Friday, March 29, 2024
Homeবাতৰিগঁড় সংৰক্ষণৰ ক্ষেত্ৰত থলুৱা জনগোষ্ঠীক আস্থাত ল’ব লাগিবঃ ছ’ফি গ্ৰীগ

গঁড় সংৰক্ষণৰ ক্ষেত্ৰত থলুৱা জনগোষ্ঠীক আস্থাত ল’ব লাগিবঃ ছ’ফি গ্ৰীগ

প্ৰকাশিত তাৰিখঃ ৩ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

কেৱল চোৰাং চিকাৰীক হত্যা কৰি গঁড় সংৰক্ষণ কৰিব নোৱাৰি। যদিহে সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি বসবাস কৰা থলুৱা জনগোষ্ঠীক আস্থাত লোৱা নহয় তেনেহ’লে বনাঞ্চল আৰু বন্যপ্ৰাণী উভয়কে সংৰক্ষণ অসম্ভৱ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ ‘মিট দ্যা প্ৰেছ’ অনুষ্ঠানত লণ্ডনস্থিত ছাৰভাইভেল ইণ্টাৰনেশ্যনেলৰ যোগাযোগ বিষয়া ছ’ফি গ্ৰীগে আন্তঃৰাষ্ট্ৰীয় জনজাতি অধিকাৰ মঞ্চৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে এই মন্তব্য প্ৰকাশ কৰে। বন সুৰক্ষা বাহিনীক উন্নত প্ৰযুক্তিৰ অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত কৰি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ কাৰ্যক একপ্ৰকাৰ জটিল কৰি তুলিছে। বিভাগটোৰ দুৰ্নীতি আৰু ব্যৰ্থতা ঢাকিবলৈ সংৰক্ষিত অঞ্চলৰ দাঁতিকাষৰীয়া থলুৱা জনগোষ্ঠীক সমগ্ৰ অপবাদ জাপি দি আতংকিত কৰাৰ চেষ্টা কৰে।      

প্ৰসংগ ক্ৰমে তেখেতে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰে। কিছুদিনলৈকে উদ্যানখনত ধাৰাবাহিক হত্যালীলা চলিছিল য’ত গঁড় হত্যাৰ লগতে চোৰাং চিকাৰীৰো মৃত্যু হৈছিল। চোৰাং চিকাৰীক কৰায়ত্তৰ সলনি থিতাতে হত্যা কৰাৰ ফলত নেপথ্যত থকা চক্ৰ সমূহ চিনাক্ত নোহোৱাকৈয়ে থাকি গ’ল। সেয়ে পিচৰ পৰ্যায়ত সেই চক্ৰবোৰে নতুন চিকাৰীৰ সৃষ্টি কৰি আহিছে। চোৰাং চিকাৰীৰ নেপথ্যত থকা শক্তি সমূহক চিনাক্ত কৰি ভাৰত চৰকাৰে আইনগতভাৱে শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ’ৰাত চলি থকা বে–আইনী হত্যালীলাৰ প্ৰসংগ উত্থাপনেৰে যোৱা বছৰ বিবিচিয়ে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বিশেষকৈ উদ্যানৰ ভিতৰত ‘দেখা মাত্ৰেই গুলি কৰা’ নীতিক  তথ্যচিত্ৰখনত সন্নিবিষ্ট কৰিছিল। এই নীতিৰ আধাৰত কাজিৰঙা সুৰক্ষাৰ দায়িত্বত থকা বাহিনীটোয়ে বহুতো নিৰীহ লোকক প্ৰাণে মাৰিছিল। উক্ত তথ্য সন্নিবিষ্ট তথ্যচিত্ৰখন বিবিচি চেনেলত সম্প্ৰচাৰ হৈ যোৱাৰ পিচত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক হুলস্থূলীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। ফলস্বৰূপে ভাৰত চৰকাৰে চেনেলটোৰ সাংবাদিকগৰাকীক নিষিদ্ধ ঘোষণা কৰাৰ লগতে দেশৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত চেনেলটোৰ প্ৰৱেশত বাধা আৰোপ কৰে।

ইপিনে ঘটনা সন্দৰ্ভত বিবিচি কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰি ভাৰত চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰে। অৱশ্যে তেওঁলোকৰ বাতৰিৰ সত্যতা সম্পৰ্কত কোনো সন্দেহ প্ৰকাশ নকৰি সেই বাতৰিৰ দ্বাৰা যদি কাজিৰঙাৰ ভাৱমূৰ্তি ম্লান হৈছে তাৰ বাবেহে দুখ প্ৰকাশ কৰিছিল। তদুপৰি থলুৱা জনগোষ্ঠীৰ বনভূমি সম্পৰ্কীয় পৰম্পৰাগত জ্ঞানক সন্মান জনোৱাৰ লগতে সেই জ্ঞানৰ আলমত আঁচনি ৰূপায়ণত বন বিভাগে গুৰুত্ব আৰোপ কৰিব লাগে বুলিও উল্লেখ কৰিছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward