Friday, April 19, 2024
Homeবাতৰিচতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা ২০১৭

চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা ২০১৭

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগে আয়োজন কৰা চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা–২০১৭ এইবাৰ ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ খানাপাৰা পশু পালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। কৃষি উদ্যান শস্যৰ এই মেলাৰ মুল উদ্দেশ্য হ’ল কৃষি উদ্যোমীসকলক উৎসাহ যোগোৱা আৰু ভৱিষ্যত প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলা। সেয়ে উক্ত মেলাৰ লগত সংগতি ৰাখি কৃষি সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে উৎপাদিত কৃষি সামগ্ৰীসমূহৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থাও কৰিছে।

মেলাৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে অংশ গ্ৰহণ কৰে। অংশ গ্ৰহণকালত তেখেতে অসমৰ কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে। লগতে ৰাসায়নিক পদ্ধতিৰ সলনি জৈৱিক কৃষি পদ্ধতি প্ৰয়োগেৰে খেতি–বাতি কৰিবলৈ সকলোলৈকে আহবান জনায়। আনহাতে অসম চৰকাৰৰ কৃষি উদ্যান আৰু খাদ্য সংসাধন মন্ত্ৰী অতুল বৰাই কৃষি প্ৰয়োজনীয়তাৰ ওপৰত এক বহুমুলীয়া ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপেদেষ্টা ঋষিকেশ গোস্বামী, ৰঞ্জিত দাস আৰু বহুকেইজন সন্মানীয় ব্যক্তি উপস্থিত আছিল

শিৰোনামাৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিচ

Photo Courtesy: Eastern Photo Service

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward