Monday, April 29, 2024
HomeARTICLEবৰিহাটৰ ঐতিহাসিক ১৪১তম লক্ষ্মীপূজা

বৰিহাটৰ ঐতিহাসিক ১৪১তম লক্ষ্মীপূজা

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ মিৰ্জা–চানডুবি পথৰ কাষত অৱস্থিত এখন ঠাই– বৰিহাট। এইখন বৰিহাটতে আনুমানিক ১৮৮২ চনত আৰম্ভ কৰিছিল লক্ষ্মীপূজা। তেতিয়াৰে পৰা প্ৰতিটো বৰ্ষতে পালন কৰা বৰিহাটৰ লক্ষ্মীপূজাত বৃহত্তৰ অঞ্চলটোৰ কৃষিজীৱি ৰাইজে সহযোগ কৰি আহিছে। আৰম্ভণি কালছোৱাত স্থায়ী মন্দিৰ নাছিল যদিও বৰিহাট গধুলি বজাৰৰ কাষত অস্থায়ী ৰভা সাজি ঢুলীয়া–কালীয়া, আয়তী নাম, ওজাপালিৰে এই পূজা পালন কৰিছিল। স্বাধীনতাৰ পিছৰ কালছোৱাৰ পৰা বৰিহাটৰ লক্ষ্মী পূজাত যাত্ৰা পাৰ্টীৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। লক্ষ্মীপূজা পালনৰ লগতে আয়োজক কমিটিয়ে মন্দিৰৰ নামত এটি পূঁজি গঠনৰো দিহা কৰিছিল। সেই অনুসৰি– ১৯৭৪ চনত চেণ্ট্ৰেল বেংকৰ গুৱাহাটীৰ পাণবজাৰ শাখাত লক্ষ্মী মন্দিৰৰ নামত এটি একাউণ্ট খুলি পূঁজি জমা কৰিছিল। ১৯৭৮ চনত বৰিহাটৰ মাজ মজিয়াতেই স্থাপন হৈছিল প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ এটি শাখা। সেয়ে পাণবজাৰৰ চেণ্ট্ৰেল বেংকৰ একাউণ্ট বন্ধ কৰি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকত নতুনকৈ খুলিছিল।

বৰিহাটৰ ঐতিহাসিক লক্ষ্মীপূজাই এইবাৰ ১৪১বৰ্ষত ভৰি দিছে। কেইটামান বছৰ অতিক্ৰম কৰিলে ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিব। সময়ৰ গতিত বৰিহাটৰ উন্নয়ন ঘটিল। মানুহবোৰৰ হাতত টকা–পইচা অহাৰ লগে লগে ৰুচিবোধৰ সলনি হ’ল। এসময়ৰ জুপুৰী লক্ষ্মী মন্দিৰটো এতিয়া পকীৰে আটোম–টোকাৰীকৈ নিৰ্মাণ কৰিছে। ৰাস্তাঘাতবোৰৰ উন্নতি ঘটিল। অৱশ্যে, ১৯৭৪ চনতেই বৰিহাটত বিজুলীবাতি সংযোগৰ ব্যৱস্থা হৈছিল। সেই সময়ৰে পৰাই লক্ষ্মীপূজাৰ কাৰ্যসূচীবোৰত মেণ্ঠেল লাইটৰ লগতে বিজুলী চাকিৰো সমাহাৰ ঘটিছিল। বৰ্তমান লক্ষ্মীপূজা উপলক্ষে আয়োজন কৰা সকলোবোৰ কাৰ্যসূচীতে ৰং–বিৰংৰ বিজুলী চাকি, অত্যাধুনিক শব্দ ব্যৱস্থাৰ সংযোগ ঘটিল। পূৰ্বতে এদিনীয়া লক্ষ্মীপূজা আজি জাকজমকতাপূৰ্ণ কাৰ্যসূচীৰে তিনিদিনীয়াকৈ পালন কৰা হয়।    

উল্লেখনীয় যে, বৃহত্তৰ বৰিহাট অঞ্চল আমৰাঙ্গা ৰাজহ গাঁৱৰ অংশ। যদিও সকলো ক্ষেত্ৰতে বৰিহাট নামটোহে বেছি জনাজাত। বৰিহাট– ছয়ানী আৰু ভোলাগাঁও মৌজাৰ সীমাঞ্চল। ঠিক তেনেদৰে পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰো সীমাঞ্চল। বৰিহাট হ’ল বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহৰ অহা পৰা লোকসকল সমবেত হোৱা একমাত্ৰ কেন্দ্ৰস্থল। দুয়ো মৌজা আৰু সমষ্টিৰ কৃষিজীৱি লোকসকলৰ আশা–ভাৰসাৰ একমাত্ৰ থল আছিল বৰিহাট। তাৰ পৰিপ্ৰেক্ষিততে বৰিহাটত গঢ়ি উঠিছিল সৰু–সুৰা দোকান লগতে এখন সাপ্তাহিক গধুলি বজাৰ। এসময়ৰ বৰিহাট আজি বৃহত্তৰ অঞ্চলটোৰ মূল বাণিজ্যিক চহৰ হৈ পৰিছে। সকলো ক্ষেত্ৰতে বৰিহাটৰ এটি সুকীয়া গৌৰৱ আছে। জ্ঞানপীঠ বঁটাপ্ৰাপ্ত ড মামণি ৰয়ছম গোস্বামীৰ পিতৃগৃহ বাণিজ্যিক চহৰখনৰ পৰা কিছু দূৰৰ আমৰাঙ্গাত অৱস্থিত। মামণি ৰয়ছম গোস্বামীয়ে শৈশৱৰ এক দীঘলীয়া সময় পাৰ কৰিছিল আমৰাঙ্গাত।

অসমৰ যাত্ৰা জগতৰ বিষয়ে উল্লেখ কৰিব লাগিলে– প্ৰথমে দক্ষিণ কামৰূপ, তাৰপিছত বৰিহাটৰ নাম বিশেষভাৱে ল’বই লাগিব। কিয়নো দক্ষিণ কামৰূপৰ বৰিহাট হ’ল যাত্ৰা জগতৰ এখন জনাজাত ঠাই। এইখন বৰিহাটতেই মঞ্জয় চৌধুৰী, আদিত ওস্তাদ, মাণিক ওস্তাদৰ দৰে যাত্ৰা জগতৰ গুৰুসকলৰ জন্ম হৈছিল। তেওঁলোকৰ নেতৃত্বতেই জন্ম লাভ কৰিছিল এটাৰ পিছত আন এটা যাত্ৰা নাট্য দ’লৰ। সৃষ্টি হৈছিল অসংখ্য অভিনেতা–অভিনেত্ৰী, কলা–কুশলীৰ। স্বীকাৰ কৰিবই লাগিব– দক্ষিণ কামৰূপৰ যাত্ৰা জগতৰ কাণ্ডাৰীসকল, যাত্ৰা নাট্য দল, অভিনেতা–অভিনেত্ৰী, কলা–কুশলীসকলৰ অধিকাংশই আছিল বৰিহাট অঞ্চলৰ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward