প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ, ২০২৩
কল্প ৰঞ্জন গগৈ –
দেশৰ স্বাধীনতাৰ ৭৬ বছৰ, গণৰাজ্য হোৱা ৭৩ বছৰ। লক্ষ্য ধৰ্মনিৰপেক্ষ, সৰ্বভৌম সমাজবাদী সমাজ গঢ়াৰ। এক পূৰঠ আৰু সাবালক জনতাৰ দেশ। আদিম যুগৰ বৰ্বৰ অভ্যাসৰ ঠাইত এক সূশীল সংস্কৃতিৱান অভ্যাস। এই অভ্যাস গঢ়াৰ বাবে বিভিন্ন শৈক্ষিক– সাংস্কৃতিক কাৰ্যসূচী। অথচ সাতটা দশকৰ অনুশীলনৰ ফচল বৰ দুখলগা। একৈশ শতিকাত বিকাশ প্ৰায় স্থবিৰ। উভতি চাবলগীয়া হৈছে অতীতলৈ। অতীতৰ বীৰত্বৰ গৌৰৱ গাথা সুঁৱৰিবলগীয়া হৈছে।
মনত ৰখা ভাল যে– অতীতৰ শোক গাথাবোৰ আঁতৰাই থলেই ভৱিষ্যতৰ নিৰ্মাণ হ’ব নোৱাৰে। ভৱিষ্যতৰ পথ সৰলৰৈখিক নহয়। বুৰঞ্জী–ইতিহাসৰ গতি এঁকা–বেঁকা।
বুৰঞ্জী মানে ৰজা–মহাৰজা, ডা–ডাঙৰীয়াৰ কথা নহয়। প্ৰজা–জনসাধাৰণৰ তেজ–ঘাম–চকুপানীৰ কাহিনীহে দেশৰ সম্পূৰ্ণ বুৰঞ্জী। যুদ্ধৰ বুৰঞ্জীৰ অৰ্থ সাধাৰণ চিপাহীৰ বুৰঞ্জী। দুয়োখন দেশৰ চিপাহীৰ কথা। কাৰণ যুদ্ধত অংশ গ্ৰহণ হুকুমদাৰসকলৰ হুকুম পালন কৰিবলৈহে। চিপাহীৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে নহয়।
প্ৰতিখন যুদ্ধৰ নায়ক চিপাহীসকলহে যাৰ নাম বুৰঞ্জীৰ পাতত নাথাকে। নতুন পৃথিৱীৰ বুৰঞ্জী লিখোতে আমি এই চিপাহীসকলৰ বিষয়ে লিখিব লাগিব। লিখিব লাগিব তেওঁলোকৰ তেজ–ঘাম–চকুপানীৰ কাহিনী।
প্ৰশ্ন কৰিব লাগিব যুদ্ধ কিয়? ৰজা মহাৰজাসকল যুদ্ধৰ বাবে উন্মাদ কিয়? মহাভাৰতৰ যুদ্ধত সঞ্জয়ে যুদ্ধৰ বৰ্ণনাহে দিছিল। কিন্তু যুদ্ধৰ বাবে উন্মাদ আছিল ধৃতৰাষ্ট্ৰ। যিজন ধৃতৰাষ্ট্ৰই জনা নাছিল ইয়াৰ শেষ পৰিণতি কি হ’ব।
ভিন্ন ধৰণে যুদ্ধৰ ব্যাখ্যা কৰা বাবেই ই মহাকাব্য। ভৱিষ্যত প্ৰজন্মৰ বাবে হাঁতিয়াৰ। পৃথিৱীক বুজাৰ।
আজিলৈকে যুদ্ধৰ পৰিণতি ধ্বংসহে। নতুন সৃষ্টিৰ কথা ক’ত? আজিৰ দৃষ্টিৰে চালে যুদ্ধ নিজেই ৰাজনীতি। যুদ্ধৰ গুৰিত থাকে জঁটিল ৰাজনীতি যাক কূটনীতিৰে (Diplomacy) কিছুদিন থমাই ৰখা হয়। অৱশেষত ৰাজনীতিয়েহে জয়লাভ কৰে। যুদ্ধ হয়– ধ্বংস হয়। মানুহৰ তেজ বৈ যায়। শত্ৰুতা হয় চিপাহীসকলৰ মাজত। এনেকৈয়ে অসুস্থ ৰাজনৈতিক দৰ্শনৰ বাবে যুদ্ধ আগবাঢ়ি গৈ থাকে। ৰজাই ৰজাৰ লগত যুদ্ধ কৰে। প্ৰজা যুঁজি যুঁজি মৰে।
ৰাজনৈতিকভাৱে প্ৰজা সাবালক হ’লেহে এই বৈৰীমূলক যুদ্ধৰ অন্ত পৰিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News