Friday, April 26, 2024
Homeবাতৰিযোৰাবাটত আঘাতপ্ৰাপ্ত শগুণ উদ্ধাৰ

যোৰাবাটত আঘাতপ্ৰাপ্ত শগুণ উদ্ধাৰ

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

হঠাৎ এটি বিশাল আকাৰৰ শগুণ গছৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। ঘটনাটো ঘটে যোৱা ১৫ এপ্ৰিলত গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটত। শগুণটো এজোপা গছৰ ওপৰত জিৰণী লৈ আছিল। হঠাৎ মাটিত সৰি পৰাৰ লগে লগে কেইবাগৰাকী লোক ওচৰত গৈ উদ্ধাৰ কৰে আৰু স্থানীয় যোৰাবাট খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে।

ইপিনে ঘটনাৰ খবৰ পোৱাৰ লগে লগে যোৰাবাট খণ্ড বন কাৰ্যালয়ৰ বিষয়া–কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত শগুণটো নিজৰ জিম্মালৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰে।

শগুণটো অসুস্থ হৈ থকাৰ ফলত গছৰ পৰা সৰি পৰা বুলি মত ব্যক্ত কৰে স্থানীয় লোকসকলে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward