Thursday, April 25, 2024
Homeবাতৰিটাগিন জনজাতিসকলৰ ছি–ডয়ি উৎসৱ পালন

টাগিন জনজাতিসকলৰ ছি–ডয়ি উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অৰুণাচল প্ৰদেশ বিভিন্ন জনজাতিৰ আবাসভূমি। তাৰ ভিতৰত টাগিন জনজাতিসকলো অন্যতম। এই টাগিন জনজাতিসকলৰ জাতীয় উৎসৱ হ’ল ‘ছি – ডয়ি’। জানুৱাৰী মাহৰ প্ৰথম ভাগত সমগ্ৰ বিশ্বৰ মানৱকুলৰ মংগল কামনাৰে জাতীয় উৎসৱটিক ধুম–ধামেৰে পালন কৰে। উল্লেখ্য যে, ডাপৰিজু আৰু ডুমপৰিজুত টাগিনসকলৰ মূল বসতিস্থল বুলি জনাজাত সেয়ে পৰম্পৰাগত নীতি–নিয়মৰ মাজেৰে ছি–ডয়ি উৎসৱ পালন কৰা হয়।

অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ নাহৰলগুনৰ ‘ছি – ডয়ি’ গ্ৰউণ্ডত সমূহীয়ভাৱে আয়োজন কৰা উৎসৱত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৱে। অনুষ্ঠানত তেওঁ কয় যে, আজি কালি জনজাতি লোকসকলে নিজৰ উৎসৱ–পাৰ্বনসমূহ পৰম্পৰাগত নীতি নিয়মৰ সলনি আধুনিকীকৰণৰ ৰূপ দিয়া দেখা যায়, যাৰ ফলত পৰম্পৰাগত বহু নীতি–নিয়ম বাদ পৰি যায়। এনেকৈ যদি এটাৰ পিচত আন এটা বাদ পৰি থাকে তেনেহ’লে অদূৰ ভৱিষ্যতে নিজৰ জাতি, উৎসৱ–পাৰ্বন আদিৰ বহু মূল্যবান কথাবোৰ আন্ধাৰতে থাকি যাব। আধুনিকীকৰণক অনুসৰণ কৰাৰ নামত যাতে পৰম্পৰাগত নীতি–নিয়মসমূহ বাদ পৰি নাযায় সেইটো লক্ষ্য ৰাখিব লাগিব। তেনে কৰিলেহে জনজাতি সমাজবোৰ ভৱিষ্যতে বৰ্তি থাকিব বুলি উল্লেখ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward