Friday, March 29, 2024
HomeARTICLEচক্ৰবেহুত কুপমূণ্ডক সমাজ

চক্ৰবেহুত কুপমূণ্ডক সমাজ

প্ৰকাশিত তাৰিখঃ ২৪ অক্টোবৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

১৮৮৫ চন। ১৮৫৭ চনৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে প্ৰথম ৰণে ইষ্ট–ইণ্ডিয়া কোম্পানীৰ ধনৰ থৈলা খালি কৰি দিয়াৰ পিছত দখলদাৰ সকলক নতুন ধৰণে চিন্তা কৰিবলৈ শিকালে। একেসময়তে মহাৰণত এক মুঠি হোৱা ভাৰতীয় সকলকো নতুন ধৰণে চিন্তা কৰিবলৈ শিকালে। ফলস্বৰূপে জন্ম হ’ল ভাৰতৰ জাতীয় কংগ্ৰেছ–স্বাধীনতা যুদ্ধৰ পৰৱৰ্তী কাৰ্যসূচীবোৰ আগবঢ়াই নিয়াৰ বাবে। এনেদৰে সময়ৰ একাঁ–বেকাঁ পথেদি ভাৰতীয় মুক্তি–যুদ্ধ আগবাঢ়ি ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ পতাকাখন উত্তোলন কৰা হ’ল। দেশ শাসনৰ ভাৰ পৰিল কংগ্ৰেছ দলৰ হাতত।

কংগ্ৰেছ দলৰ কথা এইবাবেই আহিল কাৰণ মোৰ ককাদেউতা আছিল বৰ্তমান কলিয়াবৰ মহকুমাৰ হাটবৰ উন্নয়ন খণ্ডৰ বৰিগাঁৱৰ আঞ্চলিক সমিতিৰ সভাপতি। ১৯৬৩ চনত দেহৰক্ষা কৰা ককাদেউতা স্বাধীনতাৰ আগেয়ে পুৰঠ সয়সৰ। ১৯৪২ চনৰ গণবিপ্লৱৰ সময়ত দেউতা ১৮ বছৰীয়া আৰু দেশৰ বিপ্লৱী শান্তিসেনাৰ গাঁৱৰ প্ৰতিনিধি। পুৰঠ বয়সত দেউতাতকৈ দুবছৰে সৰু পেহীদেউ মৃত্যু বাহিনীৰ সদস্য। কংগ্ৰেছ দলৰ সদস্য হওঁ নে নহওঁ সেয়া ডাঙৰ কথা নহয় কিন্তু পৰিয়ালটোৰ যে মুক্তিযুদ্ধৰ লগত সম্বন্ধ আছিল সেয়াহে প্ৰকৃত সত্য।

ঔপনিৱেশিক শাসনৰ পিছৰ পৰা সাতটা দশকৰ পিছত প্ৰকৃত মুক্তিযোদ্ধাৰ পৰিয়াল কিমান থান থান–বান বান হ’ল এই তথ্য দলৰ হাতত আছেনে? তথ্য সংৰক্ষণৰ কোনো ব্যৱস্থা কৰিছিল নে? তৃণমূলৰ পৰা গাঁও পঞ্চায়তলৈকে এই তথ্যবোৰ ৰখাৰ কোনো কেন্দ্ৰীয় ভঁৰাল এই সাতটা দশকত গঢ়া হৈছিল নে যাৰ ওপৰত নিৰ্ভৰ কৰি পিছৰ প্ৰতিনিধিবোৰে আগবাঢ়ি যাব পাৰিব?

মোৰ সতে তেনে কোনোধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা নগঢ়ি একচ্ছত্ৰী ব্যৱস্থা আৰু একনায়কত্ববাদী পদ্ধতিৰে (Autocratic Method) দলটোৱে শাসন কৰাৰ লগে লগে এই একনায়কত্ববাদী নেতৃত্বৰ পদ্ধতি সমগ্ৰ গাঁও–নগৰ–চহৰলৈ সম্পসাৰণ ঘটোৱা হ’ল। ফলত দল সলনি হ’ল– কাৰ্যপ্ৰণালী একেই থাকি গ’ল।

সেই সময়ৰ মুক্তি যুদ্ধৰ তাগিদাত গানৰ পৰা নেতাৰ ভাষণলৈকে, সাহিত্য–সংস্কৃতিৰ পৰা ৰাজনৈতিক পথাৰলৈ যি গুণৰ আভাস পোৱা গৈছিল সি আজি উত্তৰসুৰীসকলৰ স্বভাৱত নাই।

এটা কথা ঠিক যে সকলো বিপ্লৱেই বিশ্ববিপ্লৱৰ অংগ। ফৰাচী বিপ্লৱে দিলে সাম্য–মৈত্ৰী–স্বাধীনতাৰ আৱাজ। ৰুছ বিপ্লৱে দিলে মাৰ্ক্স–লেনিনৰ বাণী– ভাৰতবৰ্ষ আৰু চীনৰ বিপ্লৱে দিলে– মাৰ্ক্স–লেনিন–গান্ধীবাদ– মাও–চে–তুংৰ চিন্তাধাৰা– আৰু আজিৰ নব্য–উপনিৱেশবাদী নব্য উদাৰবাদী যুগত য’ত অৱক্ষয় নিজেই প্ৰধান ধাৰা তাত ওপৰত কোৱা মণিষী কেইজনৰ দৰ্শনেহে জনগণক পথ দেখুৱাব পাৰিব।

অসমৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ যুগৰ পৰা বৰ্তমানৰ কৰি–একৈশ শতিকাত জ্যোতিপ্ৰসাদ–বিষ্ঞুৰাভা–ভূপেন চিন্তাধাৰা আমাৰ পাথেয়। অসমীয়াই আওবাটে নাযাবলৈ পথ–প্ৰদৰ্শক।

কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিজেপি, সাম্যবাদী– সমাজবাদী ধাৰাৰ দলৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে জন্ম পাৱলগীয়া সকলো দলে সেই চিন্তাধাৰাৰে তৃণমূলৰ পৰা গঢ়ি তুলিব লাগিব গণতন্ত্ৰ– গণতান্ত্ৰিক চেতনা।

বৰ্তমানৰ একনায়কত্বাবাদী চৰিত্ৰ পূৰণি দিনৰ সামন্তবাদী আৰু সাম্ৰাজ্যবাদী চৰিত্ৰৰ পৰা উত্তৰাধিকাৰ হিচাপে পোৱা। কি খাৰ্গে, কি মোডী, কি মমতা, কি হিমন্ত সকলোৰে শিপাডাল পূৰণি দিনৰ মুক্তি যুদ্ধ অন্ত পৰাৰ পিছৰ অৱস্থাৰ।

মহাত্মা গান্ধী, নেহেৰু, নেতাজী, ভগৎ সিং আদি সকলো মুক্তিযোদ্ধা সামন্তবাদ আৰু সাম্ৰাজ্যবাদ বিৰোধী আছিল কিন্তু উত্তৰসূৰীসকল নহয়।

শ্ৰীমন্ত শংকৰদেৱ নিজেই সামন্তবাদ বিৰোধী সাংস্কৃতিক যোদ্ধা। তেওঁৰ সৃষ্টি সত্ৰ–নামঘৰ হৈছে ৰাইজৰ গণতন্ত্ৰ সম্প্ৰসাৰণৰ প্ৰতিষ্ঠান। তেৰাৰ উত্তৰসুৰীসকল নিজেই সামন্তবাদৰ নেগুৰ– সেয়ে সত্ৰবোৰে শংকৰ–মাধৱক তুলি ধৰিব পৰা নাই আৰু তাৰেই ফলশ্ৰুতি বৰ্তমানৰ মানসিকতা। প্ৰতিফলন ঘটিছে সত্ৰৰ নায়কসকলৰ কথা বতৰাত– সামন্তবাদী কামকাজত। সহযোগী নৱ উদাৰতাবাদ।

শংকৰ–মাধৱৰ শিক্ষাৰ বিচ্যুতি ঘটাইছে নায়কসকলেহে– সম্প্ৰসাৰন ঘটিছে জনতালৈ।

স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈছিল ৰোগৰ নিৰাময়ৰ বাবে তাৰ মূল কাৰণহে চিকিৎসা কৰিব লাগিব (Treat the cause of the disease, not its symptoms)।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward