Friday, April 19, 2024
Homeবাতৰিচানডুবিক পৰ্যটকৰ আকৰ্যণস্থলী হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চানডুবিক পৰ্যটকৰ আকৰ্যণস্থলী হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ঐতিহাসিক চানডুবি বিলৰ পাৰত সপ্তম বাৰ্ষিক চানডুবি উৎসৱ এক জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা উৎসৱৰ পতাকা আয়োজক সমিতিৰ সভাপতি অশোক নংবাগে উত্তোলন কৰাৰ পিচত সন্মানীয় অতিথিৰ দ্বাৰা উল্লিখিত অনুষ্ঠান সমূহ মুকলি কৰা হয়। সেইমতে, চানডুবি উৎসৱ–২০১৭ উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই, ডগৰবুৰাৰ নামত উসৰ্গিত অতিথিশালা মুকলি কৰে জিলা পৰিষদৰ সদস্য পংকজলোচন গোস্বামীয়ে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ হাটোৱে প্ৰদৰ্শনীথলী লাঙাবুৰাৰ দ্বাৰ মুকলি কৰে আৰু কৌতুক অভিনেতা বিপুল ৰাভাই উদ্বোধন কৰে চান্দ সদাগৰ সোঁৱৰনী মঞ্চ।

উল্লেখযোগ্য যে দেৱজিৎ নাফাই আঁত ধৰা দুপৰীয়াৰ অন্য এখন সভাত দীপক কাইলনে সম্পাদন কৰা চানডুবি উৎসৱৰ মুখপত্ৰ ‘ল’কেয়া’ উন্মোচন কৰে বুদ্ধিজীৱী ময়ুৰ বৰাই। ভাস্কৰ ৰাভা, জীৱেশ্বৰ বড়ো আৰু প্ৰফুল্ল কুমাৰ ৰাভাৰ দ্বাৰা সম্পাদিত আৰু ‘কাঢ়ানল’ৰ প্ৰকাশন গোষ্ঠীৰ নৱতম গ্ৰন্থ চানডুবিৰ প্ৰবন্ধ সংগ্ৰহ গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড০ মৃগেন্দ্ৰমোহন গোস্বামীয়ে উন্মোচন কৰে। শোণিত প্ৰকাশনৰ হৈ দীনেশ দাসে প্ৰকাশ কৰা লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাৰ ‘অজ্ঞাতবাসত বিষ্ঞু ৰাভা’ গ্ৰন্থখন উন্মোচন কৰে শিক্ষক গোলাপ ভৰালীয়ে। কবি বিৰিঞ্চি ৰাভাৰ দুখন কাব্যগ্ৰন্থ ‘নালি গুংগ্লে’ আৰু ‘বইনী তোৰ কাঁথি বহি বাজালং মাটিৰ বাঁহী’ উন্মোচন কৰে ক্ৰমে– ভূবিন ৰাভা আৰু উমা ৰাভাই।

১৮৯৭ চনৰ ১২ জুনত ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ প্ৰৱল জোকাৰণিৰ ফলত সৃষ্টি হোৱা চানডুবি বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে সমষ্টিটোৰ স্থানীয় বিধায়ক প্ৰণৱ কলিতাই বিশ কোটি টকাৰ এক প্ৰকল্প যুগুত কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। বিপৰীতে চানডুবি বিলৰ পাৰত অৱস্থিত জনজাতীয় প্ৰধান বনগাঁও জৰামখুৰীয়াত ২০০৯ চনত স্থানীয় লোকে গঢ়ি তুলিছিল ইক’ টুৰিজম ক্ষেত্ৰ। স্থানীয় ৰাইজে সেই ক্ষেত্ৰসমূহকো পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিভিন্ন আঁচনি হাতত লোৱা বুলি জানিব পৰা গৈছে।

চানডুবি উৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– অসমৰ পৰ্যটন ক্ষেত্ৰখনক যদি বিশ্বৰ দৰবাৰলৈ নিব লাগে তেনেহ’লে চানডুবিৰ জীৱ–বৈচিত্ৰ্যৰ উন্নতি সাধন কৰিবই লাগিব। ইতিমধ্যে বলিউডখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে নিযুক্ত কৰা হৈছে। আমি নিযুক্ত কৰা এম্বেছেডৰ গৰাকীয়ে বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ফলত অসমৰ পৰ্যটন ক্ষেত্ৰখনে উন্নতি লাভ কৰাৰ যথেষ্ট থল আছে। ইতিমধ্যে ঐতিহ্যমণ্ডিত চানডুবিৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ দেশী–বিদেশী পৰ্যটক, দৰ্শনাৰ্থীৰে লোকে লোকাৰণ্য হৈ পৰিছে। সেই ছেগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চানডুবিৰ উন্নতিৰ হকে সংকল্প গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে বক্তব্য দান কৰে। আনহাতে ভৱিষ্যতে চানডুবি সংৰক্ষণৰ দায়িত্ব ৰাভা হাছঙ প্ৰশাসন আৰু ইয়াৰ অন্তৰ্গত ৰাইজসমূহেও ল’ব লাগিব বুলি তেখেতে আহ্বান জনায়। শংকৰদেৱ, আজান ফকিৰ, বিষ্ঞু ৰাভা, জ্যোতিপ্ৰসাদ, ফণী শৰ্মা আৰু ড০ ভূপেন হাজৰিকাৰ সম্পদেৰে ভৰপূৰ হৈ থকা অসমৰ সকলো জাতি–জনজাতি শিক্ষাৰ জৰিয়তেহে এক শক্তিশালী জাতিলৈ পৰিণত হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে।

উৎসৱত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। তেখেতে ভাষণকালত কয় যে– চানডুবিৰ উন্নতি হ’লে কাষৰীয়া অঞ্চলটোৰ অতি কমেও বিশ হেজাৰ লোকে প্ৰত্যক্ষ–পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। সেয়ে জৰাজীৰ্ণ মিৰ্জা–চানডুবি পথটি অহা বিত্তীয় বৰ্ষতে ৰাজ্যিক পথৰূপে নিৰ্মাণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে অনুৰোধ কৰে। সভাত অতিথিৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ শেষাণ আৰু সমষ্টিটোৰ স্থানীয় বিধায়ক প্ৰণৱ কলিতাই।

উৎসৱ উদ্‌যাপন সমিতিৰ কৰ্মকৰ্তা অৰুণ দিয়া’ই আঁতধৰা সভাখনত আৰম্ভণিতে মুখ্যমন্ত্ৰী সোণোৱালক ৰাভাসকলৰ জাতীয় প্ৰতীক মানচেলেংকা, পাজাৰ, ফুলৰ থোপা আৰু পৰম্পৰাগত জেকেটেৰে সম্বৰ্ধনা জনায়। মুকলি সভাতে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অশোক নংবাগে চানডুবিক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়িতোলা, মিৰ্জা–চানডুবি পথ দৈত পথৰূপে নিৰ্মান কৰা, লোহাৰঘাটত এখন মহাবিদ্যালয় স্থাপন কৰা, বৰদুৱাৰ অঞ্চলত এখন উন্নত পৰ্যায়ৰ চিকিয়সালয় গঢ়ি তোলা আদি বিভিন্ন দাবীসম্বলিত স্মাৰকপত্ৰ এখন মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰদান কৰে।

দেৱজিৎ নাফাই আঁত ধৰা ‘চানডুবিৰ পাৰিপাৰ্শ্বিক পৰ্যটনৰ অংশৰূপে গ্ৰাম্য পৰ্যটনৰ উন্নয়ন আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ কৰণীয়’ শীৰ্ষক আলোচনাচক্ৰখন সঞ্চালনা কৰে পংকজ চক্ৰৱৰ্তীয়ে। আৰু বিশিষ্ট আলোচকৰূপে অংশগ্ৰহণ কৰে বুদ্ধিজীৱী হাইদৰ হুছেইনে। আলোচনাকালত তেখেতে ঐতিহ্যমণ্ডিত চানডুবিৰ আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণ কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। আলোচনাচক্ৰত উপস্থিত থকা আন এগৰাকী আলোচক তথা বিশিষ্ট সাহিত্যিক, সমালোচক ইছমাইল হোছেইনে চানডুবিত এটি স্থায়ী সংগ্ৰহালয় গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। আলোচনাচক্ৰত চানডুবি বিলৰ জীৱ–বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিক পৰ্যটনৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰত ১৯৭৭ চনৰ পৰাই জড়িত হৈ থকা বুলি উল্লেখ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড০ মৃগেন্দ্ৰ মোহন গোস্বামীয়ে। উৎসৱৰ সৈতে সংগতি ৰাখি আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা বিভিন্ন গীত–মাত, নৃত্য আদি পৰিবেশন কৰা হয়।

এইবাৰৰ চানডুবি উৎসৱত গ্ৰন্থমেলা, হাঁনাঘোৰা নৃত্য, অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ লোক–কৃষ্টি, সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা হয়। ভাস্কৰ্য শিল্পী লৱণ দাসৰ ভাস্কৰ্য, থলুৱা খাদ্য–সম্ভাৰ আদি বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।

ঐতিহ্যমণ্ডিত চানডুবি বিলৰ নগৰ বাকৰিত অনুষ্ঠিত কৰা সপ্তম সংখ্যক চানডুবি উৎসৱ পাঁচ জানুৱাৰীৰ সন্ধিয়া অন্ত পৰে। সামৰণিৰ সন্ধিয়া ‘চান্দ সদাগৰ সোঁৱৰণী মঞ্চ’ৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। বড়োসকলৰ বাগৰুম্বা, ৰাভাসকলৰ বগেজাৰী নৃত্য, চাথাৰ নৃত্য, গাৰোসকলৰ ৱাংগালা নৃত্যৰ লগতে জাকৈ বোৱা নৃত্যকে ধৰি বিভিন্ন লোক–কলা কৃষ্টি দল সমূহে অংশগ্ৰহণ কৰে। সদৌ শেষত কাঠ–বাঁহেৰে নিৰ্মিত মেজি এটি জ্বলাই পাঁচদিনীয়া চানডুবি উৎসৱৰ সামৰিণি পেলায় উদ্যোক্তাসকলে। সামৰণি অনুষ্ঠানত লোক–সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা, প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডাঃ কমলা কলিতা, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ অসমীয়া বিভাগৰ প্ৰবক্তা এডৱাৰ্ড ষ্টেডী এন চাংমা, ৰামপুৰ জিলা পৰিষদৰ সদস্য পংকজলোচন গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি তেওঁলোকে চানডুবি বিলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সকলো পক্ষৰে সহায়–সহযোগিতা কামনা কৰে। ভৱিষ্যতে চানডুবি বিলক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক দেৱজিৎ নাফা’ই। উৎসৱৰ সামৰণী অনুষ্ঠানত উদ্‌যাপন সমিতিৰ সভাপতি অশোক নংবাগ, কাৰ্যকৰী সভাপতি দীপমণি ৰাভা, সম্পাদক সুভাষ চিনাল, স্মৃতিগ্ৰন্থ ল’কেয়াৰ সম্পাদক দীপক কাইলন, আলোচনী বিভাগৰ সভাপতি প্ৰফুল্ল কুমাৰ ৰাভাকে ধৰি উপস্থিত থাকে ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াও।

শিৰোনামাৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিচ

Photo Courtesy: Eastern Photo Service

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward