীয়ে পেটৰ দায়ত পদপথত কমলা বিক্ৰী কৰিব লগা হৈছিল। কঞ্চাই বৰগয়াৰীও বৰ্তমান ধনু বাদ দি অ’টোৰ ষ্টেয়াৰিং পকাবলৈ বাধ্য হৈছে। সুখৰ দিনত কঞ্চাই হঁতক চৰকাৰী, বেচৰকাৰীভাৱে সম্বৰ্দ্ধনা জনোৱা সকলো এতিয়া মৌন।

পৰিয়াল চলোৱাৰ নিশ্চিতি লাভ কৰিলে পুনৰ খেল জগতলৈ উভতি যোৱাৰ আশা পুহি ৰাখিছে কঞ্চাই বৰগয়াৰীয়ে। কঞ্চাইৰ আশা পূৰণ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? য’ত কঞ্চাইৰ পৰিয়ালটো সুন্দৰভাৱে চলি থকাৰ লগতে তেওঁৰ কৃৰ্তীক লৈ ৰাজ্যবাসীয়ে গৌৰৱ কৰিব পাৰিব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward