Saturday, April 20, 2024
HomeARTICLEচৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত দক্ষিণ কামৰূপৰ কমলা খেতিয়কসকল

চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত দক্ষিণ কামৰূপৰ কমলা খেতিয়কসকল

প্ৰকাশিত তাৰিখঃ ২৮ ডিচেম্বৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

এতিয়া কমলাৰ বতৰ। বিভিন্ন প্ৰান্তৰ পৰা অহা পকা পকা কমলাৰে গুৱাহাটীৰ বজাৰসমূহ উপচি পৰিছে। দক্ষিণ কামৰূপত উৎপাদিত কমলা টেঙাইয়ো গুৱাহাটীৰ বজাৰ শুৱনি কৰি আছে আজি বহু বছৰজুৰি। অৱশ্যে, সু–মিষ্ট কমলা উৎপাদনত দক্ষিণ কামৰূপৰ এটা সুকীয়া সুনাম আছে। আজি নহয় বহু বছৰ আগৰেপৰাই থকা সেই সুনাম আজিও অটুট আছে। বিশেষকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ উমচুৰ, বাটাবাৰী, শালসেৰ, মাটাইখাৰ, বাখালাপাৰা আৰু জিমিৰিগাঁও এইকেইখন গাঁও সু–মিষ্ট কমলা উৎপাদনৰ বাবেই বিখ্যাত হৈ পৰিছে। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই অঞ্চলটোৰ ভূমি, সকলো খেতিয়েই ঠন ধৰি উঠে। বৰ্তমান গাঁওকেইখনত শ শ কমলাৰ বাগান গঢ়ি উঠিছে। য’ত– একোখন বাগানত পাঁচশৰ পৰা আৰম্ভ কৰি ছয় হেজাৰ জোপা পৰ্যন্ত কমলা গছেৰে পৰিপূৰ্ণ হৈ আছে। অঞ্চলটোত কমলা খেতিৰ বাটকটীয়া বুলি উমচুৰ, বাখালাপাৰা, জিমিৰিগাঁও এই তিনিখন গাঁৱকে অভিহিত কৰা হয়। প্ৰায় পঞ্চাশ বছৰ আগতে উক্ত গাওঁকেইখনত কমলা খেতি আৰম্ভ হৈছিল। বৰ্তমান বাখালাপাৰা আৰু জিমিৰিগাঁৱত প্ৰায় পাঁচশখন কমলাৰ বাগান আছে। উমচুৰৰ উদ্যমী যুৱক ধ্ৰুৱজ্যোতি দলৈয়ে প্ৰকাশ কৰামতে তেওঁলোকৰ গাঁৱখনত প্ৰায় দুশখন কমলাৰ বাগান আছে। ইপিনে, বাটাবাৰী–শালসেৰত প্ৰায় ছয়শখন কমলাৰ বাগান থকাৰ কথা ব্যক্ত কৰে কমলা খেতিয়ক ভৱ ৰাভা আৰু দীপাংকৰ ৰাভাই। গ্ৰাম্য পৰ্যটনৰ সৈতে জড়িত মাটাইখাৰ নিবাসী প্ৰাণেশ্বৰ ৰাভাই প্ৰকাশ কৰামতে– আৰু কেইটামান বছৰ অতিক্ৰম কৰিলে বাটাবাৰী–শালসেৰ এই গাঁও দুখনেই হয়তো অঞ্চলটোৰ ভিতৰত সৰ্বাধিক কমলাৰ বাগান থকা গাঁওৰূপে স্থান অধিকাৰ কৰিব। আনহাতে, চানডুবিৰ আশে–পাশে বাৰেগাঁও, কঠালগুৰি আদি গাঁৱতো কমলা বাগান আছে। ছয়গাঁও, বামুণীগাঁৱতো কম–বেছি পৰিমাণে উৎপাদন হোৱাৰ বিপৰীতে বকো, হাহিম আদিত অধিক হাৰত কমলা উৎপাদন হয়। ইপিনে, আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ জিৰাং এলেকাতো কমলা বাগান আছিল। আমাৰ জ্যেষ্ঠসকলে কোৱামতে– উমচুৰ, বাখালাপাৰা, জিমিৰিগাঁও নহয় জিৰাং এলেকাতহে প্ৰথম কমলাখেতি আৰম্ভ কৰিছিল। জিৰাং এলেকাৰ ৰজা (এলেকাধিপতি, খাছি ভাষাত শ্বিয়েম) ল’কেন্দ্ৰ শ্বিয়েমে আন্তঃৰাজ্যিক সীমান্তৰ শুকুৰবেৰীয়াত কমলা আৰু পান খেতিৰ এখন বৃহৎ বাগান স্থাপন কৰিছিল। নিউ জিৰাঙৰ বিভিন্ন ঠাইতো কমলা বাগানেৰে পৰিপূৰ্ণ হৈ আছিল। এইমুহুৰ্তত শুকুৰবেৰীয়াত স্থাপন কৰা ৰজাৰ কমলা আৰু পানৰ বাগানখনৰ চিনচাব নাই। ২০০৪ চনলৈকে নিউ জিৰাঙ অঞ্চলত কমলা বাগানৰ পৰা উৎপাদন লাভ কৰি আহিছিল। কিন্তু আজি সেই পুৰণি বাগানবোৰৰ চিনমোকাম নোহোৱা হৈছে। যদিও, মেঘালয় চৰকাৰৰ উদ্যান শস্য বিভাগৰ সহযোগত অঞ্চলটোত কমলাখেতিয়ে নতুনকৈ প্ৰাণপাই উঠিছে। বহু খেতিয়কে নতুনকৈ কমলা বাগান স্থাপনৰ কাম–কাজ আৰম্ভ কৰিছে। কেইটামান বছৰৰ ভিতৰত আকৌ কমলা বাগানেৰে পৰিপূৰ্ণ হৈ উঠিব।

ভৱ ৰাভা ৫৫ বছৰ বয়সীয়া জনজাতীয় কৃষকজনৰ ঘৰ বাটাবাৰী–শালসেৰত। কৃষকজনে তিনিহেজাৰ জোপা কমলাৰ এখন বাগান স্থাপন কৰিছে। কমলা গছবোৰ ৰোপণ কৰা আজি ৮বছৰ হৈছে। এইবাৰৰ সৈতে তিনি বছৰ হ’ল ফচল লাভ কৰা। এতিয়া কমলাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। তেখেতে প্ৰথমবাৰ কমলা বিক্ৰীকৰি ৪৫ হেজাৰ, দ্বিতীয়বাৰ ৭৫ হেজাৰ টকা উপাৰ্জন লাভ কৰিছে। এইবাৰ ক’মেও এক লাখৰ ওপৰত উপাৰ্জন লাভ কৰিব বুলি কৃষকজনে দৃঢ়তাৰে ব্যক্ত কৰিছে। বাগানত উৎপাদিত কমলাবোৰ মান অনুযায়ী তিনিটা ভাগত বিক্ৰী কৰে। এক নম্বৰ কমলাবিধ প্ৰতিপোণত (৮০টা) সাতশ টকা, দুই নম্বৰ বিধত প্ৰতিপোণত ছয়শ টকা আৰু তিনি নম্বৰ বিধত পাঁচশ পঞ্চাশ টকা। নিজৰ বাগানৰ কমলা বিক্ৰীৰ ক্ষেত্ৰত এইমুহুৰ্তলৈকে কোনো সমস্যাৰ সন্মুখীণ হোৱা নাই। কমলা কিনিবলৈ বেপাৰীসকল বাগানত উপস্থিত হয়, গৰাকীয়ে মাত্ৰ গছৰপৰা ফলটো ছিঙি দিব লাগে। ইতিমধ্যে, কৃষকজনে এম জি এনৰেগাৰ অধীনত ‘আই বি এছ’ আঁচনিত অন্তৰ্ভূক্ত হৈছে। উক্ত আঁচনিত জৰিয়তে তেওঁৰ নামত ১লাখ পাঁচ হেজাৰ টকা অনুমোদন হৈছে। এতিয়ালৈকে আঁচনিখনৰ অধীনত দুজন শ্ৰমিকৰ মজুৰি প্ৰতিজনে বাৰশকৈ মুঠ দুই হেজাৰ চাৰিশ টকা লাভ কৰিছে। লাৱন্য ৰাভা– ৬৫ বছৰ, পাঁচ হেজাৰ জোপা কমলাৰ এখন বাগান স্থাপন কৰা আজি ২০ বছৰ হৈছে। বাটাবাৰী–শালসেৰ অঞ্চলটোত তেখেতেই পুৰণি তথা প্ৰথম কমলা খেতিয়ক আৰু বৃহৎ কমলা বাগানৰ গৰাকী। লাৱন্য ৰাভাৰ তিনিজন ল’ৰা আৰু পত্নীৰ সৈতে মুঠ পাঁচজনীয়া সদস্যৰ এটি পৰিয়াল। ডাঙৰ ল’ৰা দোকান ব্যৱসায়, মাজু ল’ৰাই ঘৰৰ খেতিবাতি চম্ভালে আৰু সৰু ল’ৰা দীপাংকৰে (২৫) কমলা বাগানখন পৰিচালনা কৰে। দিপাংকৰহঁতে বাগানৰ কমলা বিক্ৰী কৰি প্ৰতি বছৰে তিনি লাখৰ অধিক উপাৰ্জন কৰে। ইপিনে, দোকান ব্যৱসায়ৰ লগত জড়িত ডাঙৰ ল’ৰাকো এহেজাৰ জোপা কমলাৰ বাগান এখন দেউতাকে স্থাপন কৰি দিছে। লাৱন্যৰ ঘৰৰ বিশাল বস্তিটোত তামোল–পান–জালুকৰে ভৰা এখন বাগিছা আছে। যাৰ বাৰ্ষিক উপাৰ্জন এক লাখৰ ওপৰ। নিজৰ ঘৰৰ পৰা কিছু নিলগত থকা কমলা বাগানখনতে বৰ্তমান লাৱন্য ৰাভাই পত্নীৰ সৈতে থাকিবলৈ লৈছে। তাতেই পালন কৰিছে হাঁহ–কুকুৰাও। আনন্দ ৰাভা– ৩০ বছৰ। দুই হেজাৰ জোপা কমলাৰ এখন বাগান। যোৱা বছৰৰ পৰা বাগিছাখনৰ ফচল লাভ কৰিছে। এইবাৰৰ ফচল ভাল হৈছে। ভদ্ৰেশ্বৰ ৰাভা– ৩৫ বছৰ। এক হেজাৰ জোপাৰ কমলা বাগিছাখন স্থাপন কৰা আজি সাত বছৰ হৈছে। এইবাৰৰ সৈতে দুই বছৰ হ’ল বাগানখনৰ পৰা ফচল লাভ কৰা। প্ৰদীপ ৰাভা– ৪৫ বছৰ। তিনি হেজাৰ জোপা গছ ৰোপণেৰে নতুনকৈ কমলা বাগান এখন আৰম্ভ কৰিছে। গছবোৰ ৰোপণৰ এটা বছৰ অতিক্ৰম কৰিছে সেয়ে ফচল লাভ কৰালৈ আৰু চাৰিটা বছৰ অপেক্ষা কৰিব লাগিব। কমলা গছবোৰৰ তেজাল চেহেৰাই কৃষকগৰাকীৰ মন উৎসাহী কৰি তুলিছে। নাৰায়ণ ৰাভা– ৪৬ বছৰ। দুই হেজাৰ জোপা কমলা বাগান এখন স্থাপন কৰা আজি ১০ বছৰ হৈছে। ইতিমধ্যে কৃষকগৰাকীয়ে বাগানৰ কমলা বিক্ৰী কৰা চাৰি বছৰ হৈছে। এই বছৰতো কমলা বিক্ৰী কৰি আছে। পুতুল ৰাভা– ৬৫ বছৰ। এহেজাৰ জোপা কমলাৰ এখন বাগান স্থাপন কৰিছে। যোৱা বছৰ বাগানখনৰ পৰা প্ৰথম ফচল লাভ কৰিছে। এইবছৰৰ ফচল বিক্ৰী কৰি আছে। অকলা ৰাভা– ৩৮ বছৰ। দুই হেজাৰ জোপা কমলাৰ এখন বাগান স্থাপন কৰিছে। এই বছৰৰ সৈতে দুটা বৰ্ষত ফচল লাভ কৰিছে। পবিত্ৰ ৰাভা– ৩৭ বছৰ। পাঁচশ জোপাৰ কমলা বাগান। এইবাৰৰ লগত দুই বছৰ হ’ল কমলা লাভ কৰা। পুষ্প ৰাভা– ৪০ বছৰ। দুই হেজাৰ জোপাৰ কমলা বাগানখন স্থাপনৰ ১৩ বছৰ হৈছে। প্ৰমোদ ৰাভা– ৫৫ বছৰ। তেখেতৰ বাগানত মুঠ পাঁচশ কমলা গছ আছে। ইতিমধ্যে বাগানখনৰ পৰা কমলা লাভ কৰা আজি দুই বছৰ হৈছে। কল্যাণ ৰাভা– ৩০ বছৰ। দুই হেজাৰ জোপাৰ এখন কমলাৰ বাগান। যোৱা বছৰৰ পৰা গছবোৰত ফল ধৰিছে। এইবছৰতো গছবোৰত ভাল ফল ধৰিছে। পকা কমলাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। কমলা বাগানৰ লগতে কল্যাণে কাজি নেমু আৰু গোল নেমুৰ বাগান এখন গঢ়ি তুলিছে।

বিশেষ মন কৰিবলগীয়া যে, অঞ্চলটোৰ খেতিয়কসকলে বাগিছাৰ কমলাবোৰ ওজনৰ পৰিৱৰ্তে গোট পদ্ধতিতহে বিক্ৰী কৰে। সেয়ে ওজন পদ্ধতিৰ সঠিক তথ্য পোৱা নাযায়, যদিও– কমলা বিক্ৰী কৰি খেতিয়কসকলে কিমান ধন উপাৰ্জন কৰিছে সেই তথ্যহে পোৱা যায়। সেই তথ্য অনুসৰি– প্ৰতিটো বৰ্ষত একোজন খেতিয়কে দহ হেজাৰৰ পৰা তিনিলাখৰো অধিক উপাৰ্জন কৰি আহিছে। আৰ্থিকভাৱে দূৰ্বল কমলা খেতিয়কসকলে বেপাৰীৰ পৰা আগধনলৈহে বাগানৰ কাম–কাজ চলাবলগীয়া হয়। আজি অঞ্চলটোত শ শ কমলা খেতিয়কৰ জন্ম হৈছে– সেয়া চৰকাৰৰ উৎসাহত নহয়, সেয়া কৃষকৰ আত্মপ্ৰচেষ্টাৰহে ফল। সংখ্যাত তাকৰ হ’লেও বহুৰ বছৰ আগৰেপৰাই গাঁওকেইখনত কমলা খেতিয়কৰ জন্ম হৈছিল। সেইবোৰ খেতিয়কৰ অনুপ্ৰেৰণাতেই আজি নতুন খেতিয়কৰ জন্ম হৈছে। বাগান সমূহ স্থাপন কৰা ভূমিকে আদিকৰি বিভিন্ন সমস্যাৰ মাজত কমলা খেতিয়কসকল সময় অতিবাহিত কৰিবলগা হৈছে। কমলা খেতিয়কসকলৰ গাঁওঁকেইখন হ’ল অসমত। প্ৰকৃততে– ঘৰকেইটা থিয় হৈ থকা বস্তিটোহে অসমৰ আৰু তেওঁলোকে কমলা বাগান স্থাপন কৰা ভূমিখিনি হ’ল মেঘালয়ৰ। দুয়ো ৰাজ্যৰ সীমা এইপৰ্যন্ত নিশ্চিত হোৱা নাই। সেয়ে সমতল ভূমি হ’লে অসমৰ আৰু পাহাৰীয়া ভূমি হ’লে মেঘালয়ৰ। ১৯৭২ চনত অসম–মেঘালয় বিভক্ত হোৱাৰ পাছৰেপৰাই এই নিয়মেৰে চলি আছে। তেনেদৰে সূদীৰ্ঘ সময় অতিক্ৰমৰ অন্তত আজি কৃষকসকলে কমলা খেতিক জীৱিকাৰ সম্বল হিচাপে গ্ৰহণ কৰিবপৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছে। অতিক্ৰম কৰা সুদীৰ্ঘ বছৰবোৰৰ ভিতৰত অচিন ৰোগত আক্ৰান্ত হৈ বহু খেতিয়কৰ কমলা বাগান ধ্বংস হৈ গৈছে। বিপৰীতে, নতুনকৈ বাগান স্থাপন কৰিছে। অচিন ৰোগত কমলা বাগান বিধ্বস্ত হৈ পৰা সত্বেও খেতিয়কসকলে খেতিবিধ বাদ দিয়া নাছিল। সম্প্ৰতি কমলা গছৰ ছালখোৱা এটি পোকে খেতিয়কসকলক বৰকৈ অনিষ্ট কৰি আছে। আক্ৰান্ত গছডালত ‘অস্তাদ’ নামৰ এবিধ কীটনাশক ঔষধ প্ৰয়োগ কৰি কিছু সফলতা লাভ কৰিছে। ঔষধ প্ৰয়োগৰ অন্তত আক্ৰান্ত গছডালে নিৰাময় লাভ কৰে সঁচা কিন্তু পোকটোৱে পুনৰ নতুন গছত আক্ৰমণ কৰে। এইক্ষেত্ৰত, অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই খেতিয়কসকলক সহায়ৰ হাত আগবঢ়োৱা নাই, যাৰ ফলত খেতিয়কসকলে নিজে নিজে চিকিৎসা চলাবলগীয়া হৈছে।

উল্লেখযোগ্যে যে, অসম চৰকাৰৰ কৃষি বিশ্ববিদ্যালয়ৰ অধীনত তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত কমলা গৱেষণা কেন্দ্ৰ এটা আছে। বৰ্তমান গৱেষণা কেন্দ্ৰটোৱে উন্নত জাতৰ পাঁচশ পঞ্চাশ বিধ কমলা পুলি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। ইমান বৃহৎ সংখ্যক কমলাৰ উন্নত জাত উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা গৱেষণা কেন্দ্ৰ আৰু ভাৰতবৰ্ষত দ্বিতীয়টো নাই। কেন্দ্ৰটোৱে উদ্ভাৱন কৰা কমলা পুলি ৰোপণৰ তিনি বছৰতে অধিক ফল লাভ কৰিব পাৰি। দেখা গৈছে– সমগ্ৰ দেশৰ ভিতৰত আমাৰ ৰাজ্যখনৰ কমলা গৱেষণাক্ষেত্ৰই আগস্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়ত আমাৰ খেতিয়কসকলে পুৰণি জাতৰ কমলা পুলিকে ৰোপণ কৰি আহিছে। যিবোৰ জাতৰ পৰা ফল লাভ কৰিবলৈ ছয় বছৰ লাগে। পশ্চিম গুৱাহাটীৰ উক্ত গাঁওকেইখনৰ খেতিয়কসকলে বাগানসমূহত কি জাতৰ কমলা ৰোপণ কৰিছে সেয়া তেওঁলোকে নাজানে। ৫০ বছৰৰ আগত তেওঁলোকৰ বাগানসমূহত থকা কমলাবোৰৰ সঁচকে ৰোপণ কৰি আহিছে। বাগানৰ ভিতৰৰ সতেজ কমলাবিধক সঁচৰ বাবে সংৰক্ষণ কৰি তাৰ গুটি পচাই পুলি উৎপাদন কৰি আহিছে। পুৰণিকলীয়া সঁচ বিধৰ পৰাই অঞ্চলটোৰ সকলোবোৰ বাগান স্থাপন কৰা হৈছে। আধুনিক বিজ্ঞানে বহুদূৰ আগুৱাই যোৱাৰ সময়তো অঞ্চলটোৰ কমলা খেতিয়কে পুৰণিকলীয়া পদ্ধতিকে আঁকোৱালি ল’ব লগা হৈছে। সেয়ে গছজোপা ৰোপণৰ পাঁচ বছৰতো ফচল আশা কৰিব নোৱাৰে। গছডাল ৰোপণৰ পাছত ফচল লাভ কৰিবলৈ খেতিয়কজনে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগে। গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা উন্নত সঁচৰ কমলা পুলি ৰোপণ কৰিব পাৰিলে খেতিয়কজনে তিনি বছৰতে উৎপাদন লাভ কৰিবলৈ সক্ষম হ’লহেতেন। কিন্তু উন্নতজাতৰ কমলা পুলিবোৰ কেন্দ্ৰটোৰ পৰা খেতিয়কৰ হাতলৈ আনিব কোনে? কিয়নো, গৱেষণা কেন্দ্ৰৰ কাম হ’ল লেবৰেটৰীত বহি উদ্ভাৱন কৰা। লেবৰেটৰীত বহি বহিয়েই তেওঁলোকে অজস্ৰ উদ্ভাৱন কৰিছে। অথচ, লেবৰেটৰীৰ পৰা খেতিয়কৰ হাতত তুলি দিয়া মানুহৰ অভাৱ। এইক্ষেত্ৰত, অসম চৰকাৰৰ কৃষি–উদ্যান শস্য বিভাগে কমলা খেতিয়কসকলক সৰ্বতোপ্ৰকাৰে সহায়–সহযোগ আগবঢ়াব লাগিছিল। কিন্তু কৃষি বিভাগত প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত কোনো কাম নিয়াৰীকৈ কৰিব নোৱাৰে আৰু উদ্যান শস্য বিভাগটো হ’ল কাগজৰ বাঘ। গতিকে দুয়োটা বিভাগৰ পৰাই খেতিয়কে সহায় নাপায়। আনহাতে, দক্ষিণ কামৰূপৰ কমলা উৎপাদন হোৱা অঞ্চলসমূহ হ’ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীন। ইয়াত স্বায়ত্তশাসিত পৰিষদৰ শাসন চলে। যিহেতু পৰিষদৰ কৃষি আৰু উদ্যান শস্যৰ নিজস্ব বিভাগ আছে। সেয়ে কমলা খেতিয়কসকলক উন্নতধৰণে প্ৰশিক্ষিত কৰি তুলিবলৈ পৰিষদখনে উদ্যোগ গ্ৰহণ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ অধীনস্থ কমলা গৱেষণা কেন্দ্ৰৰ পৰা উন্নত জাতবোৰ খেতিয়কসকলে পোনপোটীয়াকৈ লাভ কৰাৰ সৰল ব্যৱস্থা এটা স্বায়ত্তশাসিত পৰিষদখনে গ্ৰহণ কৰিব পাৰে। যি  ব্যৱস্থা প্ৰৱৰ্তনে পৰিষদীয় এলেকাটোৰ কমলা খেতিয়কসকলক নিশ্চিতভাৱে উপকৃত কৰিব। য’ত– কমলা খেতিয়কসকল অৰ্থনৈতিকভাৱে টনকিয়াল হ’ব আৰু সু–মিষ্ট কমলা উৎপাদনৰ পূৰ্বৰ গৰিমাও অটুট ৰাখিবলৈ সক্ষম হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward