Friday, March 29, 2024
Homeবাতৰিঅসমৰ খেতি পথাৰত উৰিব ফিলিপাইনছৰ ড্ৰন

অসমৰ খেতি পথাৰত উৰিব ফিলিপাইনছৰ ড্ৰন

প্ৰকাশিত তাৰিখঃ ১৯ নবেম্বৰ, ২০১৮

চি এন ডেক্স

যান্ত্ৰিকতাৰ আগ্ৰাসনে দেশৰ সকলো খণ্ডতে আমুল পৰিবৰ্তন আনিছে। যান্ত্ৰিকতাৰ প্ৰৱেশে দেশৰ কৃষিখণ্ডতো আমুল পৰিবৰ্তন ঘটাইছে। শেহতীয়াভাৱে অসমৰ খেতিপথাৰত অত্যাধুনিক প্ৰযুক্তিৰ ড্ৰন ব্যৱহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা ১০ নৱেম্বৰৰ কৃষক দিৱসৰ দিনটোতে ড্ৰন ব্যৱহাৰ কাৰ্যক্ৰমৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে যোৰহাটস্থিত অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড কমলমল্ল বুজৰবৰুৱাই।    

অসমৰ খেতিপথাৰত ইতিমধ্যে পাৱাৰ টিলাৰ, কঠিয়াৰোৱা, ধানকটা, মৰণামৰা আদি যন্ত্ৰসমূহ সন্নিবিষ্ট হৈছেই। শেহতীয়াভাৱে অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ড্ৰন ব্যৱহাৰ কৰি ৰাজ্যৰ খেতিপথাৰ অধিক উন্নত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰই। তিতাবৰ আঞ্চলিক গৱেষণা কেন্দ্ৰই  ফিলিপাইনছৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ এক অভিলাসী আঁচনি ‘গ্ল’বেল ৰাইচ এৰে’ শীৰ্ষক প্ৰকল্পৰ অৰ্থ সাহাৰ্যত এই ড্ৰন ব্যৱহাৰ কৰিব।

তিনি বছৰীয়া এই প্ৰকল্পত ৩৮৪ বিধ অধিক উৎপাদক্ষম ধানৰ ওপৰত গৱেষণা কৰিব। গৱেষণাৰ কাৰিকৰী দিশ পৰিচালনাৰ বাবে ইতিমধ্যে মনজিৎ তালুকদাৰ আৰু প্ৰিয়াংকু দত্ত নামৰ দুজন ব্যক্তিক প্ৰশিক্ষিত কৰি তুলিছে।

‘গ্ল’বেল ৰাইচ এৰে’ প্ৰকল্পৰ অধীনত বিশ্বৰ কেইবাখনো দেশত ফিলিপাইনছৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই কাম আৰম্ভ কৰিছে। তাৰ ভিতৰত ভাৰতবৰ্ষও অন্যতম। ভাৰতবৰ্ষৰ অসম আৰু অন্যান্য আঠখন ৰাজ্যত এই প্ৰকল্পৰ কাম আৰম্ভ কৰিছে।

উচ্চ ক্ষমতা সম্পন্ন ড্ৰন ব্যৱহাৰ কৰি দুই কিলোমিটাৰ ব্যাসাৰ্ধ আৰু ৫০ মিটাৰ উচ্চতাৰ ভিতৰত যিকোনো তথ্য লাভ কৰিবলৈ সক্ষম হ’ব। ধানৰোৱা, ধানৰ গঠন প্ৰক্ৰিয়া, কীট–পতংগৰ আক্ৰমণ, বিভিন্ন সংক্ৰমণ আদি সকলোবোৰ তথ্যই ড্ৰনত সংযুক্ত শক্তিশালী কেমেৰাৰ লেন্সত অনায়াসে ধৰা পৰিব। এই ব্যৱস্থা প্ৰয়োগৰ ফলত ৰোগাক্রান্ত খেতি পথাৰ চিনাক্ত কৰি সেইবোৰৰ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই তথ্য সমূহ যিহেতু নিখুতভাৱে লাভ কৰিব সেয়ে ধান গৱেষণাৰ ক্ষেত্ৰত ই ব্যাপক পৰিবৰ্তন আনিব বুলি কৃষি বিজ্ঞানীসকল নিশ্চিত হৈছে।

তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰ ১৯২৩ চনতে প্ৰতিষ্ঠা কৰা হৈছিল। ব্ৰিটিছ আমোলতে প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰটো বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীন। কেন্দ্ৰটোৰ ৩৫০ বিঘাৰ এক বৃহৎ এলেকাত ২২৬০ বিধ বিভিন্ন থলুৱা প্ৰজাতিৰ ধান সংৰক্ষিত হৈ আছে। উক্ত কেন্দ্ৰৰ বিজ্ঞানীসকলৰ নিৰৱচ্ছিন্ন গৱেষণাত ইতিমধ্যে ৫০বিধ অধিক উৎপাদনক্ষম ধানৰ আৱিস্কাৰ হৈছে। যি ধানৰ জাত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশ, ভূটান, নেপাল আদি ৰাষ্ট্ৰত সমাদৰ লাভ কৰিছে। এই মুহুৰ্তত কেন্দ্ৰটোৱে জহা ১০০ বিধ, আহু ৫৪০ বিধ, শালি ৫৯২ বিধ, বৰা ৩৩৬ বিধ, বাও ৬৯ বিধ, চকোৱাৰ ১৮ বিধ, জেপনিকাৰ ২৮৬ বিধ, লাহজৰ ১৫০ বিধ, আশ্ৰাৰ ১৫১ বিধ তদুপৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ১১৮ বিধ ধান সংৰক্ষণ কৰিছে। কেন্দ্ৰটোৱে সংৰক্ষিত এই ধানৰ পৰাই গৱেষণাৰে অধিক উৎপাদনক্ষম বীজ উৎপাদন কৰি ৰাইজৰ মাজত বিতৰণ কৰি আহিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward