Friday, April 19, 2024
Homeবাতৰিবিশ্ব পৰিভ্ৰমী পখী সংৰক্ষণৰ উদ্দেশ্যে ‘আমুৰ ফেলকন উৎসৱ’

বিশ্ব পৰিভ্ৰমী পখী সংৰক্ষণৰ উদ্দেশ্যে ‘আমুৰ ফেলকন উৎসৱ’

প্ৰকাশিত তাৰিখঃ ১৯ নবেম্বৰ, ২০১৮

চি এন ডেক্স

বিশ্ব পৰিভ্ৰমী পখী আমুৰ ফেলকন সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে পালন কৰি আহিছে ‘আমুৰ ফেলকন উৎসৱ’। যোৱা ৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ‘আমুৰ ফেলকন উৎসৱ’ উদ্‌যাপন কৰে নাগালেণ্ডৰ ৱাখা জিলাৰ আছা গাঁৱত। এই উৎসৱ ৰাজ্যখনৰ পৰ্যটন আৰু বন পৰিবেশ বিভাগে আয়োজন কৰে।

আমুৰ ফেলকন বিশ্ব পৰিভ্ৰমী পখী। প্ৰতি বছৰে প্ৰায় ডেৰ লক্ষাধিক পখীৰ জাক সুদূৰ ছাইবেৰিয়াৰ পৰা ২২ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰে। হেজাৰ হেজাৰ কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰি অহা আমুৰ ফেলকন পখীৰ জাকবোৰে নাগালেণ্ডৰ পাংটি গাঁৱত এমাহ কাল জিৰণী লোৱাৰ পিচত দক্ষিণ আফ্ৰিকা অভিমুখে যাত্ৰা কৰে।

পাংটি লুথা নাগা জনগোষ্ঠীৰ বসতি প্ৰধান এখন গাওঁ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ সমীপত অৱস্থিত। চিৰসেউজ অৰণ্যৰে পৰিৱেষ্টিত পাংটি গাঁৱত প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত আলহীৰ ৰূপত আমুৰ ফেলকন আশ্ৰয় লোৱাৰ বাবে উক্ত গাওঁখনক ‘বিশ্বৰ পখীৰ ৰাজধানী’ বুলি অভিহিত কৰিছে। এই পখীৰ ৰাজধানীত আমুৰ সংৰক্ষণৰ উদ্দেশ্যে পালন কৰি অহা হৈছে ‘আমুৰ ফেলকন উৎসৱ’।

আমুৰ ফেলকন উৎসৱ দেশী–বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু। উৎসৱৰ কাৰ্যসূচীত বন্যপ্ৰাণী চলচ্চিত্ৰ প্ৰদৰ্শনী, প্ৰাকৃতিক আলোকচিত্ৰ প্ৰতিযোগিতা, পখী নিৰীক্ষণ, ট্ৰেকিং, বেম্ব’ ক্লাইম্বিং, ব’টিং, জুই ধৰা আদি প্ৰতিযোগিতাৰ আয়োজন কৰে। জনগোষ্ঠীয় হস্তশিল্প কলা, খাদ্য সম্ভাৰ আদিয়ে উৎসৱৰ এক অনন্য মাত্ৰা প্ৰদান কৰে।

এই বৰ্ষৰ আমুৰ ফেলকন উৎসৱ উদ্বোধন কৰে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই। উদ্বোধনী ভাষণত ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে– আলহীৰূপে অহা আমুৰ ফেলকন পখীক নগালোকে এসময়ত জাকে জাকে হত্যা কৰিছিল। কিন্তু পাংটি গাঁৱৰ কিছু সচেতন ব্যক্তি, গীৰ্জা আৰু ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠন সমূহৰ সৎ প্ৰচেষ্টাত ই পখী পৰ্যটনলৈ ৰূপান্তৰ ঘটে। ইক’ টুৰিজম, ক্ৰীড়া পৰ্যটনকে আদি কৰি জীৱিকাৰ সন্ধান দিব পৰা ক্ষেত্ৰ নাগালেণ্ডত অধিক আছে। সকলোবোৰ সম্ভাৱনা ক্ষেত্ৰ সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰিলে নাগালেণ্ড দেশৰ ভিতৰতে অন্যতম সোণালী ৰাজ্যত পৰিণত হ’ব।        

উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ এক পৰিবেশ কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ সহযোগত নাগালেণ্ড চৰকাৰৰ বন বিভাগে যোৱা ২০১৩ চনৰ পৰা আমুৰ ফেলকন পখীৰ গ্ল’বেল মেপিঙৰ কাম আৰম্ভ কৰিছিল। কাৰ্যসূচীৰ প্ৰথমাৱস্থাত পাংটি, নাগা আৰু ৱাখা নামেৰে তিনিটা ফেলকন পখীক ছেটেলাইট ট্ৰেন্সমিটাৰযুক্ত ৰিং পিন্ধাইছিল। ছেটেলাইট টেগ ৰেকৰ্ডমতে নাগাই প্ৰায় ১১১ দিনত আৰু পাংটিয়ে ৮৮০ দিনত নাগালেণ্ডলৈ উভতি আহিছিল। ২০১৬ চনত হামিঝে, ইনটাংকি, লংলেং, ইনিনাম আৰু ফ’ম নামেৰে পুনৰ পাঁচটি আমুৰ ফেলকন পখীক ছেটেলাইট ট্ৰেন্সমিটাৰযুক্ত ৰিং পিন্ধোৱা হৈছিল। কিন্তু দুবছৰৰ অন্তত লংলেং জীৱিত অৱস্থাত নাগালেণ্ডলৈ ঘুৰি অহাৰ বাদে বাকীকেইটাৰ টেগ ৰেকৰ্ড এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward