Thursday, April 18, 2024
Homeবাতৰিতৈল খেজুৰ ৰোপনত ৰাভা হাছঙৰ গুৰুত্ব আৰোপ

তৈল খেজুৰ ৰোপনত ৰাভা হাছঙৰ গুৰুত্ব আৰোপ

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

সম্প্ৰতি ভাৰতবৰ্ষত খোৱাতেলৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে ‘ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈল খেজুৰ ৰোপন অভিযান’ নামেৰে এখন আঁচনি গ্ৰহণ কৰিছে যোৱা ২০১৪–১৫ বৰ্ষৰ পৰা। দেশৰ জনসংখ্যা অনুপাতে ১৮লাখ মেট্ৰিকটন খোৱাতেলৰ প্ৰয়োজন যদিও ৭.২লাখ মেট্ৰিকটন তেলহে উৎপাদন কৰিবলৈ সক্ষম হৈছে। বাকী অংশৰ কাৰণে অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

খোৱা তেলৰ মুঠ উৎপাদনৰ পঞ্চাশ শতাংশ পাম অয়ল’ৰ প্ৰয়োজন। উক্ত আঁচনি অনুসৰি অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত এই খেতি আৰম্ভ কৰে। প্ৰকাশিত তথ্য অনুসৰি– পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভাৰ প্ৰত্যক্ষ সহযোগ আৰু দুধনৈ মহকুমা কৃষি বিষয়া মনোৰঞ্জন দাসৰ নিৰলস প্ৰচেষ্টাত পৰিষদীয় এলেকাৰ গোৱালপাৰা জিলাত ৪৪০ হেক্টৰ আৰু কামৰূপ জিলাত ৪৩২ হেক্টৰ পতিত ভূমিত তৈল খেজুৰৰ পুলি ৰোপন কৰিছে যি কাৰ্যই নিৱনুৱাৰ বাবে এক আশা কঢ়িয়াই আনিছে। এক কথাত এতিয়া ৰাভা হাছং এলেকাত তৈল খেজুৰ ৰোপনৰ ক্ষেত্ৰত কৃষি বিপ্লৱ আৰম্ভ হোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

ইপিনে জিলা দুখনত ৰোপন কৰা তৈল খেজুৰ পুলিবোৰ ১৬ মাহতে ফুল ধৰিবলৈ আৰম্ভ কৰাত খেতিয়কসকল উৎফুল্লিত হৈ দুগুণ উৎসাহেৰে উক্ত কৃষি কৰ্মত জড়িত হৈ পৰা বুলিও জানিব পৰা গৈছে। এই খেতিবিধৰ ধাৰাবাহিকতা অব্যাহত থাকিলে ৰাভা হাছং এলেকাৰ অৰ্থনৈতিক ভেটি সৱল হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। পৰিষদীয় এলেকাত আৰম্ভ কৰা এই সেউজ আঁচনিখনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। খেতিবিধত অধিক গুৰুত্ব আৰোপ কৰা বাবে গুৱাহাটীৰ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজি্ত ‘অসামৰিক সেৱা দিৱস– ২০১৭’ অনুষ্ঠানত গোৱালপাৰা জিলাক বিশেষ বঁটাৰে পুৰস্কৃত কৰিছে।

এইক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠান শিৱাছীছ অয়ল পাম প্ৰাইভেট লিমিটেডে খেতিবিধৰ কাৰিকৰী জ্ঞান আৰু বিক্ৰীৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াব বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ মুখ্য পৰিচালন সঞ্চালক ৱাই এছ ৰাংগানাই কালুই ৰাভা হাছং এলেকা বহুকেইবাৰ পৰিদৰ্শন কৰি গৈছে। কৃষকসকলৰ সুবিধাৰ্থে দুধনৈত পুলি উৎপাদন কেন্দ্ৰ এটি স্থাপন কৰিছে। কেন্দ্ৰটিত উৎপাদিত উন্নতজাতৰ পুলিবোৰ কৃষকসকলক বিনামূলীয়াভাৱে বিতৰণ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ পূৰ্ণ সহযোগ লাভ কৰি উৎফুল্লিত হোৱা তৈল খেজুৰ খেতিয়কসকল দুগুণ উচাহেৰে খেতিত লাগি পৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward