Tuesday, April 16, 2024
HomeARTICLEজুৱা, মেকি আৰু গেজু

জুৱা, মেকি আৰু গেজু

প্ৰকাশিত তাৰিখঃ ২১ ডিচেম্বৰ, ২০২০

কল্প ৰঞ্জন গগৈ

প্ৰাগ ঐতিহাসিক মহাভাৰতত যি আছিল আজিৰ ভাৰতবৰ্ষত সি ‘ছহি চালামত’ Hale and Hearty আছে। ৰাজসভাত জুৱা আছিল– কৰ্ত্তৃপক্ষৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত আৰু জুৱাৰীজন সোঁশৰীৰে স্বৰ্গলৈ গৈছিল। বস্ত্ৰহৰণ হোৱা দ্ৰৌপদী প্ৰথমেই নৰক পাইছিলগৈ। দূৰ্যোধন আৰু তেওঁৰ দল যুধিষ্ঠিৰৰ দলৰ আগতেই স্বৰ্গ পাইছিলগৈ। মহাবীৰ ভীষ্মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত মুখখন চিলাই কৰি ৰখা বাবে শৰশয্যাত কষ্ট পাইছিল আৰু আচাৰ্য দ্ৰোণক মেকি– Match fixing কৰি হত্যা কৰা হৈছিল– গেজু কৰি মহাৰথী কৰ্ণক হত্যা কৰা হৈছিল।

বিকৰ্ণই প্ৰতিবাদ কৰিছিল, সহদেৱে যুদ্ধৰ পৰিণতিৰ বিষয়ে জানিও মনে মনেআছিল আৰু অপৰিণত চিন্তাৰ অভিমন্যুই পক্ষ লৈ যুৱশক্তিক কাললৈ কলুষিত কৰিছিল। বিকৰ্ণৰ প্ৰতিবাদ প্ৰকৃত যুৱশক্তিৰ প্ৰতিবাদ– কিন্তু জমিদাৰতন্ত্ৰৰ ভিতৰতহে। জমিদাৰতন্ত্ৰত সাধাৰণ মানুহক ইতঁৰ প্ৰাণী বুলি ধৰা যায়– ঠিক যেনেকৈ ইয়াণ্ডাবু সন্ধিত অসমীয়া ইতৰসকলৰ স্থান নাই ডাঙৰীয়া বদন–পূৰ্ণানন্দৰ যুঁজত ইতঁৰ অসমীয়াৰ স্থান নাই। বৰৰজা ফুলেশ্বৰীয়ে ইতঁৰ মায়ামৰা সকলক অপমান কৰিছিল কীৰ্ত্তিচন্দ্ৰ–লক্ষীসিংহই আমজনতা ৰাঘৱ–নাহৰহতক শাস্তি দিছিল। কাৰণ ৰজাৰ প্ৰজা ইতঁৰ শ্ৰেণীৰ– তেওঁলোকক খটুৱাব লাগে আৰু কৌটিল্য পণ্ডিতৰ ভেদনীতিৰ দ্বাৰা ভাগ–ভাগ কৰিব ৰাখিব লাগে।

আজি একৈশ শতিকাৰ তৃতীয় দশকত জমিদাৰতন্ত্ৰ প্ৰচণ্ড শক্তি– সেয়ে আমাৰ ইতঁৰ জনগণে ইয়াৰ বিৰুদ্ধে যুদ্ধত নামিছে। আমাৰ ইয়াত গণতন্ত্ৰৰ নামত এখন সংবিধান আছে– সংবিধানৰ মতে বহুত্ববাদী সমাজ গঢ়িবলৈ সমাজতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, সাৰ্বভৌমত্ব আছে কিন্তু মহাভাৰতৰ যুগৰ জুৱা, মেকি আৰু গেজু আছে– সেয়ে আমি ইতঁৰ সকলে বাৰে বাৰে ঠগ খাই আছো।

যোৱা সাংসদ নিৰ্বাচনৰ সময়ত ৫৫ লাখ (পচপন্ন লাখ) ভোটৰ গেজু হৈছিল– আমি গমেই নেপালো। যোৱা ১১ ডিচেম্বৰৰ সংসদত মুঠ চাৰিটা গেজুৰে বিলখন পাছ হ’ল যথা–

ক) সদনৰ তৰ্কৰ Live Telecast কিছু সময়ৰ বাবে ইচ্ছাকৃত বন্ধ।

খ) বিৰোধীৰ বক্তব্য নথিভূক্ত হোৱা নাছিল– উপযুক্তভাৱে।

গ) দম দি বিৰোধীৰ মুখবন্ধ কৰা হৈছিল।

ঘ) ৰাহুল গান্ধীৰ বক্তব্যৰ সময়ত মাইক বন্ধ।

এনে এটা পৰিস্থিতিত আমি ইতঁৰ আন্দোলনকাৰী/ সন্ত্ৰাসবাদী/ বিপ্লৱীসকলে কি কৰা উচিত? আমি নায়ক নহ’ব পাৰো কিন্তু চুইছ বেংকত টকা জমা ৰখা, দেশক ধৰ্ষণ কৰা, মিঠা মিঠাকৈ মিছা কথা কোৱা বা দেশ/ জাতি ৰক্ষা কৰাৰ দায়িত্ব লোৱা বুলি ফিতাহি মৰা খলনায়ক নহওঁ। কৃষ্টি, সংস্কৃতিৰ ৰক্ষক আমি সেয়ে আমি প্ৰটোকল– Protocol– সামাজিক নিয়ম– নাগৰিকৰ দায়বদ্ধতা– মানিহে কামকৰো –কাৰণ আমাৰ ভক্তি নাই– আছে যুক্তি– আত্মবিশ্বাস আছে বাবেই আত্মসমৰ্পন নকৰো। আমি একুৱেৰিয়ামত বন্দি আৰু চকুত ভগা ৰঙীণ কাঁচ থকা মাছ নহয়। আমি শিয়াল নহয়– প্ৰভূভক্ত কুকুৰহে– মিঠামুখীয়া কুলি নহয়– কাউৰীহে। সেয়ে আমি চিঞৰো– সাধাৰণ চিপাহী আমি।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix; Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward