Friday, April 26, 2024
Homeবাতৰিবিটিচি’ৰ শিক্ষা বিভাগত টেট শিক্ষক নিযুক্তি

বিটিচি’ৰ শিক্ষা বিভাগত টেট শিক্ষক নিযুক্তি

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কোকৰাঝাৰ জিলাৰ চানমাৰীৰ গৌৰাং পাৰ্কত অৱস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নৱ নিযুক্ত টেট শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদানৰ অৰ্থে বিটিচি শিক্ষা বিভাগে যোৱা ৭ মে’ত এক সভাৰ আয়োজন কৰে। শৈক্ষিক দূৰাৱস্থাৰ মাজতে বিটিচিৰ চাৰিখন জিলাৰ ১১৩৮ গৰাকী টেট উত্তীৰ্ণক প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে। এই অনুষ্ঠানত শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু উপ মুখ্য কাৰ্যবাহী সদস্য তথা শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত খাম্ফা বৰগয়াৰীয়ে।

সৰ্বশিক্ষা জিলা আঁচনি বিষয়া লক্ষ্মণ দাসে পৰিচালনা কৰা শিক্ষক নিযুক্তি প্ৰত্ৰ প্ৰদান সভাত উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰীয়ে কয়– ৰাইজে এগৰাকী ৰাজনীতিবিদতকৈ এগৰাকী শিক্ষকক বেছি সন্মান কৰে। আগতে ৰাইজে শিক্ষকৰ কথামতেহে ভোটদান কৰিছিল। কোনো কামৰ সিদ্ধান্ত গ্ৰহণৰ আগতে শিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। সেয়ে সদ্য নিযুক্তপ্ৰাপ্ত শিক্ষক–শিক্ষয়িত্ৰীসকলক ৰাজনীতিৰ বাহিৰত থাকি সুস্থ্ সমাজ গঠনৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়। তেখেতে আৰু কয় যে– বিটিচিত উগ্ৰবাদ, শিক্ষকৰ সমস্যাকে আদি বহুবোৰ সমস্যা আছে যদিও সকলোবোৰ সমস্যা ৰাজনৈতিকভাৱে সমাধানৰ চেষ্টা কৰা উচিত। নৱনিযুক্ত শিক্ষকসকলক নিজ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়।

আনহাতে নিযুক্তি পত্ৰ প্ৰদান সভাত উপস্থিত থাকি বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত খাম্ফা বৰগয়াৰীয়ে কয়– সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিহাৰ্য। সম্প্ৰতি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডি এল ই ডি আৰু বি এড বাধ্যতামুলক বিষয়টো অসম চৰকাৰে সাময়িকভাৱে স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ শিক্ষা বিভাগে টেট উত্তীৰ্ণসকলক নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ’ল। বিটিচিত প্ৰতি বছৰে প্ৰায় ২০০০টা শিক্ষকৰ পদ খালী হয়। ঠিকাভিত্তিক নিযুক্তপ্ৰাপ্ত শিক্ষকসকলক পৰ্যায়ক্ৰকমে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা হ’ব বুলিও মত প্ৰকাশ কৰে।

শিক্ষক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ পাঠ কৰে বিটিচি শিক্ষা সঞ্চালক ৰবি শংকৰ গয়াৰীয়ে। বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, শিক্ষা সচিব ৰবিনচন মুছাহাৰী, বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ৰাজীৱ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰী, জিলা শিক্ষা বিষয়া সুৰেন্দ্ৰ নাথ গয়াৰী, জিলা বিদ্যালয় পৰিদৰ্শক জগদীশ ব্ৰহ্ম, বিদ্যালয় উপ পৰিদৰ্শক ৰাজনাথ বসুমতাৰী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌমদৌন নাৰ্জাৰী, বিটিচিৰ চাৰিওখন জিলাৰ শিক্ষা বিষয়াসকলৰ লগতে বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখনীয় অসমীয়া আৰু অন্যান্য মাধ্যমত ৮৫৪ টা আৰু বড়ো মাধ্যমত ২৮০ টা পদৰ বিপৰীতে কোকৰাঝাৰ জিলাৰ ৫৫৭ গৰাকী, বাগছা জিলাৰ ৩০৪ গৰাকী, চিৰাং জিলাৰ ১০৯ গৰাকী আৰু ওদালগুৰিৰ ৯৩ গৰাকী শিক্ষাৰ্থীয়ে টেট শিক্ষকৰূপে নিম্ন আৰু উচ্চ প্ৰাথমিকত নিযুক্তি লাভ কৰিছে। তাৰ ভিতৰত ৭৭৮ গৰাকী পুৰুষ আৰু ৩৫৬ গৰাকী মহিলা প্ৰাৰ্থী।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward